পৌৰ পৰিষদৰ ৬৬৪গৰাকী কৰ্মচাৰীক নিযুক্তি-পত্ৰ প্ৰদান অসম চৰকাৰৰ

পৌৰ পৰিষদৰ ৬৬৪গৰাকী কৰ্মচাৰীক নিযুক্তি-পত্ৰ প্ৰদান অসম চৰকাৰৰ

আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত পৌৰ পৰিষদৰ ৬৬৪গৰাকী কৰ্মচাৰীক নিযুক্তি-পত্ৰ প্ৰদানৰ লগতে নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ ৮গৰাকী সহকাৰী সঞ্চালকক নিযুক্তি দিয়ে।

 

আজিৰ ৬৭২গৰাকী কৰ্মচাৰীৰ নিযুক্তিৰ জৰিয়তে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ কাৰ্যকালত মুঠ ১,৪১,৯৮৬গৰাকী যুৱক-যুৱকীক নিযুক্তি দিয়া হয়। স্বচ্ছ আৰু মেধাৰ ভিত্তিত প্ৰদান কৰা আজিৰ নিযুক্তিয়ে ৰাজ্যৰ নগৰ আৰু গাঁৱৰ প্ৰশাসনীয় ব্যৱস্থা শক্তিশালীকৰণেৰে জনসেৱামূলক কাম-কাজ অধিক সুচাৰুৰূপে সম্পন্ন কৰাত সহায় কৰিব বুলি ৰাজ্য চৰকাৰে আশা প্ৰকাশ কৰে। নতুনকৈ নিযুক্তসকলক বিভিন্ন পৌৰ পৰিষদ আৰু নগৰ আৰু গাঁও পৰিকল্পনা বিভাগৰ প্ৰশাসনীয়, প্ৰযুক্তিগত আৰু ক্ষেত্ৰীয় সেৱাত নিযুক্ত কৰা হ’ব।

 

ৰাজ্য চৰকাৰে উল্লেখ কৰে যে নীতিগতভাৱে প্ৰদান কৰা এই নিযুক্তিসমূহে চৰকাৰৰ ১ লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ সাফল্যৰ লগতে ২ লাখ নিযুক্তিৰ লক্ষ্য পূৰণৰ আকাংক্ষাক দৃঢ় কৰিছে।

Desk Editor