পাচনতন্ত্র শক্তিশালী কৰাৰ আয়ুর্বেদিক উপায়

0 min read

আয়ুর্বেদ অনুসৰি পাচন সম্বন্ধীয় সমস্যা হৈছে প্রায়ভাগ ৰোগৰ মূল কাৰণ৷ পাচনতন্ত্র শক্তিশালী হ’লে অধিকসংখ্যক ৰোগ প্রতিৰোধ কৰাৰ লগতে নিৰাময় কৰিব পাৰি৷ আয়ুর্বেদত পাচনতন্ত্র সবল কৰি ৰাখিবলৈ কেতবোৰ নিয়মাৱলী উল্লেখ কৰিছে৷ সেইসমূহ হৈছে–
ৰাতিপুৱা শুই উঠি পানী সেৱন কৰাঃ ৰাতিপুৱা শুই উঠিয়ে এগিলাচ পানী খোৱাৰ অভ্যাসে পাচন সম্বন্ধীয় বহুতো সমস্যা দূৰ কৰে৷ শুই উঠি পানী খালে ক্ষুদ্রান্তৰ কার্যক্ষমতা বঢ়াৰ ফলত আমাৰ শৰীৰৰ অলাগতিয়াল দ্রব্য নিষ্কাশন হোৱাত সহায় কৰে৷
সঠিক দিনচর্যা পালন কৰাঃ সঠিক দিনচর্যা পালন কৰাটো আমাৰ শৰীৰৰ বাবে অতি আৱশ্যক৷ পুৱা শুই উঠাৰ পৰা ৰাতি শুৱালৈকে সঠিক দিনচর্যা মানি চলা উচিত৷ সদায় সঠিক সময়ত ভোজন কৰা উচিত৷ পুৱাৰ আহাৰৰ পৰা আৰম্ভ কৰি ৰাতিৰ আহাৰলৈকে সদায় একে সময়ত খাব লাগে৷ আমাৰ শৰীৰটোৱে আমি পালন কৰা দিনচর্যা অনুসৰি নিজকে খাপ খুৱাই লয়৷ গতিকে সদায় সঠিক সময়ত খোৱাৰ লগতে একে সময়ত শোৱা উচিত৷ বহুসংখ্যক লোকে কামৰ তাগিদাত ৰাতি দেৰিলৈকে থাকে আৰু পুৱাও দেৰিকৈ শুই উঠে৷ ৰাতি দেৰিলৈকে জাগি থকাৰ ফলত পাচনতন্ত্রৰ ওপৰত বিৰূপ প্রভাৱ পৰে৷ সেয়ে ৰাতি সোনকালে শুবলৈ যোৱাৰ অভ্যাস কৰিব লাগে৷
পর্যাপ্ত টোপনিঃ টোপনিৰ লগত আমাৰ শৰীৰটোৰ ওতপ্রোত সম্বন্ধ আছে৷ খাদ্যৰ লগতে টোপনিও আমাৰ শৰীৰটোৰ বাবে অতি আৱশ্যক৷ বহুতে ভাবে যে কমকৈ টোপনি যোৱাৰ পিছতো তেওঁ নিজকে ফিট ৰাখিছে৷ কিন্তু এয়া ভুল ধাৰণা৷ অলপ দিনৰ বাবে ঠিকে থাকিলেও পিছলৈ ইয়ে আপোনাৰ স্বাস্থ্যৰ অৱনতি ঘটাব৷ সেয়েহে দিনে কমেও ৮ ঘণ্টা ভাল টোপনি যোৱা অতি আৱশ্যক৷
সতেজ আহাৰ গ্রহণ কৰকঃ আয়ুর্বেদ অনুসৰি খোৱা খাদ্য ভালদৰে হজম হোৱাৰ অন্যতম নীতি হৈছে সতেজ আহাৰ গ্রহণ কৰা৷ গৰম আৰু সতেজকৈ তৈয়াৰ কৰা খাদ্যই এনজাইমৰ কার্যক্ষমতা বঢ়াই তোলে৷
ভোক লাগিলেহে খাদ্য খোৱা উচিতঃ বহু লোকে যেতিয়া ভোক লাগে তেতিয়া একো নাখায় আৰু যেতিয়া ভোক নাথাকে কিবা নহয় কিবা খাই থকা দেখা যায়৷ যিটো স্বাস্থ্যৰ বাবে অতি ক্ষতিকাৰক৷ সেয়ে আয়ুর্বেদত ভোক লাগিলেহে খোৱাৰ কথা উল্লেখ কৰিছে৷ অত্যধিক খাদ্য সেৱন কৰাৰ ফলত পাচনতন্ত্রত অধিক চাপ পাৰে৷
খাদ্য ভালদৰে চোবাই খাওকঃ খাদ্য কেতিয়াও খৰধৰকৈ খোৱা অনুচিত৷ লাহে–ধীৰে ভালদৰে চোবাই খাব লাগে৷ এনেদৰে খালে পাকস্থলীত ভালদৰে খাদ্য হজম হোৱাত সহায় হয়৷ আহাৰ যিমানে চোবাই খাব, সিমানে আমাৰ শৰীৰে পোষক তত্ত্বসমূহ লাভ কৰিব৷
পানী খোৱাৰ নিয়মঃ আয়ুর্বেদৰ মতে খাদ্য খোৱাৰ আগতে বেছিকৈ পানী খোৱা অনুচিত৷ আহাৰ খোৱাৰ আগতে আৰু খাই থাকোঁতে অত্যধিক পানী খালে পাচন ক্রিয়া কমি যায়৷ সেয়ে আয়ুর্বেদত আহাৰ খোৱাৰ আধা ঘণ্টা পিছত ভালদৰে পানী খোৱাৰ কথা কৈছে৷ পানী সদায় কুহুমীয়া গৰম কৰি খাব লাগে৷ ঠাণ্ডা পানী বিশেষকৈ ফ্রীজৰ পানী স্বাস্থ্যৰ বাবে ক্ষতিকাৰক৷
আটাইকেইবিধ ৰস খাদ্য তালিকাত অন্তর্ভুক্ত কৰকঃ সুষম খাদ্যৰ বাবে গোটেই ছয় প্রকাৰৰ ৰস খাদ্য তালিকাত অন্তর্ভুক্ত থকাটো অতি জৰুৰী৷ এই ছয়বিধ ৰস যেনে– মধুৰ, অম্ল, লৱণ, কটু, তিক্ত আৰু কষায়ে আমাৰ শৰীৰত দোষৰ সমতা বজাই ৰাখে৷
নিশাৰ আমাৰ খোৱাৰ পিছত খোজকঢ়াঃ আয়ুর্বেদ অনুসৰি নিশাৰ আহাৰ খোৱাৰ পিছত কমেও ১০০ খোজ কাঢ়িবলৈ উপদেশ দিছে৷ ইয়াৰ ফলত খাদ্য ভালদৰে হজম হয় আৰু তেজত ছুগাৰৰ পৰিমাণ সাম্য অৱস্থাত থাকে৷
আহাৰ খোৱাৰ পিছত বজ্রাসন কৰকঃ বজ্রাসন এনে এবিধ আসন, যাক আহাৰ খোৱাৰ পিছত কৰিবলৈ নির্দেশ দিয়া হৈছে৷ বজ্রাসন কৰাৰ ফলত পাচনতন্ত্রৰ অংগসমূহলৈ তেজ চলাচল হোৱাৰ ফলত পাচনতন্ত্রৰ কার্যক্ষমতা বৃদ্ধি পায়৷
শাৰীৰিক কার্য কৰকঃ যিসকল লোকে কোনো ধৰণৰ শাৰীৰিক কার্য নকৰে, তেওঁলোকৰ পাচনতন্ত্র অতি কম সময়তে ৰুগীয়া হ’বলৈ ধৰে৷ যদিহে অফিচত কোনো ধৰণৰ শাৰীৰিক কাম নাথাকে, তেন্তে পুৱা শুই উঠি খৰকৈ খোজকঢ়া, চাইক্লিং ইত্যাদি কৰিব পাৰে৷
অনবৰত বহি নাথাকিবঃ অনবৰত বহি থাকিলে খোৱা খাদ্য ভালদৰে হজম নহয়৷ যিসকল লোকে অনবৰত কম্পিউটাৰত বহি কাম কৰিব লগা হয়, তেওঁলোকে মাজে মাজে ব্রেক লৈ খোজকঢ়া উচিত৷
অত্যধিক চর্বি আৰু তেলজাতীয় খাদ্য বর্জন কৰাঃ আমাৰ বয়স যিমানে বাঢ়ি যায় সিমানে তেলজাতীয় খাদ্য হজম কৰাৰ ক্ষমতা কমি যায়৷ অত্যধিক চর্বি, তেলজাতীয় আৰু ফাষ্টফুড খোৱাৰ ফলত বজহজম, বমি, টেঙা উগাৰ ইত্যাদি হ’বলৈ ধৰে৷ চর্বিযুক্ত খাদ্যই আমাৰ পাচন ক্রিয়াৰ কার্যক্ষমতা কমাই দিয়ে৷ যাৰ ফলত খাদ্য হজম হোৱাত পলম হয়৷
মদ, চিগাৰেটৰ পৰা দূৰত থাককঃ মদ আৰু চিগাৰেট সেৱনৰ ফলত আমাৰ পাচনতন্ত্র বেয়া হোৱাৰ উপৰি বিভিন্ন বেমাৰে বেৰি ধৰে৷ চাহ, কফী ইত্যাদিও পৰাপক্ষত কমাই খোৱা উচিত৷
পাচনশক্তি বঢ়াবলৈ কেইবিধমান বিশেষ খাদ্য তলত উল্লেখ কৰা হৈছে–
ইলাচিঃ ইলাচি গর্ভৱতী মহিলাৰ বাবে অতি লাভকাৰী৷ ইলাচিয়ে গর্ভৱতী মহিলাৰ পাচন সম্বন্ধীয় সমস্যা দূৰ কৰে৷ চাহৰ লগতো ইলাচি ব্যৱহাৰ কৰিব পাৰে৷
নেমুঃ নেমু আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ নেমু খোৱাৰ ফলত পেটৰ বহুতো সমস্যা, বদহজম, গেছ ইত্যাদি দূৰ হয়৷
মধুৰিআমঃ মধুৰিআম এবিধ অতি উৎকৃষ্ট ফল৷ মধুৰিআমত ভিটামিন–চি, ফছফৰাছ, পটাছিয়াম আদি থাকে৷ মধুৰিআম খোৱাৰ ফলত মস্তিষ্ক, হূদযন্ত্র আৰু পাচনতন্ত্র মজবুত হয়৷
চফঃ এচিডিটি, বুকু জ্বলা–পোৰা, খোৱা খাদ্য ভালদৰে হজম হ’বলৈ চফ খাওক৷ নিতৌ এচামুচকৈ চফ খালে পাচনতন্ত্র ঠিকে থাকে৷
হালধিঃ হালধিয়ে আমাৰ বদহজম, পেটৰ আলচাৰ, পাচন সম্বন্ধীয় সমস্যা আদি দূৰ কৰে৷
আমলখিঃ আমলখিয়ে আমাৰ শৰীৰত ‘ভিটামিন–চি’ৰ অভাৱ দূৰ কৰে৷ আমলখি নিতৌ খোৱাৰ ফলত আমাৰ পাচনতন্ত্র ৰুগীয়া হোৱাৰ পৰা ৰক্ষা পৰে৷ আমলখি পিচি তাৰ লগত জালুক, হিং, জিৰা মিহলায়ো খাব পাৰে৷
কেঁচা অমিতা স্বাস্থ্যৰ বাবে অতি উপকাৰী৷ অমিতাত পেপেইন নামৰ এবিধ এনজাইম থাকে, যিয়ে খোৱা খাদ্যত থকা প্র’টিন বিভাজিত কৰি পাচনযোগ্য কৰি তোলে৷
কলঃ কল পেটৰ বাবে এবিধ উৎকৃষ্ট ফল৷ কল সেৱনৰ ফলত পাচন শক্তি বাঢ়ে৷
চালাদঃ খাদ্য ভালদৰে হজম হ’বলৈ চালাদ খাওক৷
চালাদত নেমু, বিলাহী, পিঁয়াজ আদিও অন্তর্ভুক্ত কৰিব পাৰে৷
ইয়াৰ উপৰি মুগ, গজালি ওলোৱা বুট, আম, ডালিম, কমলা ইত্যাদি খোৱা উচিত৷
পাচন শক্তি বঢ়াবলৈ কেইটামান ঘৰুৱা দিহা–
দৈ পাচন ক্রিয়াৰ বাবে অতি উত্তম৷ সেয়েহে দৈ সেৱন কৰক৷
আজৱাইন পানীৰ লগত উতলাই খালে পাচনতন্ত্র ঠিকে থাকে৷
আনাৰসৰ ৰস পাচনতন্ত্রৰ বাবে অতি উত্তম৷
নেমুত ক’লা নিমখ মিহলাই খালে বদহজম দূৰ হয়৷
হিং ব্যৱহাৰ কৰক৷ ইয়াৰ ফলত বদহজম আৰু গেছ দূৰ হয়৷
২–৩ গ্রাম শুকান আদাৰ গুড়ি কুহুমীয়া গৰম পানীৰ লগত খাওক৷
এচামুচ ভজা জিৰা গুড়ি এগিলাচ পানীৰ লগত মিলাই খাওক৷
সমান পৰিমাণৰ আদাৰ ৰস আৰু নেমুৰ ৰসৰ লগত এচিকুট নিমখ মিলাই আহাৰ খোৱাৰ আগত গ্রহণ কৰক৷
গেছ দূৰ কৰিবলৈ কেঁচা নহৰু খাওক৷

You May Also Like

More From Author