জুবিন গাৰ্গৰ মৃত‍্যুৰ ক্ষীপ্ৰ তদন্তৰ দাবীত দক্ষিণ কুমাৰীকাটা আঞ্চলিক মহিলা মঞ্চৰ অৱস্থান বিক্ষোভ

জুবিন গাৰ্গৰ মৃত‍্যুৰ ক্ষীপ্ৰ তদন্তৰ দাবীত দক্ষিণ কুমাৰীকাটা আঞ্চলিক মহিলা মঞ্চৰ অৱস্থান বিক্ষোভ

গুৱাহাটী, ১৯ অক্টোবৰ: আজি অসমবাসীৰ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গৰ এমহীয়া পূণ্য তিথি উপলক্ষে দক্ষিণ কুমাৰীকাটা আঞ্চলিক মহিলা মঞ্চৰ উদ্যোগত এক অৱস্থান বিক্ষোভ কাৰ্যসূচী পালন কৰা হয়। মহিলা মঞ্চৰ সদস্যসকলে জুবিন গাৰ্গৰ মৃত‍্যুৰ ক্ষীপ্ৰ তদন্তৰ দাবী জনাই তামুলপুৰ জিলা আয়ুক্তৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে। সন্ধিয়াৰ সময়ত সমূহীয়াভাৱে বন্তি প্ৰজ্বলন কৰি শিল্পীগৰাকীৰ পূণ্যাত্মাৰ চিৰশান্তিৰ বাবে প্ৰাৰ্থনা কৰা হয়। অনুষ্ঠানৰ অন্তত ‘মায়াবিনী’ গীত পৰিবেশনেৰে কাৰ্যসূচীৰ সমাপ্তি ঘটে।

Shahnawaz Hamza