অৰুণাচলৰ খেলুৱৈক ষ্টেপল্ড ভিছা প্ৰদান কৰিছে চীনে, এই পদক্ষেপক “গ্ৰহণযোগ্য নহয়” বুলি অভিহিত কৰিছে ভাৰত চৰকাৰে
বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ কেইজনমান খেলুৱৈক চীনে “ষ্টেপল্ড ভিছা” প্ৰদান কৰাৰ বাবে চীনক তীব্ৰ সমালোচনা কৰি এই পদক্ষেপক “গ্ৰহণযোগ্য নহয়” বুলি অভিহিত কৰিছে ভাৰত চৰকাৰে।
বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচিয়ে কয় যে ভাৰতে এনে কাৰ্যক কেতিয়াও মানি নলয়। ষ্টেপল্ড ভিছা হ’ল এনে এবিধ ভিছা য’ত আবেদনকাৰীৰ পাছপ’ৰ্টত পোনপটীয়াকৈ ষ্টাম্প লগোৱা নহয় । চীনে অৰুণাচলৰ খেলুৱৈ সকলক এনে ভিছা প্ৰদানৰ কাৰণ হৈছে অৰুণাচলক নিজৰ ভূখণ্ডৰ অংশ বুলি চীনৰ দীৰ্ঘদিনীয়া দাবী।
অৰিন্দম বাগচিয়ে কয় যে ভাৰতে চীনৰ এই কাৰ্যক তীব্ৰ গৰিহণা দিছে আৰু ভাৰতীয় নাগৰিকৰ ভিছা ব্যৱস্থাত বাসস্থান বা জাতিগত ভিত্তিত কোনো ধৰণৰ বৈষম্য হ’ব নালাগে।
দলটোৰ আন সদস্যসকলে স্বাভাৱিক ভিছা লাভ কৰাৰ বিপৰীতে অৰুণাচল প্ৰদেশৰ খেলুৱৈসকলক ষ্টেপল্ড ভিছা দিয়া হৈছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে। বিগত সময়তো চীনে অৰুণাচল প্ৰদেশৰ নাগৰিকক ষ্টেপল্ড ভিছা প্ৰদান কৰিছিল।
উল্লেখ্য যে, চীনে দাবী কৰে অৰুণাচল দক্ষিণ তিব্বতৰ অংশ। এপ্ৰিল মাহত ভাৰতে অৰুণাচল প্ৰদেশৰ কিছুমান ঠাইৰ নাম সলনি কৰিছিল।