ধন দাবীৰ অভিযোগত বজালীৰ SPসহ ৮ বিষয়াক ৰিজাৰ্ভ ক্লজড

ধন দাবীৰ অভিযোগত বজালীৰ SPসহ ৮ বিষয়াক ৰিজাৰ্ভ ক্লজড
Calcutta, India - August 15, 2014: Indian police with walkie talkie. Police squad the place with walkie talkie.

যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বজালীৰ আৰক্ষী অধীক্ষকসহ ৮ আৰক্ষী বিষয়া। আৰক্ষী অধীক্ষক-ডিএছপিসহ ৮ শীৰ্ষ আৰক্ষী বিষয়াক ৰিজাৰ্ভ ক্লজড কৰা হৈছে। অৰ্থনৈতিক অপৰাধৰ অভিযোগত গ্ৰহণ কৰা হৈছে এই শাস্তিমূলক ব্যৱস্থা। ধনদাবীৰ অভিযোগত চিআইডি এই গোচৰ ৰুজু কৰা হৈছে। ৫ কোটি দাবী কৰিছিল বজালীৰ আৰক্ষী অধীক্ষকে। এই দাবী ৰবিউল ইছলামৰ আত্মীয়ৰ। কোনো অভিযোগ নোহোৱাকৈ হেণ্ডকাফ লগাই নিছিল ৰবিউলক। দুদিন থানাত ৰাখি মাৰপিট কৰাৰো বিস্ফাোৰক অভিযোগ আনিছে আত্মীয়ই। ইফালে এই ঘটনাক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কয় আৰক্ষীয়ে নিজৰ চৰিত্ৰ সলনি কৰিব লাগিব। আগতে দাবী-ধমকি দি যেনেকৈ চলিছিল, সেইদৰে এতিয়া নচলিব। আৰক্ষীৰ শীৰ্ষ বিষয়া হ’লেও কঠোৰ ব্যৱস্থা লোৱা হ’ব।

GTM Desk

Related