26.1 C
Assam
Sunday, May 28, 2023

Featured News

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

নগাঁৱত “সৃষ্টি”ৰ বসন্ত উৎসৱৰ সামৰণি,চহা শিল্পী মাণিক কলিতাক “কলংপৰীয়া শিল্পী বঁটা” প্ৰদান

Assamese Newsনগাঁৱত "সৃষ্টি"ৰ বসন্ত উৎসৱৰ সামৰণি,চহা শিল্পী মাণিক কলিতাক "কলংপৰীয়া শিল্পী বঁটা" প্ৰদান

 

নিউজ ব্যুৰ’,নগাঁও,১৬মে’:–নগাঁৱৰ অগ্ৰণী সাংস্কৃতিক গোষ্ঠী “সৃষ্টি”ৰ উদ্যোগত আয়োজিত ২০সংখ্যক “বসন্ত উৎসৱ”টি যোৱা নিশা অনুষ্ঠিত হৈ যায় । উৎসৱৰ লগত সংগতি ৰাখি আয়োজিত সাংস্কৃতিক কাৰ্যসূচীত দৰ্শক ৰাইজে বিপুল সঁহাৰি জনায় । নগাঁও চহৰৰ কলঙৰ বাকৰি খ্যাত ঐতিহ্যমণ্ডিত নেহৰুবালিত উপস্থিত সমবেত সহস্ৰাধিক দৰ্শক ৰাইজৰ মূল আকৰ্ষণৰ কেন্দ্ৰ আছিল যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰ’ব জনপ্ৰিয় সংগীত শিল্পী জুবিন গাৰ্গ । শিল্পী জুবিন গাৰ্গে পৰিবেশন কৰা ন-পুৰণি গীতসমূহে প্ৰায় আঢ়ৈ ঘণ্টা দৰ্শক ৰাইজক মুগ্ধ কৰি ৰাখে । জুবিন গাৰ্গৰ লগতে সহ শিল্পীসকলে পৰিবেশন কৰা সাংস্কৃতিক অনুষ্ঠানে বসন্ত উৎসৱৰ সাংস্কৃতিক কাৰ্যসূচী অধিক জীপাল কৰি তোলে ।

অভিনেত্ৰী ড’না পালে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানত বিশিষ্ট নৃত্যশিল্পী পংকজ ইংতিৰ পৰিচালনাত বহু কেইবাগৰাকী জনপ্ৰিয় অভিনেতা-অভিনেত্ৰীৰ নৃত্যানুষ্ঠান আৰু তেজপুৰৰ সাংস্কৃতিক অনুষ্ঠান “নক্ষত্ৰ”ই প্ৰদৰ্শন কৰা অনুষ্ঠানে আপ্লুত কৰি তোলে উপস্থিত দৰ্শকক । ইপিনে “বসন্ত উৎসৱ”ৰ কাৰ্যসূচীত বিগত ২০০৯ বৰ্ষৰ পৰাই এগৰাকী প্ৰচাৰ বিমুখ তথা চহা শিল্পীক তেখেতৰ বিৰল কৰ্মৰাজিক ৰাইজৰ মাজত চিনাকি কৰি দিয়াৰ উদ্দেশ্যৰে “কলংপৰীয়া শিল্পী বঁটা” প্ৰদান কৰি অহা হৈছে । চলিত বৰ্ষৰ বসন্ত উৎসৱত জিলাখনৰে হাতীচোং মৌজাৰ ৰাইদঙীয়াৰ নতুন ভোগবাৰীৰ লোক সংস্কৃতিৰ সাধক চহা শিল্পী মাণিক কলিতাক প্ৰদান কৰা হয় “কলংপৰীয়া শিল্পী বঁটা” । ম’হৰ শিঙৰ পেঁপাত অসমৰ জাতীয় জীৱনৰ প্ৰাণ স্পন্দন বিহু গীতৰ সুৰ তুলি সকলোকে মুগ্ধ কৰা বৰ্ষীয়ান শিল্পী মাণিক কলিতাক সাংস্কৃতিক গোষ্ঠী “সৃষ্টি”ৰ তৰফৰ পৰা “কলংপৰীয়া শিল্পী বঁটা” প্ৰদান কৰাত নগঞা সংস্কৃতিবান ৰাইজে সন্তোষ প্ৰকাশ কৰে ।

ষ্মৰ্তব্য যে ৯১বছৰীয়া বৰ্ষীয়ান শিল্পীগৰাকী আজিও কৰ্মোদ্যমী হৈ আছে । বয়সে হাৰ মনাব নোৱাৰা চিৰ তৰুণ শিল্পীগৰাকীয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ গীতো পেঁপাত বজাব পাৰে । কলিতাই ২০ বাৰৰো অধিক শ্ৰীকৃষ্ণৰ ৰাসলীলাত শংখচূড়ৰ ভাঁৱত অভিনয় কৰিছে । তদুপৰি অংকীয়া ভাওনাত তেওঁ বিভিন্ন ভাঁৱত অভিনয় কৰিছে । চহা শিল্পী কলিতাই মৰিগাঁৱৰ আহঁতগুৰিৰ ম’হযুঁজস্থলী আৰু নগাঁও নেহৰুবালিত নাকৰে পেঁপা বজাই সকলোকে মুগ্ধ কৰিছিল । তাৎপৰ্যপূৰ্ণ যে মাণিক কলিতাৰ ম’হৰ শিং সদৃশ দীঘল মোছ কোচা সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ। চহা শিল্পীগৰাকীৰ বিহু নৃত্য-গীত প্ৰদৰ্শনৰ অন্যতম সহযোগী আছিল কুঁজীডাহ কমাৰচুকৰ বিজয় দাস আৰু গোলাপী নাথ । তেওঁলোকে সোণাই নদী উত্তৰ আঞ্চলিক হাতীচোং মৌজাৰ “কেতেকী চৰাই বিহুৱা দল” নামৰ এটা দল গঠন কৰিছিল । এই দলটোৱে অবিভক্ত নগাঁও জিলাৰ বিভিন্ন স্থানত বিহু নৃত্য-গীত প্ৰদৰ্শন কৰি সমাদৃত হৈছে । এই অনুষ্ঠানতে “মাষ্টাৰ চেফ” খিতাপ অৰ্জন কৰা শান্তা শৰ্মাকো সম্বৰ্ধনা জ্ঞাপন কৰা হয় । “বসন্ত উৎসৱ”ৰ সমূহ কাৰ্যসূচী সাফল্য মণ্ডিত কৰি তোলাৰ বাবে প্ৰতিগৰাকী দৰ্শক ৰাইজক “সৃষ্টি”ৰ সমূহ কৰ্মকতাই কৃতজ্ঞতা জ্ঞাপন কৰে ।

ঋতু পৰ্ণ শৰ্মা,নগাঁও

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!