অসমৰ মাজুলীত “এক পেড় মা কে নাম” কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীয়ে

অসমৰ মাজুলীত “এক পেড় মা কে নাম” কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে কেন্দ্ৰীয় গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীয়ে

গোবিনপুৰ মডেল এ ডব্লিউ চি আৰু প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক আৰু অংগনবাড়ী কৰ্মীৰ সৈতে মত বিনিময় কৰিলে মন্ত্ৰীগৰাকীয়ে

গড়মূৰত বিকশিত ভাৰত – ৰোজগাৰ আৰু অজীৱিকা মিছনৰ নিশ্চয়তা – গ্ৰামীণ (ভিবি-জি ৰেম-জি) বিষয়ক আলোচনা চক্ৰত কৰিলে অংশগ্ৰহণ

কেন্দ্ৰীয় গ্ৰামোন্নয়ন দপ্তৰৰ ৰাজ্যিক মন্ত্ৰী শ্ৰী কমলেশ পাছোৱানে ২০২৬ চনৰ ২৫ ফেব্ৰুৱাৰীত মাজুলী জিলা ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীৰ এই ভ্ৰমণ সজাগতামূলক প্ৰচাৰৰ সৈতে জড়িত। শ্ৰী কমলেশ পাছোৱানে গড়মূৰৰ ক’ৰ্ট ফিল্ডৰ সমীপত “এক পেড় মা কে নাম” শীৰ্ষক বৃক্ষৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি পৰিবেশ বহনক্ষমতা আৰু এনে কাৰ্যসূচীত সমাজৰ অংশগ্ৰহণক উৎসাহিত  কৰাৰ  প্ৰতি থকা  তেওঁৰ দায়বদ্ধতাৰ কথা  পুনৰ দৃঢ়তাৰে প্ৰকাশ কৰে।

ইয়াৰ পিছত মন্ত্ৰীগৰাকীয়ে গোবিনপুৰ মডেল এ ডব্লিউ চি আৰু গোবিনপুৰ প্ৰাথমিক বিদ্যালয় পৰিদৰ্শন কৰি ছাত্ৰ-ছাত্ৰী, অভিভাৱক, শিক্ষক  আৰু অংগনবাড়ী কৰ্মীসকলৰ সৈতে  মত বিনিময় কৰে। তেওঁ তাত থকা সুবিধাসমূহৰ বিষয়ে  বুজ লয় , শিশুসকলক তেওঁলোকৰ শৈক্ষিক সাধনাত উৎসাহিত কৰে আৰু তৃণমূল পৰ্যায়ৰ শিক্ষা তথা শিশু কল্যাণ বিষয়ক সেৱা শক্তিশালী কৰাৰ ক্ষেত্ৰত অভিভাৱক তথা  কৰ্মীসকলৰ ভূমিকাৰ শলাগ লয়। তেওঁ আত্মনিৰ্ভৰশীল আৰু শক্তিশালী ভাৰত গঢ় দিয়াত  শিশুৰ যত্ন, পুষ্টি আৰু  শিক্ষাৰ গুৰুত্বৰ বিষয়ত  আলোকপাত কৰে।

ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে গড়মূৰৰ সংহত আয়ুক্তৰ কাৰ্যালয়ত বিকশিত ভাৰত – ৰোজগাৰ আৰু অজীৱিকা মিছনৰ নিশ্চয়তা – গ্ৰামীণ (ভিবি-জি ৰেম-জি) বিষয়ক আলোচনা চক্ৰত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত মাজুলীৰ পি আৰ আইৰ সদস্য, জ্যেষ্ঠ বিষয়া, জিলা প্ৰশাসনৰ বিষয়াসকল উপস্থিত থাকে। আলোচনা চক্ৰত  গ্ৰাম্য জীৱিকা শক্তিশালী কৰা, আত্মনিয়োগক প্ৰসাৰিত কৰা আৰু কল্যাণমূলক আঁচনিসমূহ  সমাজৰ শেষ মাইলত থকা লোকজনলৈও প্ৰসাৰিত কৰাটো নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰৰ প্ৰতিশ্ৰুতিৰ বিষয়ত আলোকপাত কৰা হয়।

আলোচনা চক্ৰৰ অন্তত কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমক সম্বোধন কৰি সংবাদ মাধ্যমক তেওঁৰ ভ্ৰমণৰ ফলাফলৰ বিষয়ে অৱগত কৰে। তেওঁ মাজুলীত গ্ৰাম্য উন্নয়নৰ পদক্ষেপৰ অগ্ৰগতিত সন্তুষ্টি প্ৰকাশ কৰি সামগ্ৰিক তথা সৰ্বাংগীন গ্ৰাম্য বিকাশৰ বাবে কেন্দ্ৰৰ অবিৰত সমৰ্থনৰ কথা  পুনৰবাৰ উল্লেখ কৰে।

 

 

Desk Admin