fbpx

বিশিষ্ট চলচ্চিত্ৰ প্ৰযোজক প্ৰাঞ্জল ভৰালী আৰু নাই ।

গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত আজি মৃত্যু হয় বিশিষ্ট প্ৰযোজকগৰাকীৰ ।

জনপ্ৰিয় অসমীয়া ছবি ‘মা তুমি অনন্যা’, ‘জোনদা ইমান গুণ্ডা’, ‘চুৰেন চোৰৰ পুতেক’, ‘অন্তহীন যাত্ৰা’ ছবিকেইখন প্ৰযোজনা কৰিছিল প্ৰাঞ্জল ভৰালীয়ে ।

যোৱা ১৪ ফেব্ৰুৱাৰীত নেমকেয়াৰত ভৰ্তি কৰোৱা হৈছিল প্ৰযোজকগৰাকীক ।

আজি পুৱা ৫.৪৫ বজাত তেওঁ শেষ নিশ্বাস ত্যাগ কৰে ।

দীৰ্ঘদিন ধৰি এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল প্ৰাঞ্জল কুমাৰ ভৰালী। মৃত্যুৰ সময়ত তেওঁ পত্নী আৰু এগৰাকী কন্যা এৰি থৈ যায় ।

প্ৰযোজক প্ৰাঞ্জল ভৰালীৰ মৃত্যুত অসমৰ সাংস্কৃতিক সমাজে শোক প্ৰকাশ কৰিছে ।

‘সাংস্কৃতিক সাংবাদিক সন্থা, অসম’-এ প্ৰযোজকগৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছে ।

error: Content is protected !!
%d bloggers like this: