কাজিৰঙাত ৰাঙলী আইদেউ সোঁৱৰণী; সদৌ অসম ভিত্তিত সম্পূৰ্ণ জাতীয় সাজপাৰ প্ৰতিযোগিতা
কাজিৰঙাত ৰাঙলী আইদেউ
সোঁৱৰণী; সদৌ অসম ভিত্তিত সম্পূৰ্ণ জাতীয় সাজপাৰ প্ৰতিযোগিতা
গুৱাহাটী, ১০ ডিচেম্বৰ : অগ্ৰণী স্বেচ্ছাসেৱী অনুষ্ঠান “ৰাঙলী আইদেউ তাই সাংস্কৃতিক চৰ্চা আৰু বিকাশ কেন্দ্ৰ”ৰ উদ্যোগত আৰু সদৌ অসম আত্মসমৰ্পণকাৰী আলফা সমিতিৰ সহযোগিতাত দ্বিতীয় বাৰ্ষিক সদৌ অসম ভিত্তিত সম্পূৰ্ণ জাতীয় সাজপাৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি তাই সাংস্কৃতিক চৰ্চা আৰু বিকাশ কেন্দ্ৰৰ সভাপতি বীৰেণ গগৈ, সাধাৰণ সম্পাদক লোহিত গগৈ আৰু আত্মসমৰ্পণকাৰী আলফা সমিতিৰ সভাপতি ৰাজ কুমাৰ দুৱৰা, যুটীয়া সম্পাদক বিপুল বৰুৱা, ৰাজীৱ শইকীয়াই জানিব দিছে । অহা বৰ্ষৰ ৩১ জানুৱাৰীত বিশ্ব প্ৰসিদ্ধ গোলাঘাট জিলাৰ কাজিৰঙাত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতা। প্ৰতিযোগিতাত স্থান প্ৰাপ্তক মানপত্ৰ, ট্ৰফিৰ লগতে সৰ্বমুঠ এক লাখ টকা প্ৰদান কৰা হ’ব। তাই সাংস্কৃতিক চৰ্চা আৰু বিকাশ কেন্দ্ৰৰ সাধাৰণ সম্পাদক লোহিত গগৈয়ে সংবাদ মাধ্যমৰ আগত জনোৱা মতে, অহা বৰ্ষৰ ১৫ জানুৱাৰীৰ পৰা ১৫ দিনীয়াকৈ কাজিৰঙাতে জাতীয় সাজপাৰৰ এখনি উন্নত মানৰ প্ৰশিক্ষণ শিবিৰৰো আয়োজন কৰা হৈছে । ইয়াৰ সবিশেষ লগতে প্ৰতিযোগিতাৰ বিষয়ে বিষদভাৱে জানিবৰ বাবে ৭৮৯৬৬-০৬২৭২ নম্বৰত যোগাযোগ কৰিব পাৰে। ৰাঙলী বাইদেউ ওপৰ দৈয়ঙ্গীয়া ৰাজখোৱা মিৰি সন্দিকৈ ফৈদৰ হৰিজয়ৰ পুত্ৰ আহোম ৰাজত্বৰ দ্বিতীয় গৰাকী মহাবীৰ কলীয়া ভোমোৰা বৰফুকন ওৰফে প্ৰতাপ বল্লভ সন্দিকৈ ফুকন আছিল আহোম স্বৰ্গদেউ কমলেশ্বৰ সিংহৰ ৰাজত্ব কালৰ বৰফুকন । ১৭৯৬ খ্ৰীষ্টাব্দত হিন্দুস্তানী চিপাহীৰ বাহিনী লৈ তেখেতে হৰদত্ত আৰু বীৰদত্তৰ নেতৃত্বত হোৱা ডুমডুমীয়া বা দুন্দীয়া দ্ৰোহৰ অৱসান ঘটাই লাভ কৰিছিল প্ৰতাপ বল্লভ উপাধি। ৰাঙলী বাইদেউ কলীয়া ভোমোৰা বৰফুকনৰ ভনী । ইতিমধ্যে চৰকাৰে শোণিতপুৰ জিলাৰ তেজপুৰত লুইতৰ ওপৰত থকা সেতুখন আহোম ৰাজত্ব কালৰ ৰজা “কলীয়া ভোমোৰা”ৰ নামেৰে নামাংকিত কৰিছে।
#arindom_panging
#assam_lutad