সম্প্রতি আন্তর্জাতিক নাৰী সৰবৰাহৰ মৃগয়া ক্ষেত্রত পৰিণত হৈছে চুবুৰীয়া ৰাজ্য ত্ৰিপুৰা। ৰাজ্যখনৰ কমলসাগৰ বিধানসভাৰ বিভিন্ন সীমান্তৱর্তী এলেকাত নাৰী সৰবৰাহৰ লগতে নিষিদ্ধ সামগ্ৰীৰ বেহা সন্দৰ্ভত কেতবোৰ তথ্য পোহৰলৈ আহিছে। নিষিদ্ধ ড্ৰাগছসহ
Author: Shahnawaz Hamza
মালিগাঁৱৰ কামাখ্যা গে’টত পথ দুৰ্ঘটনা। নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল পানীৰ টেংকাৰ। প্ৰথমে উৰণ সেতুৰ এটা খুঁটাত খুন্দা টেংকাৰখনৰ। তাৰ পাছতে ডিভাইডাৰত খুন্দা মাৰে টেংকাৰখনে। দুৰ্ঘটনা সংঘটিত কৰিয়েই পলায়ন চালকৰ।
ৰাজ্যত বৃদ্ধি গৰু চুৰিৰ ঘটনা। কলিয়াবৰত গাই গৰুসহ এখন হুণ্ডাই i10 বাহন জব্দ। উলুৱনী আৰক্ষীয়ে খেদি খেদি কৰায়ত্ত কৰে বাহনখন। আন্ধাৰৰ সুযোগ লৈ চোৰৰ পলায়ন। গৰুচোৰৰ সন্ধানত আৰক্ষীৰ অভিযান অব্যাহত।
কাছাৰৰ লাইলাপুৰত বিৰল প্ৰজাতিৰ ৭টাকৈ বিদেশী বন্যপ্ৰাণী উদ্ধাৰ। মহিলাসহ আৰক্ষীৰ জালত ৫জনকৈ বন্যপ্ৰাণী সৰবৰাহকাৰী। ধৃত আটাইকেজনৰে ঘৰ চুবুৰীয়া মিজোৰামত। পিঞ্জৰাবদ্ধ অৱস্থাত ৭টাকৈ অষ্ট্ৰলিয়ান প্ৰজাতিৰ বন্যপ্ৰাণী উদ্ধাৰ।
মিজোৰামত অসম ৰাইফলছ, নাৰ্কোটিক্স বিভাগৰ অভিযান। অভিযানত জব্দ ৪.৮২ কোটি টকাৰ হেৰ’ইন। ৪ সৰবৰাহকাৰীক আটক আৰক্ষীৰ। চাম্ফাই জিলাৰ চুংটে আৰু জোটেত চলিছিল অভিযান।