আজি কাতি মাহৰ শুক্লপক্ষৰ দেবোত্থানী একাদশী, এইকেইটা নিয়ম পালন কৰিলে লাভ কৰিব সুফল

আজি কাতি মাহৰ শুক্লপক্ষৰ দেবোত্থানী একাদশী, এইকেইটা নিয়ম পালন কৰিলে লাভ কৰিব সুফল

আজি দেবোত্থানী একাদশী। দেবোত্থানী একাদশী কি হয় আৰু ভগৱান বিষ্ণুক কিদৰে এই একাদশীত পূজা দিব লাগে সেই সম্পৰ্কে পৰামৰ্শ আগবঢ়াইছে জ্যোতিষী ড০ কৰবী বেজবৰুৱাই। তেওঁ উল্লেখ কৰা অনুসৰি, গোটেই বছৰটোত ২৪ টা একাদশী থাকে। কাতি মাহৰ শুক্লপক্ষৰ একাদশীক কোৱা হয় দেবোত্থানী একাদশী। দেবোত্থানী একাদশীৰ বিশেষ মাহাত্ম্য থাকে। কিয়নো কোৱা হয় যে ভগৱান বিষ্ণুৰ চতুৰ্মাশৰ যিটো তেওঁ শয়ন অৱস্থাত থাকে আৰু এই দেবোত্থানী একাদশীত তেওঁ জাগ্ৰত হয় বা সাৰ পায়। কোৱা হয় তাৰ পাছৰ পৰা ব্ৰহ্মাণ্ডৰ ভাৰসাম্য পুনৰাই তেওঁ বহন কৰিবলৈ ধৰে। আহাৰ মাহৰ শুক্লপক্ষৰ একাদশীৰ পৰা কাতি মাহৰ শুক্লপক্ষৰ একাদশীলৈকে এই চাৰি মাহ চতুৰ্মাশ বুলি কোৱা হয়। আৰু এই চতুৰ্মাশ সময়ত ভগৱান বিষ্ণু শয়ন অৱস্থাত থাকে বুলি কোৱা হয়। বহুতে কয় এইখিনি সময়ত বিষ্ণু পূজা কৰিব নালাগে। বহুতে এই সময়ত বিষ্ণু পূজা নকৰে। কিন্তু বিষ্ণুৰ শয়ন অৱস্থাত পূজা কৰিলেও সেই একেটা ফলে লাভ কৰিব পাৰি।

যদিও ১১ নৱেম্বৰৰ সন্ধিয়াৰ পৰাই দেবোত্থানী একাদশী মিলিছে। কিন্তু যদি আপুনি ভগৱান বিষ্ণুৰ পূজা কৰিব বিচাৰে তেতিয়া হ’লে ১২ নৱেম্বৰ দিনাখনহে কৰাতো বিধেয় হ’ব। ১২ নৱেম্বৰত ঘৰতে ভগৱান বিষ্ণুৰ নাম ল’ব পাৰে। ১০৮ বাৰ ‘নমো ভগৱতে বাসো দেৱাই’ জপ কৰিব পাৰে। ভগৱান বিষ্ণুৰ নামত হালধীয়া বস্ত্ৰ অৰ্পন কৰিব পাৰে, হালধীয়া ফুল, হালধীয়া ফল অৰ্পন কৰিব পাৰে। লগতে ভগৱান বিষ্ণুৰ নামত ঘি চাকি জ্বলাব পাৰে। চতুৰ্মাশত যে ভগৱান বিষ্ণু শুই থাকে তাৰো এক পৌৰাণিক কাহিনী এটা আছে। সেই কাহিনী ভগৱান বিষ্ণুৰ বামন অৱতাৰৰ লগত জড়িত। গতিকে এই একাদশীটো খুবেই বেছি মাহাত্ম্য আছে বুলি কোৱা হয়। এই একাদশীটো পালন কৰিলে মানুহৰ পাপৰ পৰা মুক্তি লাভ হয় আৰু মোক্ষ লাভ হয়। গতিকে যিসকলে একাদশী কৰে তেওঁলোকৰ বাবে এই একাদশী ব্ৰতটো যথেষ্ট মাহাত্ম্য পূৰ্ণ হ’ব।

Desk Admin