17.9 C
Assam
Thursday, March 23, 2023

Featured News

কুকুৰ খোৱা প্ৰসংগ: মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বৰ পত্ৰ

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীলৈ ড০ হিমন্ত বিশ্ব শৰ্মাৰ পত্ৰ।...

কেফেৰ বাহিৰত এনেদৰে হনুমান চালিচা পাঠ কৰিলে যুৱক-যুৱতীয়ে……

আধ্যাত্মিক পৰিৱেশ নৱপ্ৰজন্মৰ মাজত। কেফেৰ বাহিৰত এনেদৰে...

কেতিয়া স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল বন্দনাই?

Assamese Newsকেতিয়া স্বামী আৰু শাহুৱেকক হত্যা কৰিছিল বন্দনাই?

হত্যাকাণ্ডত ব্যৱহৃত এখন বাহন তিনিচুকীয়াত জব্দ কৰা হৈছে। ১৭ ফেব্ৰুৱাৰীত বাহনখনৰ সৈতে ধনজিৎ ডেকাক আটক‌ কৰে তিনিচুকীয়া আৰক্ষীয়ে।

নুনমাটিৰ ডাবল মাৰ্ডাৰৰ ঘটনাৰ এটাৰ পিছত আনটো তথ্য পোহৰলৈ আহি আছে। শেহতীয়া খবৰ অনুসৰি, ২০২২ৰ ২৬ জুলাইত শাহুৱেকক হত্যা কৰিছিল বন্দনা কলিতাই। হত্যা কৰি মৃতদেহ ডাৰে কাটি ভৰাই থৈছিল ফ্ৰীজত। ১৭ আগষ্টত স্বামীক হত্যা কৰিছিল বন্দনা কলিতাই। দুয়োৰে মৃতদেহ পৃথক পৃথকভাৱে মেঘালয়লৈ নি পেলাইচিল বন্দনাই।

ইফালে, হত্যাকাণ্ডত ব্যৱহৃত এখন বাহন তিনিচুকীয়াত জব্দ কৰা হৈছে। ১৭ ফেব্ৰুৱাৰীত বাহনখনৰ সৈতে ধনজিৎ ডেকাক আটক‌ কৰে তিনিচুকীয়া আৰক্ষীয়ে। উল্লেখযোগ্য যে যোৱা চাৰি মাহমানৰ পৰা ধনজিৎ ডেকাই বন্দনাৰ দেউতাকৰ বোন্দাৰ ঘৰত ভাৰাতীয় হিচাপে আছিল।

বৰ্তমান চাৰিদিনৰ আৰক্ষীৰ জিম্মাত আছে বন্দনা কলিতা। আজি আদালতত হাজিৰ কৰোৱা হ’ব ধনজিৎ ডেকা আৰু অৰূপ ডেকাক। যিহেতু আৰক্ষীৰ জিম্মাত আছে, সেয়ে বন্দনা কলিতাক আজি আদালতত হাজিৰ কৰোৱা নহয়। আৰক্ষীয়ে ১০ দিনৰ জিম্মাত বিচাৰিব ধনজিৎ ডেকা আৰু অৰূপ ডেকাক।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!