হিমাংশু প্ৰসাদ দাসৰ সদ্য মুক্তি প্ৰাপ্ত নব্য ধাৰাৰ অসমীয়া ছবি “জয় হেনুমেন”ক শিৱসাগৰীয়া ৰাইজে আদৰি লৈছে।
ছবি খন মুক্তি পোৱাৰ পাছৰ প্ৰথমটো দেওবাৰে শিৱসাগৰ ভটীয়াপাৰৰ ভাস্কৰজ্যোতি ছবি গৃহত যথেষ্ট সংখ্যক দর্শকে ছবি খন উপভোগ কৰে।
এখন জনপ্ৰিয় ছবিত থাকিব লগা সকলো উপাদান সন্নিৱিষ্ট ছবি খনক উপভোগ কৰা প্ৰতিজন দৰ্শকেই ছবি খন ভাল বুলি কবলৈ সমান্যতমো সংকোচ কৰা নাই।
সাৱলীল কথন ভঙ্গীৰে সমসাময়িক সময় আৰু জীৱনৰ জটিলতাক অতি কলাত্মক ভাবে উপস্থাপন কৰা ছবি খন সকলো স্তৰৰ আৰু বয়সৰ দৰ্শকে সামগ্ৰিকভাৱে এখন ভাল ছবি বুলি ছবি খন উপভোগ কৰা দৰ্শক সকলে অভিহিত কৰিছে।
চুপাৰ হিৰ হনুমানক মুখ্য চৰিত্ৰ হিচাপে লৈ নিৰ্মাণ কৰা ছবি খনে দৰ্শকক মোহাচ্ছন্ন কৰাই নহয় ফুল পেকেজ মনোৰঞ্জনো দিবলৈও সক্ষম হৈছে।
Byte:দৰ্শক।শিৱসাগৰ।।