নলবাৰী: অবহেলাৰ ছাঁৰ পৰা উন্নয়নৰ দিশে গৌৰৱময় যাত্ৰা

নলবাৰী: অবহেলাৰ ছাঁৰ পৰা উন্নয়নৰ দিশে গৌৰৱময় যাত্ৰা

নলবাৰী আছিল এটা সময়ত ভুল বুজাবুজি, অবহেলা আৰু নেতিবাচক ধাৰণাৰ সৈতে জড়িত হৈ থকা এখন জিলা। শিক্ষা বা কৰ্মসূত্ৰে বাহিৰলৈ যোৱা নলবাৰীৰ যুৱসমাজে এসময়ত ঘৰৰ ভাড়া নোপোৱা, AS-14 নম্বৰৰ বাহন দেখিলেই অযথা আৰক্ষী নিৰীক্ষণৰ সন্মুখীন হোৱা আদি বহু তিক্ত অভিজ্ঞতাৰ সাক্ষী হৈছিল। সামাজিক সুৰক্ষা আৰু বিশ্বাসৰ অভাৱে জিলাখনৰ সামগ্ৰিক উন্নয়নো বহু বছৰ ধৰি স্থবিৰ কৰি ৰাখিছিল।

 

কেইবছৰ আগলৈকে নলবাৰীত প্ৰবেশ কৰা মানেই আছিল ভঙাচিঙা পথ, যানজঁট, ৰেল ক্ৰচিঙত দীঘলীয়া অপেক্ষা আৰু আধুনিক নগৰ ব্যৱস্থাৰ সম্পূৰ্ণ অভাৱ। বৰষুণত কলেজ ৰোড, ভাৰতীয় টকীজ এলেকা আদি অঞ্চল জলমগ্ন হৈ পৰিছিল। নৰ্দমা, উন্নত পথ আৰু পৰিকল্পিত আন্তঃগাঁথনি তেতিয়া নলবাৰীৰ বাবে কেৱল এক সপোন আছিল।

 

কিন্তু এই ছবিখন সলনি হৈছে।

 

শক্তিশালী নেতৃত্ব আৰু লক্ষ্যভিত্তিক পৰিকল্পনাৰে নলবাৰীত উন্নয়নৰ নতুন যুগ আৰম্ভ হৈছে। বিশেষকৈ অসম চৰকাৰৰ মন্ত্ৰী তথা স্থানীয় বিধায়ক শ্ৰী জয়ন্ত মল্ল বৰুৱাৰ নেতৃত্বত জিলাখনত দেখা গৈছে দ্ৰুত আৰু দৃশ্যমান পৰিবর্তন। আধুনিক পথ, উন্নত প্ৰবেশদ্বাৰ, সৌন্দৰ্যবৰ্ধন আৰু আন্তঃগাঁথনি উন্নয়নে নলবাৰীৰ চেহেৰা সম্পূৰ্ণ ৰূপে সলনি কৰিছে।

 

আজিৰ নলবাৰীত প্ৰবেশ কৰিলেই দৃষ্টিনন্দন প্ৰবেশদ্বাৰে সকলোকে আদৰণি জনায়। কামৰূপীয়া ঢুলীয়াৰ ঐতিহ্য বহন কৰা প্ৰতীকী নক্সাৰে সজ্জিত এই প্ৰবেশদ্বাৰ নলবাৰীৰ সাংস্কৃতিক পৰিচয় আৰু আধুনিক দৃষ্টিভংগীৰ এক সুন্দৰ সংমিশ্ৰণ। আগৰ সৰু ভঙাচিঙা পথৰ ঠাইত এতিয়া সেউজীয়া দুয়োকাষেৰে বিস্তৃত ফ’ৰ-লেনযুক্ত পথে পৰিবর্তনৰ স্পষ্ট বাৰ্তা বহন কৰিছে।

 

এই সন্দৰ্ভত এজন সচেতন নাগৰিক তথা চিকিৎসক শুভ্ৰ কিংকৰ গোস্বামীয়ে ছ’চিয়েল মিডিয়াত লিখিছে – “আজিৰ নলবাৰীত সোমালেই আপোনাক সুদৃশ্য প্ৰবেশ দ্বাৰে স্বাগতম জনাব ৷ নুৰুদ্দিন আহমেদে সৃষ্টি কৰা নলবাৰীৰ ঐতিহ্য কামৰূপীয়া ঢুলীয়াৰ প্ৰতীক চিহ্নৰে এক সুন্দৰ সংস্কাৰী পৰিবেশে আপোনাক আদৰণি জনাব ৷ সেই সৰু ভঙাচিঙা পথেৰে আজি আপুনি নলবাৰীত সোমাবই নালাগে ৷ দুয়োকাষে সেউজ ঘাহনিৰে ফ’ৰ লেনেৰে আহি আপুনি নলবাৰীত সোমালেই আপুনি কিছুবছৰ আগৰ পাৰ্থক্য বিচাৰি পাব ৷”

 

এই সকলো পৰিস্থিতিৰ মাজতো নলবাৰীয়ে কেতিয়াও নিজৰ পৰিচয় হেৰুওৱা নাছিল। পাগলাদিয়া নদীৰ সুবাসে সিক্ত এই জিলা, গুৱাহাটীৰ পৰা মাত্ৰ ৭০ কিলোমিটাৰ দূৰত অৱস্থিত হ’লেও, ঐতিহাসিকভাৱে শিক্ষা-সংস্কৃতি আৰু বৌদ্ধিক চৰ্চাৰ এক গুৰুত্বপূৰ্ণ প্ৰাণকেন্দ্ৰ হিচাপে পৰিচিত হৈ আহিছে।

 

কেবিনেট মন্ত্ৰী তথা স্থানীয় বিধায়ক শ্ৰী জয়ন্ত মল্ল বৰুৱাৰ দূৰদৰ্শী নেতৃত্বত জিলাখনৰ আজিৰ এই পৰিবর্তন এজন সাধাৰণ নাগৰিকৰ বাবে আশাৰ উৎস আৰু সকলো নলবৰীয়াৰ বাবে এক গভীৰ গৌৰৱৰ বিষয়। অতীতৰ কষ্ট, বৰ্তমানৰ উন্নয়ন আৰু ভৱিষ্যতৰ দৃঢ় সম্ভাৱনাৰে নলবাৰী এতিয়া আগবঢ়ি গৈছে অগ্ৰগতিৰ দিশে।

Desk Admin

Related