ইবনে বট্টুতাৰ কামৰূপা (প্ৰাচীন অসম) ভ্ৰমণ

ইবনে বট্টুতাৰ কামৰূপা (প্ৰাচীন অসম) ভ্ৰমণ

লেখক: মহম্মদ তালহা আমিন বৰুৱা

 

ইবনে বট্টুতা আছিল ১৪শ শতিকাৰ এজন বিখ্যাত মৰোক্কোৰ মুছলমান ভ্ৰমণকাৰী। তেওঁ ৭৫,০০০ মাইলৰো অধিক দূৰত্ব অতিক্ৰম কৰি আফ্ৰিকা, মধ্যপ্ৰাচ্য, ভাৰত, দক্ষিণ-পূব এছিয়া আৰু চীনলৈ ভ্ৰমণ কৰিছিল, আৰু তেওঁৰ ভ্ৰমণবিৱৰণ পুথি ‘ৰিহলা’, ইতিহাসৰ এক অমূল্য উৎস হিচাপে গণ্য কৰা হয়। ইবনে বট্টুতা ১৩০৪ চনত মৰোক্কোত জন্মগ্ৰহণ কৰিছিল। তেওঁ ১৩২৫ চনত হজ্জ কৰিবলৈ মক্কালৈ যাত্ৰা আৰম্ভ কৰে, কিন্তু তাৰ পাছতে তেওঁ এক দীঘলীয়া বিশ্বভ্ৰমণৰ বাবে উলাই পৰে। যাত্ৰাকালত ইবনে বট্টুতাই আধুনিক অসমৰ কিছু অংশ ভ্ৰমণ কৰিছিল। এই ৰচনাত আমি তেওঁ উল্লেখ কৰা কথাবোৰৰ বিষয়ে আলোচনা কৰিম। এইখিনি লিখাৰ বাবে মই বড়োদা অৰিয়েণ্টেল ইনষ্টিটিউৰ দ্বাৰা প্ৰকাশিত ‘দা ৰেহলা আফ ইবনে বট্টুতা: এণ্ডিয়া, মালদ্বীব আইলেণ্ড এন্দ চেয়লৌন’ (১৯৭৬) ইংৰাজী গ্ৰন্থখন ব্যৱহাৰ কৰিছো। গ্ৰন্থখনত ড° মাহদি হুছেইনৰ ধাৰা-বিৱৰণী আছে, কিন্তু মই তেওঁৰ ধাৰাভাষ্য ব্যৱহাৰ কৰা নাই, বৰঞ্চ এই ৰচনাত মোৰ নিজ ধাৰা-বিৱৰণী আছে।

ভাৰত ভ্ৰমণৰ সময়ত তেওঁ দিল্লী, সিন্ধ আৰু বংগ অঞ্চল সম্পৰ্কে লিখিছে। তেওঁৰ লেখাত বংগৰ সৈতে সম্পৰ্কিতভাৱে কামৰূপ/অসম অঞ্চলৰ উল্লেখো পোৱা যায়, যিয়ে সেই সময়ৰ উত্তৰ-পূৰ্ব ভাৰতৰ বিষয়ে গুৰুত্বপূর্ণ ঐতিহাসিক তথ্য দিয়ে। ইবনে বট্টুতাৰ অসম সম্পৰ্কীয় বিৱৰণীক অসম ইতিহাসৰ অন্যতম অপৰিহাৰ্য উৎস হিচাপে গণ্য কৰা হয় আৰু ইয়াক অসমৰ বিদেশী একাউণ্ট বুলি কোৱা হয়। আল-বেৰুণীয়ে তেওঁৰ ‘কিতাব-আল-হিন্দ’ (১০৩০)ত অসমৰ বিষয়ে উল্লেখ কৰিছে। তেওঁৰ বিৱৰণ ইবনে বাট্টুতাৰ বিৱৰণীতকৈ পুৰণি, আৰু তেওঁৰ গ্ৰন্থত অসমক ‘কামাৰু’ বুলি উল্লেখ কৰিছে। ইবনে বট্টুতাই অসমক সম্বোধন কৰিবলৈ ব্যৱহাৰ কৰা একেটা শব্দ — কামাৰু। অসমৰ আগৰ নাম আছিল কামৰূপ কিন্তু আৰবী ভাষাত ‘প’ আখৰ নথকাৰ বাবে আৰবীসকলে কামৰূপ বানান কৰিব পৰা নাছিল, যাৰ বাবে তেওঁলোকে কামৰূপক কামাৰু বুলি বানান কৰিছিল। যদিও আল-বেৰুণীৰ বিৱৰণীত কামৰুৰ কথা এবাৰহে উল্লেখ কৰা হৈছে, ইবনে বট্টুতাই অধিক আলোচনা কৰিছে।

প্ৰাচীন অসম/কামৰূপা আধুনিক যুগৰ ভূটান, অৰুণাচল প্ৰদেশ, অসম, নাগালেণ্ড, মেঘালয়, আৰু কিছু অংশ বাংলাদেশ, পশ্চিমবংগৰে গঠিত আছিল। ইবনে বট্টুতাই বংগৰ পৰা যাত্ৰা কৰি ১৩৪৬ চনৰ ৩০ জুলাইত অসমত উপস্থিত হয়। ইবনে বট্টুতাই লিখিছে যে তেওঁ এমাহ যাত্ৰা কৰি কামাৰু পালেগৈ। তেওঁ বৰ্ণনা কৰিছে যে কামৰুৰ পৰ্বতবোৰ চীনৰ পৰা তিব্বতৰ সীমাৰেখাত আছে। ইবনে বট্টুতাৰ এই বৰ্ণনাৰ অৰ্থ হ’ল আধুনিক অৰুণাচল প্ৰদেশ আৰু ভূটানৰ পৰ্বত। তেওঁৰ বিৱৰণীত উল্লেখ আছে যে ইয়াত মুছক (সুগন্ধি) উৎপাদনকাৰী হৰিণ বাস কৰে। ইবনে বট্টুতাই ভূটান আৰু অৰুণাচল প্ৰদেশৰ পাহাৰত বাস কৰা হিমায়ালন কস্তুৰী হৰিণ বা ক’লা কস্তুৰী হৰিণক বুজাইছে সেয়া নিশ্চিত। ইবনে বট্টুতাই এই পৰ্বতবোৰৰ (ভূটান আৰু অৰুণাচল প্ৰদেশ) লোকসকলক তুৰ্কীৰ সৈতে মিল থকা বুলি বৰ্ণনা কৰিছে। আনহাতে বেছিভাগ ইতিহাসবিদে এই বাক্যটো অতি আক্ষৰিক অৰ্থত লৈ কয় যে ইবন বট্টুতাই অসমত বাস কৰা তুৰ্কী লোকসকলক বুজাইছে। বৰঞ্চ ইবনে বট্টুতাই এই লোকসকলক তুৰ্কী মানুহৰ লগত তুলনা কৰিছে, কাৰণ তুৰ্কীবোৰো দেখাত তিব্বতীসকলৰ দৰে। তেওঁ দাস বজাৰৰ অস্তিত্বৰ ইংগিতো দিছে, য’ত সম্ভৱতঃ, অ-কামৰূপী মানহ বিক্ৰী কৰা হৈছিল। ইবনে বট্টুতাই কামৰূপৰ মানুহে ক’লা যাদু চলোৱাৰ কথা উল্লেখ কৰিছে। ঐতিহাসিক প্ৰমাণ অনুসৰি প্ৰাচীন অসমত কেৱল কামৰূপ (বৰ্তমান গুৱাহাটী) আৰু মায়ঙত ক’লা যাদু প্ৰধানকৈ চলিছিল। ইয়াৰ পৰা বুজা যায় যে ইবনে বট্টুতাই হয়তো মৰিগাঁও ভ্ৰমণ কৰিছিল।

ইবনে বট্টুতাই উল্লেখ কৰিছে যে তেওঁ শ্বেখ জালালুদ্দিন তাব্ৰিজীক বিচাৰি কামৰূপালৈ আহিছিল। ইবনে বট্টুতাই বৰ্ণনা কৰিছে যে শ্বেখ জালালুদ্দিন তাব্ৰিজীয়ে পাহাৰত বাস কৰিছিল, অৰ্থাৎ শ্বেখ ভূটান বা অৰুণাচল প্ৰদেশৰ যিকোনোৰ পাহাৰত বাস কৰিছিল। আবুল ফাজলৰ আইন-ই-আকবাৰীৰ দৰে ঐতিহাসিক বিৱৰণীত জালালুদ্দি তাব্ৰিজী নামৰ এজন সন্তৰ কথা উল্লেখ আছে, যিজনৰ জন্ম হৈছিল তাব্ৰিজত, কিন্তু পিছলৈ বংগলৈ স্থানান্তৰিত হৈছিল। গুলাম সৰৱাৰ আৰু মিৰ্জা মহম্মদ আখতাৰ দেহলৱীৰ দৰে ইতিহাসবিদসকলে ১২২৫-১২৫০ চনৰ ভিতৰত জালালুদ্দিনৰ মৃত্যুৰ তথ্য লিপিবদ্ধ কৰিছে, গতিকে ইবনে বট্টুতাই তেওঁক লগ পোৱাটো অসম্ভৱ।

কিছুমান ইতিহাসবিদৰ মতে ইবনে বট্টুতাই হয়তো শ্বাহ জালাল য়েমেনীক লগ পাইছিল। তেওঁলোকৰ মতামত হ’ল যে ইবনে বট্টুতাই শ্বাহ জালাল য়েমেনীক জালালুদ্দিন তাব্ৰিজী বুলি উল্লেখ কৰিছে। অসমৰ ইতিহাসতো শ্বাহ জালাল য়েমেনী এজন গুৰুত্বপূৰ্ণ ঐতিহাসিক ব্যক্তি। কিন্তু যিহেতু ইবনে বট্টুতাই বৰ্ণনা কৰিছে যে শ্বেইখ জালালুদ্দিনে আব্বাছি খলিফা আল-মুতাছিম বিলাক লগ পাইছিল, এই কাৰণেই আমি ক’ব পাৰো যে শ্বাহ জালাল য়েমেনীও নাছিল কাৰণ শ্বাহ জালালৰ জন্ম হৈছিল ১২৬০ বা ১২৭০ চনৰ আশে-পাশে, আনহাতে খলিফা আল-মুতাছিমৰ মৃত্যু হৈছিল ১২৫৮ চনত। ইয়াৰ পৰা আমি এই সিদ্ধান্তত উপনীত হওঁ যে এই শ্বেখ জালালুদ্দিন তাব্ৰিজী ভূটান বা অৰুণাচল প্ৰদেশৰ পাহাৰত বাস কৰা কোনোবা আছিল। কিছুমান ইতিহাসবিদে তাব্ৰিজী বৰাক উপত্যকাৰ বুলি বিশ্বাস কৰে, কিন্তু এই কথাও সঁচা নহয় কাৰণ বৰাক উপত্যকাত কস্তুৰী হৰিণ নাছিল, চীন আৰু তিব্বতৰ সীমাও নাছিল, ৰাজহুৱা স্থানত কোনো ক’লা যাদুকৰ নাছিল। ইবনে বট্টুতাই কামাৰুৰ পাহাৰৰ পৰা বৈ অহা এখন নদীৰ বিষয়েও লিখিছে। স্পষ্টভাৱে তেওঁ ব্ৰহ্মপুত্ৰৰ কথা কৈছে, যাৰ বাবে তেওঁ ভূটান বা অৰুণাচল প্ৰদেশৰ ক’ৰবাত ভ্ৰমণ কৰা কথাটো আৰু অধিক শক্তিশালী কৰি তোলে। ইবনে বট্টুতাই ব্ৰহ্মপুত্ৰক নীলা ডাৱৰ আৰু মিচৰৰ নীল নদীৰ লগত তুলনা কৰিছে, ব্ৰহ্মপুত্ৰ বৰাক উপত্যকাৰ পৰা নবৈ কিন্তু আমি সকলোৱে জানো যে ই ভূটান আৰু অৰুণাচল প্ৰদেশৰ পৰা নিশ্চিতভাৱে বৈ।

ইবনে বট্টুতাই শ্বেইখৰ বিষয়ে অলৌকিক কাম কৰিব পাৰে বুলি দাবী কৰিছে। এই শ্বেখৰ অধীনত পাহাৰৰ বাসিন্দাসকলে ইছলাম গ্ৰহণ কৰিছিল। ইবনে বট্টুতাই লিখিছে যে হিন্দু আৰু মুছলমানসকলে প্ৰায়ে শ্বেখ জালালুদ্দিনৰ ওচৰলৈ গৈছিল, শ্বেখক উপহাৰ আগবঢ়াইছিল। ই সেই সময়তো অসমৰ সামাজিক ঐক্যক প্ৰতিনিধিত্ব কৰে। শ্বেখৰ পৰা শিক্ষা গ্ৰহণ কৰি ইবনে বট্টুতা ব্ৰহ্মপুত্ৰ নদীৰ মাজেৰে বংগলৈ উভতি যায়। ইবনে বট্টুতাৰ অসম ভ্ৰমণ এক আমোদজনক বিষয়। কিন্তু দুখৰ বিষয় যে এই ইতিহাসক বেছিভাগ ইতিহাসবিদে ভুল ধৰণে ব্যাখ্যা কৰিছে — কামাৰুক বৰাক উপত্যকা বুলি ব্যাখ্যা কৰি। মই এই ইতিহাসক অধিক যুক্তিসংগত দৃষ্টিৰে উপস্থাপন কৰিবলৈ চেষ্টা কৰিছো। ইবনে বট্টুতাৰ অসম ভ্ৰমণৰ ইতিহাস ইতিহাসবিদসকলে সংশোধন কৰি শুদ্ধ ৰূপত উপস্থাপন কৰিব বুলি আশা কৰিলো।

 

Desk Admin