ধাননিৰ মাজত দলবদ্ধভাৱে ধৰ্ষণ কৰি হত্যা যুৱতীক

1 min read

নৃশংস, বৰ্বৰ আৰু লজ্জাজনক ৷ বাক্সাৰ বাগানপাৰাত সংঘটিত হৈছে এক নৃশংস আৰু লজ্জাজনক ঘটনা ৷ এগৰাকী ২২ বছৰীয়া যুৱতীক দলবদ্ধ ধৰ্ষণ কৰি হত্যা কৰিলে এচাম বিকৃত মানসিকতাৰ লোকে ৷ বাগানপাৰা আৰক্ষী চকীৰ অন্তৰ্গত উত্তৰপাৰাত দেওবাৰে নিশা সংঘটিত হৈছে এই লজ্জাজনক তথা নৃশংস হত্যাকাণ্ডটো ৷

পুৱা বিচনাত কন্যাক নেদেখি বিচাৰ খোচাৰ কৰাত তেওঁলোকৰ ধাননি পথাৰত যুৱতীগৰাকীক সম্পূৰ্ণ উলংগ অৱস্থাত প্ৰত্যক্ষ কৰে ৷ পিছত ঘটনা সম্পৰ্কে বৰবৰী আৰক্ষী থানাত খবৰ দিয়াত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰে ৷ উল্লেখ্য যে, যুৱতীগৰাকীৰ মৃতদেহত নাছিল কোনো কাপোৰ ৷ সম্পূৰ্ণ নগ্ন অৱস্থাত ধাননি পথাৰত মৃতদেহটো প্ৰত্যক্ষ কৰি সেয়া দলৱদ্ধ ধৰ্ষণ কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে পৰিয়ালে ৷

পৰিয়ালে জানিবলৈ দিয়া মতে, নিশাই সংঘটিত হৈছে ঘটনাটো ৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী আৰু দণ্ডাধীশ উপস্থিত হৈ মৃতদেহটো প্ৰত্যক্ষ কৰি পিচত মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে ৷ ইফালে এই ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দি আদিবাসী ছাত্ৰ সন্থাই দোষীক কৰায়ত্ব কৰি উচিত শাস্তি দিবলৈ প্ৰশাসনক দাবী জনায় ৷

You May Also Like

More From Author