জুবিনৰ অন্তিম যাত্ৰাত অনন্য ভূমিকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

জুবিনৰ অন্তিম যাত্ৰাত অনন্য ভূমিকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ


🔹সামাজিক মাধ্যমত প্ৰশংসাৰে উপচাই দিলে মুখ্যমন্ত্ৰীক
🔹অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

অসমৰ সৰ্বকালৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী হিচাপে ইতিহাসত নিজৰ নাম লিপিবদ্ধ কৰিছে ড০ হিমন্ত বিশ্ব শৰ্মাই৷ অসমবাসীয়ে আজি বিনা দ্বিধাই স্বীকাৰ কৰিছে এই কথা। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ভাতৃত্বসুলভ দায়িত্ববোধে সকলোৰে হৃদয় স্পৰ্শ কৰিছে। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মহাপ্ৰয়াণৰ দিনৰ পৰাই মুখ্যমন্ত্ৰীৰ তৎপৰতা আৰু সংবেদনশীল ভূমিকাই অসমবাসীৰ দৃষ্টি আকৰ্ষণ কৰিছে৷ অসমবাসীয়ে এই কথা মনে-প্ৰাণে বিশ্বাস কৰে যে জাতিৰ যিকোনো দুৰ্যোগ, যিকোনো বিপদত সীমাহীন আশাৰে যিখন মুখলৈ চাব পাৰি, সেইখনেই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ স্থিতপ্ৰজ্ঞ মুখখন৷ কিছু বছৰ পূৰ্বৰ ক’ভিডৰ সময় হওক, অসমৰ বান পৰিস্থিতি অথবা মাত্ৰ তিনিদিন পূৰ্বে মহাপ্ৰয়াণ ঘটা জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াক লৈ হোৱা বিষয়টিয়েই হওক, সকলোৱে নিশ্চিতকৈ কৃতজ্ঞতা জনাব লাগিব নতুন অসমৰ খনিকৰ ড০ হিমন্ত বিশ্ব শৰ্মাক৷ যোৱা ১৯ ছেপ্টেম্বৰত বি টি আৰত নিৰ্বাচনী প্ৰচাৰ সভা আধাতে সামৰি লগে লগেই গুৱাহাটীলৈ উভতি অহাৰ পাছৰে পৰা আজি ২৩ ছেপ্টেম্বৰৰ শেষকৃত্য সমাপনলৈকে মুখ্যমন্ত্ৰীৰ যি তড়িৎ যাত্ৰা, সেয়া সকলোৱে দেখিছে৷ মৰমৰ শিল্পীগৰাকীৰ প্ৰতিটো খবৰ তেওঁ সামাজিক মাধ্যমযোগে দিন-ৰাতি একাকাৰ কৰি সকলোকে দি থাকিল৷ সংবাদ মাধ্যমক প্ৰতিটো সিদ্ধান্ত অৱগত কৰোৱাৰ বাবে এইকেইটা দিনত বহুকেইখন সংবাদ মেলৰ আয়োজন মুখ্যমন্ত্ৰীগৰাকীয়ে কৰি গ’ল৷ দিল্লীলৈ নশ্বৰ দেহ আনিবলৈ যোৱা, বিদেশ ৰাষ্ট্ৰ ছিংগাপুৰৰ সৈতে সঘন যোগাযোগ ৰখা, সকলোৰে আৱেগ অনুভূতিক সন্মান জনাই ৰাইজৰ কথামতেই দুৰন্ত মুখ্যমন্ত্ৰীজনে কৰি গ’ল এটাৰ পাছত আন এটাকৈ নিখুঁত কাম৷ কেবিনেট মিটিঙৰ সিদ্ধান্ত, জুবিন গাৰ্গৰ পৰিয়ালৰ লগত সঘন যোগাযোগ আৰু তেখেতসকলৰ আগ্ৰহক সন্মান আদিয়ে মন মুহিলে সকলো অসমীয়াৰ৷ না দিন, না ৰাতি তেখেতে প্ৰতিটো ঘণ্টা জুবিন গাৰ্গলৈ উচৰ্গা কৰিলে৷ সহজ নাছিল ১০-১৫ লাখ লোকক একেলকে ‘কণ্ট্ৰ’ল’ কৰাটো৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সেই কাম নিয়াৰিকৈ কৰিলে৷ কোনো ভি আই পি কালচাৰ নাৰাখিলে তেখেতে৷ নিজে সৰুসজাইত নিশা তিনি বজাত পুষ্পমাল্যৰে শ্ৰদ্ধা জনালে প্ৰাণৰ শিল্পীগৰাকীক৷ সেই দৃশ্যই প্ৰমাণ কৰিছিল, এখন ৰাজ্যৰ শীৰ্ষ নেতাও যে প্ৰথমতে এজন মানুহ, এজন দাদা তাৰ পিছতহে মুখ্যমন্ত্ৰী। সামাজিক মাধ্যমত জনতাৰ আৱেগক সন্মান জনাই মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দায়িত্ব CIDক দায়িত্ব অৰ্পণ কৰাটো, মৰণোত্তৰ পৰীক্ষা পুনৰ ঘোষণা কৰা আৰু দোষীৰ বিৰুদ্ধে কঠোৰ পদক্ষেপৰ প্ৰতিশ্ৰুতি দিয়া ঘটনাই অসমবাসীৰ মাজত এক নতুন আশাৰ সঞ্চাৰ কৰিছে৷ অসমবাসীয়ে আজি একমুখে স্বীকাৰ কৰিছে— জুবিন গাৰ্গে আজি আমাক শাৰীৰিকভাৱে এৰি গ’ল হয়, কিন্তু তেওঁৰ অন্তিম যাত্ৰাত মুখ্যমন্ত্ৰীয়ে দেখুওৱা ভাতৃত্বসুলভ দায়িত্ব আৰু মানৱীয়তা অসমৰ ইতিহাসত দীঘলীয়া সময়লৈ সোণালী আখৰেৰে লিখা হৈ ৰ’ব৷ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্মদক্ষতাক সামাজিক মাধ্যমত ধন্যবাদ দিলে বিভিন্নজনে৷ ছায়ান্তন শইকীয়াই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই লিখিছে- ‘কাহানিও একো কথাতে মানুহজনক ধন্যবাদ দি পোৱা নাই। আজি অন্তৰৰ পৰা ধন্যবাদ দিবলৈ মন গৈছে বিগত চাৰি-পাঁচদিনৰ সকলো কথাৰ বাবে। ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা। আপুনি কুশলে থাকক৷’ দীপ ৰঞ্জন কাকতিয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই লিখিছে যে বিগত দিনকেইটাত জ্যেষ্ঠ ভাতৃৰ দৰে আপুনি সকলোখিনি কৰিলে৷ ভগৱানে আপোনাৰ মংগল কৰক৷ আপুনি যিখিনি কৰিলে অসমীয়া সমাজে আপোনাক কেতিয়াও নাপাহৰে৷ জিনামণি ফুকন সন্দিকৈ নামৰ আন এগৰাকীয়ে মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই লিখিছে যে
অসমীয়াৰ স্বাভিমান জুবিন গাৰ্গ আজি পঞ্চভূতত বিলীন হৈ গ’ল। এৰি থৈ গ’ল কোটি কোটি জুবিনমুগ্ধ অনুৰাগী। ছিংগাপুৰত জুবিনে শেষ নিশ্বাস ত্যাগ কৰাৰ দিনটোৰ পৰা আজিৰ অন্তিম সৎকাৰৰ সময়লৈকে সমগ্ৰ অসমে প্ৰায় অনাহাৰে অনিদ্ৰাৰে পাৰ কৰিলে। জুবিন গাৰ্গৰ নশ্বৰ দেহ ওপজা মাটিলৈ অনাৰ পৰা শেষকৃত্য সম্পন্ন কৰা লৈকে প্ৰতিটো স্তৰতে, প্ৰতিটো খোজতে অসমৰ সুদক্ষ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসামৰিক প্ৰশাসন, আৰক্ষী প্ৰশাসনৰ লগতে লক্ষ লক্ষ অনুৰাগীয়ে সহযোগিতা আগবঢ়ালে। আৰু আমি জুবিন গাৰ্গৰ এই মহাকাব্যিক যাত্ৰাৰ সাক্ষী হৈ ৰ’লো। ধন্যবাদ মুখ্যমন্ত্ৰী মহোদয়। জ্যেষ্ঠ সাংবাদিক শিবাণু বৰাই লিখিছে, ‘মুখ্যমন্ত্ৰীৰ সৈতে আদৰ্শগত বিৰোধ থকাসকলেও আজি মুখ্যমন্ত্ৰীয়ে জুবিন গাৰ্গৰ নশ্বৰ দেহ অনাৰ পৰা আৰম্ভ কৰি আজি শেষকৃত্যৰ অনুষ্ঠানলৈকে যি নিদৰ্শন দাঙি ধৰিলে তাৰ শলাগ লৈছে। এতিয়া জুবিনৰ মৃত্যুৰ বাবে যিসকল দায়ী তেওঁলোকৰ বিৰুদ্ধে আজিৰে পৰা কঠোৰ পদক্ষেপ লোৱালৈ অপেক্ষা কৰিছছ সকলোৱে।’ আনহাতে, অভিভাৱকৰ দায়িত্ব সফলতাৰে পালন কৰা বাবে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে নৃপেন কুমাৰ ভাগৱতীয়ে৷ চন্দন কলিতাই লিখিছে, এগৰাকী মুখ্যমন্ত্ৰী হিচাপে আপুনি আমাৰ হিয়াৰ আমঠু প্রিয় শিল্পী গৰাকীৰ বাবে যিখিনি কাম কৰিলে সেইখিনিৰ বাবে কৃতজ্ঞতাৰ বাহিৰে আমিনো আৰু কি দিম। প্ৰতিজন অসমীয়াৰ হৃদয়ে কান্দি থকা সময়ত আপুনি ৰাজনীতিৰ ঊৰ্ধত গৈ জুবিন গাৰ্গৰ অন্তিম সময়খিনিত লোৱা সকলো প্ৰচেষ্টাৰ বাবে অসমবাসীৰ এজন হিচাপে আপোনাক কৃতজ্ঞতা জনাইছো৷ মুখ্যমন্ত্ৰীৰ বলিষ্ঠ পদক্ষেপক প্ৰশংসা কৰি ভাৰ্গৱ দুৱৰাই সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰিছে৷ তেওঁ লিখিছে, ‘বৰ্তমানলৈকে ৫টা কামৰ বাবে জুবিন অনুৰাগী হিচাপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক অশেষ ধন্যবাদ। ১. আঁঠুকাঢ়ি মৰমৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ বাবে।(ইতিহাসৰ পাতত এগৰাকী মুখ্যমন্ত্ৰীৰ আঁঠুকঢ়া দৃশ্যবোৰ দুৰ্লভ)। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ দুচকু সেমেকি উঠিছিল সেই মুহূৰ্তত। এয়া নিঃস্বাৰ্থ ভালপোৱা জুবিন গাৰ্গলৈ।
২. ককায়েকৰ দৰে হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্ব পালন। যি সময়ত আপুনি-মই জুবিন দাৰ মৃত্যুৰ খবৰ পাই কান্দি আছিলোঁ সেই সময়ত চকুপানী একাষৰীয়া কৰি নিৰ্বাচনৰ প্ৰচাৰ আধাতে সামৰি দিছপুৰলৈ গুচি আহিছিল মুখ্যমন্ত্ৰীগৰাকী। তাৰ পিছত সকলোবোৰ কাম ককায়েকৰ দৰে পালন। জুবিন গাৰ্গক আনিবলৈ ছিংগাপুৰ কৰ্তৃপক্ষৰ সৈতে সঘন যোগাযোগ, ৰাইজে বিচৰা ধৰণে ছিংগাপুৰত মৰণোত্তৰ পৰীক্ষা তাৰপিছত নিজে পৱিত্ৰ মাৰ্ঘেৰিটাক লগত লৈ গুচি গৈছিল দিল্লীলৈ। দিল্লী যোৱাৰ পূৰ্বে সংবাদমেল, তাৰপিছত সৰুসজাইৰ কামৰ বুজ লৈ দিল্লীলৈ গুচি গৈছিল। দিল্লীত গৈ অমিত শ্বাহৰ সৈতে বৈঠক, ঘণ্টা ঘণ্টা জুবিনৰ বিমান অহালৈ অপেক্ষা, বিমান অহাৰ পিছত কফিন চমজি লৈ শ্ৰদ্ধাঞ্জলি যাঁচি নিজেই এম্বুলেন্সত উঠাই দিয়ালৈকে দায়িত্ব পালন হিমন্ত বিশ্ব শৰ্মাৰ। এখন ঘৰত ভায়েকৰ কিবা এটা হ’লে ককায়েকৰ যিমানখিনি দায়িত্ব থাকে সেই দায়িত্ব পালন কৰিছিল হিমন্ত বিশ্ব শৰ্মাই।
৩. শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ লগতে জুবিনৰ শেষকৃত্য ক’ত কৰা হ’ব সেয়া সকলো নিজেই তদাৰক কৰি দায়িত্ব পালন।
৪. সামাজিক মাধ্যমত ৰাইজৰ চৰ্চালৈকে চকু ৰাখিছিল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ৰাইজৰ দাবী আছিল জুবিন গাৰ্গৰ মৃত্যুৰ তদন্ত হ’ব লাগে। তাৰপিছতে জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ দায়িত্ব CID ক অৰ্পণ। প্ৰতিশ্ৰুতি দিলে নিৰপেক্ষ তদন্ত হ’ব। ৰাইজে যাৰ যাৰ বিৰুদ্ধে অভিযোগ আনিছে তেওঁলোকক জেৰা চলোৱা হ’ব। কথা মতেই কাম আৰম্ভ CIDৰ। যিসকলে এজাহাৰ দিছে তেওঁলোকৰ ভাষ্য গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰিছে CIDয়ে। (কিন্তু এইখিনিতে আমাৰ লগতে ৰাইজৰ দাবী এই তদন্ত CBI বা ইণ্টাৰপ’লে কৰক)৷
৫. ৰাইজে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা পুনৰ হোৱাটো বিচাৰিছিল। সামাজিক মাধ্যমত ঢৌ উঠিছিল এই দাবীৰ। ইতিমধ্যেই কৈছোঁ সামাজিক মাধ্যমত তীক্ষ্ণ চকু মুখ্যমন্ত্ৰীৰ। সামাজিক মাধ্যমত উঠা এই দাবীৰ পিছতে জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা পুনৰ কৰা হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
সকলোতে ৰাজনীতি নহয় কথাবোৰ আলোচনা হ’ব লাগে। এতিয়া কেৱল বিচাৰোঁ মৰমৰ জুবিন দাই অন্ততঃ ন্যায় পাওক। অসুস্থ জুবিন গাৰ্গক যিয়ে ছিংগাপুৰলৈ নি আলৈ-আথনি কৰিলে সেইসকলক যাতে কঠোৰ শাস্তি দিয়ে।’
ইপিনে, আছাম পাব্লিক ৱাৰ্কছৰ অভিজিৎ শৰ্মাই মুখ্যমন্ত্ৰীক ধন্যবাদ জনাই লিখিছে যে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অন্তিম সময়খিনিত লোৱা সকলো প্ৰচেষ্টাৰ বাবে অসমবাসীৰ এজন হিচাপে আপোনাক কৃতজ্ঞতা জনাইছো৷
প্ৰতিজন অসমীয়াৰ হৃদয়ে কান্দি থকা সময়ত আপুনি ৰাজনীতিৰ ঊৰ্ধত গৈ জুবিন গাৰ্গৰ ক্ষেত্ৰত লোৱা প্ৰতিটো প্ৰচেষ্টা সচাকৈয়ে শলাগ ল’বলগীয়া৷


এগৰাকী মুখ্যমন্ত্ৰী হিচাপে আপুনি যিখিনি কাম কৰিলে সেইখিনিৰ বাবে কৃতজ্ঞতাৰ বাহিৰে আমিনো আৰু কি দিম
(মাত্ৰ শ্যামকানু মহন্ত আৰু আন অভিযুক্ত সকলক নেৰিব আৰু প্ৰকৃত সত্য পোহৰলৈ আনিহে ক্ষান্ত হ’ব)৷ একেদৰে ছফিকুল মুন ৰহমান, বিতুপন মজুমদাৰ, অঞ্জনাভ বি ভূঞা, প্ৰাঞ্জল কুমাৰ নাথ, সুৰভি কলিতা, কুশদীপ হাতীমতা, মৃদুল সন্দিকৈ, পৰাশৰ কলিতা, দেৰাজ উদ্দিন আহমেদ, সাংবাদিক অনুপম চক্ৰৱৰ্তী, অভিনেতা সিদ্ধাৰ্থ শৰ্মা, অৱন্তিকা গায়েত্ৰী বৰুৱা আদিৰ লগতে শুৱালকুছি যুৱ শক্তি আদিয়েও সামাজিক মাধ্যমত মুখ্যমন্ত্ৰীৰ কৰ্মতৎপৰতাক প্ৰশংসা কৰি ধন্যবাদ জ্ঞাপন কৰে৷ আনহাতে, উৎপল শিৱমে মুখ্যমন্ত্ৰীৰ কৰ্মতৎপৰতাক লৈ এটা আৱেগিক লেখা সামাজিক মাধ্যমত প্ৰকাশ কৰিছে৷ তেওঁ লিখিছে এ‌ই লেখা কোনো ৰাজনৈতিক লেখা নহয়, এক অন্যতম অনুভৱে বুকুখন জোকাৰি আছে বাবে নিলিখি নোৱাৰিলোঁ। এই ব্যক্তিজনৰ জুবিন দা মহাপ্ৰয়াণৰ দিনৰ পৰাই শোকত কিদৰে ভাঙি পৰিছে, ঘনে ঘনে তেখেতৰ ছ’চিয়েল মেডিয়াৰ পেজত দি থকা আবেগিক প’ষ্টবোৰে, দিল্লী বিমানবন্দৰত “মায়াবিনী….” ৰে জুবিনদাক দেশৰ মাটিলৈ আদৰি আনোঁতে চেপি ধৰা চকুপানীৰ বাবে ৰঙা হৈ পৰা মুখখনে, নিজহাতে জুবিনদাৰ কফিনটো ধৰি বৰ‌ঝাৰ বিমান বন্দৰলৈ পঠোৱাৰ সময়ৰ আবেগখিনি, মুখৰ অভিব্যক্তিয়ে বুজাই দিছিল ভিতৰি ভিতৰি ভাঙি যোৱা তেখেতৰ হৃদয়খন…!! এজন মুখ্যমন্ত্ৰী হিচাপে যদিও নিৰ্বিকাৰ ভাৱে কামবোৰ কৰি গৈছে কিন্তু এজন মন্ত্ৰী হোৱাৰ লগতে তেখেত এগৰাকী মানুহ! সেই মানুহজন ভিতৰি বৰকৈ ভাঙি গৈছে!! বহু মহীৰূহ অসমৰ পৰা নোহোৱা হৈ গ’ল কিন্তু জুবিন দাৰ নশ্বৰ দেহাৰ লগত এনেকৈ মাটিয়ে বালিয়ে চুচৰি ফুৰা এজন মুখ্যমন্ত্ৰী আগতে দেখা নাই। হয়তো জুবিনদাৰ লগত তেখেতৰ যি ভাতৃত্বসুলভ সম্পৰ্ক, তেখেতৰ ভাষ্যত “জুবিনিয়ান” তেখেতো!!! সেয়ে আমাৰ দৰেই ভাঙি গৈছে তেখেত, হয়তো বেছি বিষ অনুভৱ কৰিছে তেওঁৰ কাৰ্যকালত নিজৰ সৰু ভায়েকৰ নশ্বৰদেহ এইদৰে আদৰিব লগা হোৱাৰ বাবে।
জুবিনদা সঁচাই ভাগ্যবান ব্যক্তি, যি মহাপ্ৰয়াণৰ পৰতো পালে লক্ষ মানুহৰ বুকুৰ উম অভিলেখ গঢ়া অন্তিম যাত্ৰা৷ এনে ঈৰ্ষণীয় মহাপ্ৰয়াণ বহু শ যুগৰ ভিতৰত দুই এজনেহে পাব পাৰে। তাতোকৈ সৌভাগ্যৱান তেখেত এইবাবেই যে তেখেতৰ নশ্বৰদেহে উপযুক্ত সন্মান পাব পৰাকৈ সেই সময়তহে তেখেতৰ মহাপ্ৰয়াণ হ’ল, যি পৰত তেখেতৰ জ্যেষ্ঠ ভাতৃ অসমৰ মুখ্যমন্ত্ৰী। নিশ্চিতভাৱে দাদাৰ বিদায়ে আজীৱন কন্দুৱাব আমাক, কিন্তু তেখেতে যিদৰে উন্মুক্ত জীৱন হাজাৰ সন্মান আৰু আৱেগৰ মাজত পাৰ কৰিলে, তেন পৰিবেশতেই বিদায়ো মাগিলে। হয়তো যদি এই সময়ত অসমৰ গৃহস্থ বেলেগ এজন থাকিল হয়, এনে ধৰণৰ পৰিবেশ বা এনেদৰে মাটিয়ে বালিয়ে চুচৰি ফুৰা দৃশ্য হয়তো দেখিলোঁহেঁতেন নে নাই, সেয়া খাটাং নহয়। যুৱ সাংবাদিক নেত্ৰজিৎ বৰাই লিখিছে ‘মুখ্যমন্ত্ৰী মহোদয়, এজন সংবাদ কৰ্মী হিচাপে দেখি আহিছো জুবিনৰ এই শেষ যাত্ৰাত আপুনি যিখিনি কৰিলে তাৰ বাবে অশেষ ধন্যবাদ। এজন জুবিন অনুৰাগী হৈ জুবিনৰ শেষযাত্ৰাত আপুনি কৰা কষ্ট আৰু ত্যাগখিনিয়ে অসম আৰু অসমীয়াৰ হৃদয় চুই গৈছে। এই সময়ত কোনো ৰাজনীতি নেদেখিলো, কোনো বিসংগতি নেদেখিলো। দেখিলো হাজাৰ জনৰ দৰে আপোনাৰো জুবিনৰ প্ৰতি ভালপোৱা। জনতাৰ প্ৰতিটো দাবীৰ প্ৰতি সন্মান। কোনো মুখ্যমন্ত্ৰীয়ে এনেকৈ কিবা কৰিব পাৰিব বুলি মনে নকয়। আপুনি ভালে থাকক, এনেদৰে থাকক, অসমৰ বাবে আপুনি অনন্য। আপোনাৰ এই কামবোৰ অসমীয়াই নাপাহৰে। সদায় মাত্ৰ এনেদৰে থাকক, জুবিন গাৰ্গৰ তদন্ত সঠিক হওক জুবিন গাৰ্গে ন্যায় পাওক, দোষীয়ে শাস্তি পাওক। সেয়াও আপুনি কৰিব বুলি আমি আশাবাদী।

GTM Desk