কটপা আইন কঠোৰ ভাবে বলবৎ কৰি শিক্ষানুষ্ঠানৰ কাষত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী সম্পূৰ্ণ ভাবে নিষিদ্ধ কৰাৰ দাবী

1 min read

গুৱাহাটী, আগষ্ট ১: শিশু, কিশোৰ আৰু যুব প্ৰজন্মক যি কোনো প্ৰকাৰৰ ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰীৰ তীব্ৰ বিৰোধিতা কৰিছে অসম চেম্বাৰ অফ কমাৰ্চ, কনজিউমাৰ ভয়েছ, নতুন দিল্লী আৰু কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমে। সংগঠন তিনিটাই চিগাৰেট এণ্ড আডাৰ টবাকো প্ৰডাক্ট এক্ট-২০০৩ (কটপা) আইনখন কঠোৰ ভাবে বলবৎ কৰাৰ লগতে শিক্ষানুষ্ঠানৰ কাষত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ বিক্ৰী কঠোৰ ভাবে নিষিদ্ধ কৰাৰ দাবী উত্থাপন কৰিছে।

এক যৌথ বিবৃতিত অসম চেম্বাৰ অফ কমাৰ্চ, কনজিউমাৰ ভয়েচ, নতুন দিল্লী আৰু কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম, অসমে অভিভাৱক , শিক্ষক, শিক্ষানুষ্ঠান আৰু হোষ্টেলৰ পৰিচালক সকলক আহ্বান জনাই কয় – ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী সেৱনৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা ভয়াবহ প্ৰভাব আৰু ইয়াৰ পৰা হবলগীয়া ৰোগৰ বিষয়ে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক বুজোৱা উচিত যাতে তেওঁলোক ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ প্ৰতি আসক্ত নহয়।

যৌথ বিবৃত্তিটোত অসম চেম্বাৰ অফ কমাৰ্চৰ অধ্যক্ষ ৰূপম গোস্বামী কয় – প্ৰতিজন ব্যৱসায়ী কটপা-২০০৩ আইনৰ প্ৰতিটো ধাৰা মানি চলা উচিত। ইয়াৰ দ্বাৰা এই আইন বলবৎ কৰাৰ ক্ষেত্ৰত সহায়ক হব। কটপা আইনৰ ধাৰা সমূহ যদি বলবৎ হোৱা নাই তেন্তে এই আইনে সমাজৰ একো পৰিৱৰ্তন আনিব নোৱাৰিব। ইয়াৰ বাবে চৰকাৰে ব্যাপক সজাগতা সৃষ্টি কৰিব লাগিব। অসম চেম্বাৰ অফ কমাৰ্চৰ যদি কোনো সদস্য এই আইন উলংঘা কৰে তেন্তে তেনে সদস্যৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হব।

কনজিউমাৰ ভয়েচ, নতুন দিল্লীৰ সচিব আৰু মুখ্য কাৰ্যবাহী বিষয়া অসীম স্যনেলে যৌথ বিবৃতিত স্বাক্ষৰ কৰি অসম চেম্বাৰ অফ কমাৰ্চৰ সদস্য ভুক্ত প্ৰতিজন ব্যৱসায়ীকে বর্তমানৰ আৰু সংশোধিত কটপা আইন কাৰ্যক্ষেত্ৰত মানি চলিবলৈ আহ্বান জনায়। তেওঁ অভিযোগ কৰি কয় – বিগত বৰ্ষত দেশৰ অন্য প্ৰান্তৰ লগতে অসমতো চলোৱা এক সমীক্ষাত স্পষ্ট হৈ পৰিছে যে কটপা আইন উলংঘা কৰি একাংশ ব্যৱসায়ীয়ে শিক্ষানুষ্ঠানৰ নিচেই কাষতে ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী মুকলি ভাৱে বিক্ৰী কৰি আছে। ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰীৰ স্বাৰ্থত ব্যৱসায়ী সকলে এনেদৰে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মক লক্ষ্য কৰি লোৱাটো আইন বিৰুদ্ধ আৰু অনুচিত। ব্যৱসায়ী সকল এনে কাৰ্যৰ পৰা আঁতৰি থকা উচিত।

যৌথ বিবৃতিত অন্যতম স্বাক্ষৰ কৰি কনজিউমাৰ্চ লীগেল প্ৰটেকশ্যন ফৰাম,অসমৰ সচিব অধিবক্তা অজয় হাজৰিকাই কয়- ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ নিয়ন্ত্ৰণ কৰা মানেই ধঁপাত বিক্রেতাৰ জীৱিকাক ক্ষতি কৰাটো নুবুজায়। ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰীৰ ব্যৱহাৰৰ ফলত হব পৰা ক্ষতিৰ পৰা শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মৰ জীবন ৰক্ষা কৰা ক্ষেত্ৰত ব্যৱসায় সকলৰো দায়িত্ব আছে।শিক্ষানুষ্ঠানৰ কাষত ধঁপাত আৰু ধঁপাত জাতীয় সামগ্ৰী বিক্ৰী কৰা ব্যৱসায়ী সকলে এবাৰ চিন্তা কৰি চোৱা উচিত যে এই সামগ্ৰী সমূহে শিশু, কিশোৰ আৰু যুৱ প্ৰজন্মৰ কাৰণে কেনেকৈ নীৰৱ ঘাটকৰ দৰে কাম কৰি আছে।

You May Also Like

More From Author