ভাৰত চৰকাৰে পলাতক প্রৱঞ্চক ব্যৱসায়ী বিজয় মালিয়াক স্বদেশলৈ ওভতাই আনিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইতিমধ্যে ভাৰত চৰকাৰে ফ্ৰান্সৰ বিষয়াৰ স’তে যোগাযোগ কৰি চৰ্তহীনভাবে মালিয়াক ভাৰতলৈ প্রত্যর্পণৰ দাবী উত্থাপন কৰিলে। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক বাতৰিত উল্লেখ কৰা অনুসৰি বৰ্তমানেও মালিয়া ব্রিটেইনতে আছে আৰু ভাৰতে ব্রিটেইন চৰকাৰৰ স’তেও এই বিষয়ত যোগাযোগ অব্যাহত ৰাখিছে।
Author: GTM Desk
ইজৰাইলৰ আৰু হামাছৰ মাজত অব্যাহত থকা যুদ্ধৰ প্ৰভাৱ আমেৰিকাতো ক্রমে স্পষ্ট হ’বলৈ ধৰিছে। আমেৰিকাৰ একাংশ অঞ্চলত সম্প্রতি বিশ্ববিদ্যালয়ৰ শিক্ষার্থীয়ে পেলেষ্টাইনৰ সমর্থনত আৰু ইজৰাইলৰ বিৰোধিতাৰে ব্যাপক প্রতিবাদী আন্দোলন অব্যাহত ৰাখিছে। আমেৰিকাৰ প্রিন্সটন ইউনিভাৰছিটিত আয়োজিত এনে ইজৰাইল বিৰোধী প্ৰতিবাদত অংশ লোৱা এগৰাকী ভাৰতীয় মূলৰ ছাত্ৰীক প্রশাসনে গ্রেপ্তাৰ কৰিলে। প্রকাশিত বাতৰি অনুসৰি ভাৰতীয়
নিউজ ব্যুৰ’,নগাঁও,২৭এপ্ৰিল:–ভোটাৰ ৰাইজৰ ব্যাপক উৎসাহজনক সহাঁৰিয়ে ৯নং নগাঁও লোকসভা সমষ্টিত শুকুৰবাৰে দুই-এটা বিসংগতিৰ বাহিৰে শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ প্ৰক্ৰিয়া সম্পন্ন হয়। সংসদীয় সমষ্টিটোত পুৱাৰে পৰা নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ বাবে ৰাইজ হিলদ’ল ভাঙি ওলাই অহাৰ লগতে নৱ প্ৰজন্মৰ ভোটাৰৰ উৎসাহ আছিল লক্ষণীয়। আনকি ৯০বছৰ উৰ্দ্ধৰ বৃদ্ধ-বৃদ্ধায়েও নিজৰ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবৰ বাবে
নিউজ ব্যুৰ’,নগাঁও,২৭এপ্ৰিল:–ৰাজ্যৰ বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠান “প্ৰতিদিন টাইম”ৰ মধ্য অসমৰ ব্যুৰ’ চীফ তথা নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক বীৰেন বৰাক “নগাঁও জিলা শ্ৰেষ্ঠ সাংবাদিকতা বঁটা” প্ৰদান কৰা হৈছে। নগাঁও জিলাৰ “ৰং সাংস্কৃতিক গোষ্ঠী আৰু সেউজ সংঘ”ই বঢ়মপুৰৰ চলচলি বিৰহী গাওঁ ন-বাট তিনিআলিত আয়োজিত ৰঙালী বিহুৰ কাৰ্যসূচীত সাংবাদিকগৰাকীক প্ৰদান কৰা হয় এই বঁটা। উল্লেখ্য
নিউজ ব্যুৰ’,নগাঁও,২৭এপ্ৰিল:–ব্যক্তিগত প্ৰচেষ্টাৰে নিজ বাসগৃহত এটি সংগ্ৰহালয় স্থাপন কৰি ৰাইজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে নগাঁৱৰ এগৰাকী শিক্ষকে । কঠিয়াতলীৰ কছাৰী গাঁৱৰ অৱসৰপ্ৰাপ্ত শিক্ষকগৰাকী হৈছে ভূপেন চন্দ্ৰ বৰদলৈ। অনন্য প্ৰয়াসৰে সংগ্ৰহালয় স্থাপন কৰা ব্যক্তিগৰাকীয়ে কাঠ আৰু বাঁহৰ বিভিন্ন ধৰণৰ সামগ্ৰী সাজি লাভ কৰিবলৈ সক্ষম হৈছে ৰাইজৰ ব্যাপক সমাদৰ । অৱসৰপ্ৰাপ্ত