25.4 C
Assam
Saturday, June 10, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

ৰংজালী বৈশাগুক আদৰাৰ ব্যাপক প্ৰস্তুতি…

Assamese Newsৰংজালী বৈশাগুক আদৰাৰ ব্যাপক প্ৰস্তুতি...

ৰঙালী বিহুৰ সমান্তৰালকৈ আৰাম্ভ হৈছে বড়োসকলৰ ৰংজালী বৈশাগু । বি টি আৰৰ বড়ো জনগোষ্ঠীৰ মাজতো ৰংজালী বৈশাগুক আদৰাৰ ব্যাপক প্ৰস্তুতি।

ওৰাঙৰ কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে প্ৰাক ৰংজালী বৈশাগু । কলাগুৰু বিষ্ণু ৰাভা স্নাতক মহাবিদ্যালয়ৰ নিখিল বড়ো ছাত্ৰ সন্থাৰ শাখা সমিতিৰ উদ্যোগত অনুষ্ঠিত হৈছে এই প্ৰাক ৰংজালী বৈশাগু অনুষ্ঠান । বাগুৰুম্বাৰ সুৰৰ মূৰ্চনাৰে মুখৰিত কলাগুৰু বিষ্ণুৰাভা মহাবিদ্যালয়ৰ বাকৰি ৷‌

শিক্ষাগুৰু সকলক সেবা জনাই, আৰনা উপহাৰ দি শিক্ষাগুৰুৰ আৰ্শিবাদ গ্ৰহণেৰে আৰম্ভ হল প্ৰাক ৰংজালী বৈশাগু ৷ বড়ো জনগোষ্ঠীৰ হেপাহৰ উৎসৱ বৈশাগু । বৈশাগুক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে দেখা গৈছে ব্যাপক উচাহ আৰু উদ্দিপনা । ব্যতিক্ৰম নহয় ওৰাঙৰ একমাত্ৰ উচ্চ শিক্ষানুস্থান কলাগুৰু বিষ্ণু ৰাভা মহাবিদ্যালয়ো ৷ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত সম্প্ৰতি আৰু বৈশাগুক পৰিচয় কৰাই দিয়াৰ এক মহান উদ্দেশ্য আগত ৰাখি কলাগুৰ বিষ্ণু ৰাভা মহাবিদ্যালয়ৰ আবছুৰ সহযোগত বৰ্ণময় কাৰ্য্যসুচীৰে পালন কৰা হয় প্ৰাক বৈশাগু।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!