সৃজনগ্ৰামত অগপৰ প্ৰাৰ্থিত্বৰ দৌৰত ছাহিদুল হক

সৃজনগ্ৰামত অগপৰ প্ৰাৰ্থিত্বৰ দৌৰত ছাহিদুল হক

যোগদান কাৰ্যসূচী, বুথ সভাৰে নিৰ্বাচনী কুচকাৱাজ

সমষ্টি পুনৰ্নিৰ্ধাৰণৰ ফলত আগন্তুক বিধানসভা নিৰ্বাচনত আঞ্চলিক দল অসম গণ পৰিষদৰ বাবে বহুকেইটা সমষ্টি সুবিধাজনক হিচাপে বিবেচিত হৈছে। তেনে এটা সমষ্টি হ’ল বঙাইগাঁও জিলাৰ সৃজনগ্ৰাম বিধানসভা সমষ্টি। পূৰ্বৰ অভয়াপুৰী উত্তৰ আৰু দক্ষিণ সমষ্টিৰ মূলতঃ সংখ্যালঘু প্ৰধান অঞ্চলসমূহ অন্তৰ্ভুক্ত কৰি নতুনকৈ সৃজনগ্ৰাম বিধানসভা সমষ্টি গঠন কৰা হৈছে। আগন্তুক বিধানসভা নিৰ্বাচনত এই সমষ্টিটোত সুযোগ হেৰুৱাব খোজা নাই অসম গণ পৰিষদ দলে। সমষ্টিটোত সাংগঠনিক স্থিতি সবল কৰাৰ বাবে চুকে-কোণে সভা-সমিতি অনুষ্ঠিত কৰি আহিছে দলটোৱে। এই ক্ষেত্ৰত যুৱ নেতা ছাহিদুল হকে বিশেষ ভূমিকা গ্ৰহণ কৰিছে।

জানিব পৰামতে গৰিষ্ঠসংখ্যক সংখ্যালঘু ভোটাৰ থকা সমষ্টিটোৰ পৰা অগপ দলৰ হৈ প্ৰাৰ্থিত্ব বিচাৰিছে সংখ্যালঘু সম্প্ৰদায়ৰ যুৱক ছাহিদুল হকে। বিগত দিনসমূহত দলটোৰ হৈ সৃজনগ্ৰাম সমষ্টিত বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰি আহিছে ছাহিদুল হকে। বুথ পৰ্যায়ত দলৰ স্থিতি শক্তিশালী কৰাৰ বাবে বুথ সমিতিসমূহ গঠন কৰাত আগভাগ লৈছে হকে। তদুপৰি তেওঁৰ নেতৃত্বতে কেইবাখনো যোগদান সভাও অনুষ্ঠিত হৈছে। বিগত ৭ ডিচেম্বৰত ছাহিদুল হকৰ নেতৃত্বত আমবাৰী অঞ্চলত ১২২গৰাকী কংগ্ৰেছ আৰু এআইইউডিএফ কৰ্মীয়ে দল ত্যাগ কৰি অগপত যোগদান কৰে। পূৰ্বতেও যুৱ নেতাগৰাকীয়ে এনেধৰণৰ কেইবাটাও যোগদান কাৰ্যসূচী গ্ৰহণ কৰিছিল।

ছাহিদুলৰ ৰাজনৈতিক সক্ৰিয়তা প্ৰত্যক্ষ কৰি আগন্তুক নিৰ্বাচনত তেওঁ অসম গণ পৰিষদ দলৰ প্ৰাৰ্থী হোৱাৰ সম্ভাৱনা আছে বুলি ৰাইজৰ মাজত চৰ্চা চলিছে। এই সন্দৰ্ভত নেতাগৰাকীৰ সৈতে যোগাযোগ কৰাত তেওঁ পোনছাটেই স্বীকাৰ নকৰিলেও দলে যি দায়িত্ব দিয়ে সেয়া পালন কৰি যাব বুলি প্ৰকাশ কৰে।

এই প্ৰতিবেদকৰ সৈতে হোৱা এক বাৰ্তালাপত হকে জনায়—অগপ দলৰ এগৰাকী সাধাৰণ কৰ্মী হিচাপে সৃজনগ্ৰাম সমষ্টিৰ ৰাইজৰ বাবে যিমান পাৰোঁ কাম কৰি গৈছোঁ। আগন্তুক সময়ত দলৰ নেতৃত্বই আমাক যি দায়িত্ব দিয়ে সেয়া নিষ্ঠাৰে পালন কৰি যাম।

উল্লেখযোগ্য যে অভয়াপুৰী সমষ্টিকলৈ ভাৰতীয় জনতা পাৰ্টি আৰু অগপৰ মাজত টনা-আঁজোৰা অব্যাহত আছে যদিও সৃজনগ্ৰাম সমষ্টিটো বিজেপিয়ে অগপক এৰি দিয়াটো প্ৰায় নিশ্চিত। কিয়নো সংখ্যালঘু ভোটাৰৰ মাজত এতিয়াও সবল ভেঁটি আছে জাতীয়তাবাদী ভাবাপন্ন দলটোৰ। পূৰ্বতেও বহুকেইটা নিৰ্বাচনত বহু সমষ্টিত সংখ্যালঘু ভোটাৰে অগপ দলৰ প্ৰাৰ্থীক সমৰ্থন জনাই জয়ী কৰোৱাৰ নজিৰ আছে। আনকি প্ৰয়াত ছহিদুল আলম চৌধুৰীয়ে বৰাক উপত্যকাৰ আলগাপুৰ সমষ্টিৰ পৰা অগপ প্ৰাৰ্থী হিচাপে জয়ী হৈ মন্ত্ৰিত্বও লাভ কৰিছিল। নামনি অসমতো তেনে কেইবাটাও উদাহৰণ আছে। সেয়ে সৃজনগ্ৰাম সমষ্টিৰ দৰে সংখ্যালঘু ভোটাৰে নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰা সমষ্টিত সংখ্যালঘু সম্প্ৰদায়ৰ ছাহিদুল হকে অগপ দলৰ হৈ ভোটযুদ্ধত অৱতীৰ্ণ হ’লে জয়লাভ কৰাৰ সম্ভাৱনা আছে বুলি বিভিন্নজনে মন্তব্য কৰিছে। আনহাতে বৰ্তমানৰ অভয়াপুৰী উত্তৰ সমষ্টিৰ বিধায়ক তথা সৃজনগ্ৰাম সমষ্টিত মনোনিৱেশ কৰি থকা কংগ্ৰেছৰ আব্দুল বাতিন খণ্ডকাৰৰ বিৰুদ্ধে এটা কাৰ্যকাল সম্পূৰ্ণ নৌহওতেই প্ৰতিষ্ঠানবিৰোধী ঢৌ তীব্ৰ হৈ পৰিছে।

অৱশ্যে আমছু ত্যাগ কৰি ৰাজনীতিৰ পথাৰত খোজ দিবলৈ কুচকাৱাজ চলোৱা ৰেজাউল কৰিম সৰকাৰে যদি এই সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰে, তেন্তে অগপ দলৰ বাবে নিৰ্বাচনী যুঁজখন তীব্ৰ প্ৰত্যাহ্বান ভৰা হ’ব। কিয়নো সংখ্যালঘু সম্প্ৰদায়ৰ মাজত ৰেজাউল কৰিম সৰকাৰৰ যথেষ্ট জনপ্ৰিয়তা আছে। কিন্তু ৰেজাউল কৰিম সৰকাৰ আৰু আব্দুল বাতিন খণ্ডকাৰৰ মাজৰ ভোট বিভাজনে অগপক সহায় কৰিব বুলিও একাংশ ৰাজনৈতিক বিশ্লেষকে মতপোষণ কৰিছে।

Desk Editor