কলকাতাত ট্ৰলীবেগৰ ভিতৰত উদ্ধাৰ যোৰহাটৰ মহিলাৰ মৃতদেহ, পোহৰলৈ আহিছে চাঞ্চল্যকৰ তথ্য, ফাল্গুনীৰ ঘৰত কি হৈছিল সুমিতাৰ সৈতে?
মঙলবাৰে কলকাতাৰ মধ্যমগ্ৰামত সংঘটিত চাঞ্চল্যকৰ হত্যাকাণ্ডৰ পিছত নাটকীয়ভাৱে এটা ট্ৰলীবেগৰ ভিতৰত সুমুৱাই অনা মৃতদেহটো কুমাৰতুলি গঙ্গাঘাটৰ সমীপত উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ দেশতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। এই ঘটনাৰ প্ৰত্যক্ষ সম্পৰ্ক আছে যোৰহাটৰ সৈতে। কাৰণ হত্যাকাণ্ডৰ বলি হোৱা মহিলাগৰাকী যোৰহাটৰ হোৱাৰ লগতে মূল অভিযুক্ত হৈছে যোৰহাটৰ বোৱাৰী। কলকাতাত ট্ৰলীবেগৰ ভিতৰত মৃতদেহ উদ্ধাৰ হোৱা মহিলাগৰাকী যোৰহাট চহৰৰ এগৰাকী বিশিষ্ট ব্যৱসায়ীৰ কন্যা। যোৰহাট চহৰৰ প্ৰয়াত নিতাই ঘোষৰ কন্যা সুমিতা ঘোষৰ মৃতদেহ এটা বেগৰ ভিতৰত মঙলবাৰে কলকাতাত উদ্ধাৰ হয়। যোৰহাটৰ বাসগৃহত অকলে আছিল বহু বছৰ পূৰ্বে বিবাহ বিচ্ছেদ হোৱা নিঃসন্তান সুমিতা ঘোষ। প্ৰায় চাৰিমাহ পূৰ্বে কলকাতালৈ গৈছিল সুমিতা ঘোষ। কলকাতাত তেওঁৰ আত্মীয় থাকে। কিন্তু মঙলবাৰে টিভিত এই লোমহৰ্ষক ঘটনাৰ বাতৰি দেখি হতচকিত হৈ পৰিছে সুমিতাৰ আত্মীয়সকল।
আনহাতে, হত্যাকাণ্ডৰ মুখ্য অভিযুক্ত ফাল্গুনী ঘোষ হৈছে যোৰহাটৰ বোৱাৰী। ফাল্গুনীৰ বিয়া হৈছিল মৃত সুমিতাৰ ভতিজাকৰ সৈতে। কিন্তু ২০২২ চনৰ নৱেম্বৰত কলকাতাৰ নিজৰ ঘৰলৈ গৈ স্বামীৰ পৰিয়ালৰ যোৰহাটৰ ঘৰলৈ উভতি অহা নাছিল ফাল্গুনী। তাৰ বিপৰীতে স্বামীৰ পৰা ভৰণ-পোষণৰ দাবী কৰি আদালতৰ জাননী পঠিয়াইছিল ফাল্গুনীয়ে। তেতিয়াৰে পৰা যোৰহাটৰ স্বামীগৃহৰ সৈতে সম্পৰ্ক নাছিল ধৃত ফাল্গুনীৰ।
ভতিজা বোৱাৰী ফাল্গুনীৰ ঘৰলৈ যোৱা সুমিতাৰ সৈতে সোমবাৰে বিয়লি প্ৰায় ৪ বজাত কাজিয়াত লিপ্ত হৈছিল সুমিতা আৰু ফাল্গুনী। তেতিয়া ফাল্গুনীয়ে গতা মাৰি দিয়াত সুমিতাই এখন বেৰত মূৰত খুন্দা খাই সংজ্ঞাহীন হৈ পৰে। সোমবাৰে নিশা চেতনা ঘূৰাই পোৱা সুমিতা অধিক উগ্ৰ হৈ পৰে আৰু এইবাৰ ফাল্গুনীয়ে সুমিতাৰ নাকে-মুখে এচপৰা ইটাৰে আক্ৰমণ কৰাত তেওঁ পুনৰ সংজ্ঞাহীন হৈ পৰে আৰু পিছত মৃত্যু হয়। ইয়াৰ পিছতে মঙলবাৰে মৃতদেহটো এটা ট্ৰলীবেগত ভৰাই নদীত পেলাবলৈ মাতৃৰ সৈতে আহি থাকোতে ধৰা পৰে ফাল্গুনী আৰু তেওঁৰ মাতৃ আৰতি ঘোষ।
উল্লেখযোগ্য যে, ফাল্গুনীৰ বিৰুদ্ধে ইয়াৰ পূৰ্বে আছিল চুৰিৰ গোচৰ। তেওঁৰ পৰিয়ালৰ আত্মীয়ৰ গৃহলৈ যাওঁতে ২০২১ চনত শিলিগুৰিৰ সুভাষপল্লীৰ আত্মীয়ৰ বাসগৃহৰ পৰা সোণৰ গহণা আৰু নগদ ধন চুৰি কৰি পিছত ধৰা পৰিছিল ফাল্গুনী। এই সন্দৰ্ভত শিলিগুৰিত ফাল্গুনীৰ বিৰুদ্ধে গোচৰো ৰুজু হৈছিল। ইয়াৰ পিছত যোৰহাটৰ স্বামীগৃহত পৰিয়াল এৰি থৈ ২০২২ চনৰ নৱেম্বৰত কৌশলেৰে কলকাতাৰ নিজৰ ঘৰলৈ গুচি গৈছিল ফাল্গুনী। কলকাতাৰ ঘৰত মাতৃৰ সৈতে অকলে বসবাস কৰা ফাল্গুনী এইবাৰ পুনৰ গ্ৰেপ্তাৰ হ’ল এক অতি লোমহৰ্ষক হত্যাকাণ্ডৰ গোচৰত। কিন্তু সুমিতাৰ সৈতে ফাল্গুনীৰ কি শত্ৰুতা আছিল তথা কিয় তেওঁলোকৰ ঘৰত সুমিতা কাজিয়াত লিপ্ত হৈছিল সেয়া আৰক্ষীৰ তদন্তৰ পিছত স্পষ্ট হ’ব।