ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা

ৰাজ্যত পুনৰ এনকাউন্টাৰৰ ঘটনা

তিনিচুকীয়াত আৰক্ষীৰ এনকাউণ্টাৰ। গুলীবিদ্ধ আলফাৰ লিংকেমন জুমন বৰা।জুমনৰ বাওঁভৰি আৰক্ষীৰ গুলীত আঘাতপ্ৰাপ্ত। বৰ্তমান জুমন তিনিচুকীয়াৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন।খবৰ অনুসৰি, জুমনৰ জৰিয়তে আৰক্ষীয়ে শনিবাৰে উদ্ধাৰ কৰিছিল বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী।যোৰহাট আৰু ডিব্ৰুগড়ৰ মষ্ট ৱানটেতৰ তালিকাত আছিল জুমন বৰাৰ নাম।
আনহাতে, সোণাৰিত ৰহস্যজনকভাৱে গুলীবিদ্ধ ছালফা সদস্য যোগেন গগৈ।জানিব পৰা মতে, ধন দাবীৰ গোচৰত বৰহাত ডফলাৰ পৰা সেনা আৰক্ষীয়ে আটক কৰিছিল আত্মসমৰ্পণ কৰা যোগেন গগৈক। আলফা স্বাধীনৰ সদস্য গণেশ লাহনৰ নেতৃত্বতে ধন দাবী আৰু সংগ্ৰহ কৰাৰ অভিযোগ যোগেন গগৈৰ বিৰুদ্ধে উত্থাপন হৈছে ।সম্প্ৰতি ডিব্ৰুগড়ত চিকিৎসাধীন যোগেন গগৈ।
ইফালে আলফা স্বাধীনৰ বিৰুদ্ধে উজনিৰ জিলাই জিলাই সেনা আৰক্ষী তৎপৰ হৈ থকাৰ সময়তে আলফা(স্বা)ক আলোচনাৰ মাজলৈ আহিবলৈ পুনৰ আহ্বান জনাইছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

GTM Desk

Related