প্ৰায় ২০ বছৰৰ পাছত শুকুৰবাৰে ছিংগাপুৰত এগৰাকী মহিলা অপৰাধীক দিয়া হ’ল ফাঁচী, অপৰাধ ড্ৰাগছ সৰবৰাহ…

প্ৰায় ২০ বছৰৰ পাছত শুকুৰবাৰে ছিংগাপুৰত এগৰাকী মহিলা অপৰাধীক দিয়া হ’ল ফাঁচী, অপৰাধ ড্ৰাগছ সৰবৰাহ…

৪৫ বছৰীয়া সাৰিদেৱি জামানী নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে ৩০.৭২ গ্ৰামতকৈ অধিক বিশুদ্ধ হেৰ’ইন ৰখাৰ অভিযোগ উত্থাপন হৈছিল।

উল্লেখ্য যে ছিংগাপুৰত ড্ৰাগছৰ আইন অতি কঠোৰ। কাৰণ, তেওঁলোকে ভাবে, ড্ৰাগছৰ চাহিদা আৰু যোগান – দুয়োটাকে মৃত্যুদণ্ডৰ দ্বাৰা বহু পৰিমাণে নিয়ন্ত্ৰণ কৰিব পাৰি।

দেশখনৰ ড্ৰাগছ আইন অনুসৰি নিৰ্দিষ্ট মাত্ৰাতকৈ অধিক পৰিমাণৰ যিকোনো ধৰণৰ ড্ৰাগছ ৰাখিলে মৃত্যুদণ্ড দিয়া হয়। জানিব পৰা মতে, নিৰ্ধাৰিত পৰিমাণতকৈ দুগুণতকৈও অধিক পৰিমাণৰ ড্ৰাগছ আছিল সাৰিদেৱীৰ হাতত ।

এই সম্পৰ্কত ছিংগাপুৰৰ চেণ্ট্ৰেল নাৰ্কটিকছ ব্যুৰোৱে কয় যে, “২৮ জুলাইত সাৰিদেৱি জামানীক ফাঁচী দিয়া হৈছিল। সাৰিদেৱিয়ে মৃত্যুদণ্ডৰ পৰা হাত সাৰিবলৈ সকলো আইনী পথ বিচাৰিছিল। সকলো আইনী পথ শেষ হোৱাৰ পিছত তেওঁক ফাঁচী দিয়া হৈছিল। ২০২২ চনৰ অক্টোবৰ মাহত তেওঁৰ শেষৰটো আবেদনো আদালতে নাকচ কৰিছিল। তেওঁ ৰাষ্ট্ৰপতিৰ ওচৰত ক্ষমা বিচাৰিছিল যদিও ৰাষ্ট্ৰপতিয়ে একো সহায় কৰা নাছিল।

এই গোচৰত ২০১৮ চনতে গ্ৰেপ্তাৰ কৰা হৈছিল সাৰিদেৱিক । ২০০৪ চনৰ পিছত ছিংগাপুৰত প্ৰথমবাৰৰ বাবে এগৰাকী মহিলাক ফাঁচী দিয়া হৈছে। উল্লেখ্য যে সাৰিদেৱিৰ ফাঁচীৰ পিছত ছিংগাপুৰত মৃত্যুদণ্ডৰ ফলপ্ৰসূতা আৰু নৈতিকতাক লৈ বিতৰ্কৰ সৃষ্টি হৈছে। বিশেষকৈ ড্ৰাগছ সম্পৰ্কীয় অপৰাধৰ ক্ষেত্ৰত মৃত্যুদণ্ডৰ উপযুক্ততা সম্পৰ্কেও প্ৰশ্ন উত্থাপন হৈছে।

GTM Desk