দাগী অপৰাধীয়ে পৰিকল্পিতভাৱে জ্বলাই দিলে বটদ্ৰৱা থানা !

1 min read

একাংশ উন্মাদ লোকে আইন হাতত তুলি নগাঁও জিলাৰ বটদ্ৰৱা থানা জ্বলাই দিয়া ঘটনাৰ ন ন তথ্য উদ্‌ঘাটন হৈছে৷ তাৎপৰ্যপূৰ্ণভাৱে এই ঘটনাৰ আঁৰত ড্ৰাগ্‌ছ মাফিয়া, ডকাইতৰ লগতে বিভিন্ন অপৰাধজনিত কাৰ্যকলাপত জড়িত একাংশ লোক জড়িত থকাৰ তথ্য পোহৰলৈ অহাৰ লগতে বৰদোৱাত ব্যাপক হাৰত চলি থকা বেদখলৰ কথাও চৰ্চালৈ আহিছে৷

আজি নগাঁও জিলাৰ আৰক্ষী অধীক্ষক লীনা দলেই বৰদোৱাত চলি থকা বেদখলৰ প্ৰসংগ উত্থাপন কৰি এইক্ষেত্ৰত জিলাৰ উপায়ুক্তক যাৱতীয় ব্যৱস্থা গ্ৰহণৰ বাবে আহ্বান জনায়৷

আজি নগাঁও জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত এক সংবাদমেলত আৰক্ষী অধীক্ষক লীনা দলেয়ে এই ঘটনাৰ তদন্ত আৰম্ভ কৰোঁতেই ন ন তথ্য পোহৰলৈ অহাৰ কথাও উল্লেখ কৰে৷

আনহাতে, আৰক্ষী থানা আক্ৰমণ কৰি থানাখনৰ কে’ছ ডায়েৰীকে ধৰি গুৰুত্বপূৰ্ণ নথিসমূহ জ্বলাই নষ্ট কৰাৰ লগতে আৰক্ষী থানখন আৰু অস্ত্ৰ ভাণ্ডাৰ জ্বলাই ছাৰখাৰ কৰা ঘটনাই সৃষ্টি কৰা চাঞ্চল্য আজিও অব্যাহত আছে৷

ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে ২২গৰাকী লোকক সোধা-পোছাৰ বাবে আটক কৰিছিল যদিও ইয়াৰে  মুঠ ৬টা দুষ্কৃতিকাৰীকহে গ্ৰেপ্তাৰ কৰিছে৷ বাকী ১৬গৰাকী লোকক সোধা-পোছাৰ অন্তত আজি ঘৰলৈ যাবলৈ দিয়া হয়৷ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুষ্কৃতিকাৰীকেইটা হ’ল মুজিবুৰ ৰহমান [৪৯], ৰফিকুল ইছলাম [৩৬], আনোৱাৰ হুছেইন [৪২], ছাবিনা খাতুন [১৮], ৰছিদা খাতুন [৩৬] আৰু আনোৱাৰ হুছেইন [৩৫]৷

ধৃত আটাইকেইটাকে কালি সন্ধিয়া আদালতত হাজিৰ কৰোৱা হয়৷ নগাঁও আৰক্ষীয়ে অভিযুক্তক ১৫ দিনৰ জিম্মাত বিচাৰি আৱেদন কৰে যদিও আদালতে পাঁচ দিনৰ বাবেহে পুলিচৰ জিম্মালৈ প্ৰেৰণ কৰে৷ সম্প্ৰতি বটদ্ৰৱা-কাণ্ডৰ এই ছয় মূল অভিযুক্তক নগাঁও সদৰ থানাত  জেৰা চলাই থকা হৈছে৷

ইপিনে, বটদ্ৰৱা-কাণ্ডৰ পাছত ৰাজ্যৰ ৰাজনৈতিক ক্ষেত্ৰখনত তীব্ৰ জোকাৰণিৰ সৃষ্টি হৈছে৷ আইন হাতত তুলি লোৱাসকলৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীৰ কঠোৰ স্থিতিৰ বিপৰীতে একাংশ ৰাজনৈতিক দল, নেতা তথা একাংশ সংগঠনৰ স্থিতিয়ে ৰাইজক চিন্তিত কৰি তুলিছে৷ তদুপৰি একাংশ জনপ্ৰতিনিধিৰো উচটনিমূলক বক্তব্য আৰু কাম-কাজে সাধাৰণ ৰাইজৰ চকু কপালত তুলিছে৷

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান বটদ্ৰৱাৰ অগ্নিগৰ্ভ পৰিস্থিতিৰ পূৰ্ণ সুযোগ গ্ৰহণ কৰাৰ ক্ষেত্ৰত একাংশ ৰাজনৈতিক দলৰ নেতাই চেষ্টা চলাই থকাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে৷

বটদ্ৰৱাত সংঘটিত হোৱা হিংসাত্মক ঘটনা সন্দৰ্ভত আজি এক সংবাদমেল সম্বোধন কৰে নগাঁৱৰ আৰক্ষী অধীক্ষক লীনা দলেই৷ আৰক্ষী অধীক্ষক লীনা দলেই আজি বিয়লি নিজৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত কয়, ‘বটদ্ৰৱা আৰক্ষী থানা আক্ৰমণৰ ঘটনাটো এচাম সমাজ-বিৰোধী লোকৰ পৰিকল্পিত আছিল৷

পৰিকল্পিতভাৱে থানাখন জ্বলাই দিয়া হৈছিল৷ তেওঁলোকৰ লক্ষ্য আছিল থানাৰ নথি-পত্ৰসমূহ নষ্ট কৰা৷ কাৰণ এই ঘটনাৰ আঁৰত বহু অপৰাধৰ লগত জড়িত লোক আছিল৷’  সংবাদমেলত আৰক্ষী অধীক্ষকগৰাকীয়ে আৰু কয়, ‘ইতিমধ্যে এই ঘটনাত জড়িত ২০জন আচামীক চিনাক্ত কৰা হৈছে৷ এই আচামীসকলৰ ঘৰৰ পৰা কিছুমান অসামাজিক কাৰ্যকলাপ চলি থকাৰ কথাও আমি গম পাইছোঁ৷

তেওঁলোকৰ ঘৰলৈ সন্দেহযুক্ত মানুহৰ চাল-চলনৰ কথা স্থানীয় লোকে অৱগত কৰাৰ লগতে তেওঁলোকৰ ঘৰত মানুহ গোট খাই মিটিং চলাৰ কথাও স্থানীয় লোকে জনাইছে৷ এই অসামাজিক কাম- কাজ ধুবুৰী আৰু বৰপেটা জিলাতো হৈ আছে৷ আনচাৰুল বাংলাদেশৰ যিটো বাংলা টীমৰ৷ এইটো বেণ্ড অৰ্গেনাইজেশ্যন৷

এই ঘটনাৰ লগত জড়িত কোনো দোষী সাৰি যাব নোৱাৰে বুলি মন্তব্য কৰি আৰক্ষী অধীক্ষকগৰাকীয়ে এই ঘটনাৰ লগত জড়িত অধিকাংশই ড্ৰাগ্‌ছৰ বেহা, ডকাইতি আৰু বিভিন্ন অপৰাধমূলক কাৰ্যকলাপত জড়িত বুলিও সদৰী কৰে৷ তেওঁ কয়, ‘কালি নিশা এটা অভিযুক্তৰ ঘৰত অভিযান চলাই আৰক্ষীয়ে এটা হাতেসজা ৰিভলভাৰ, নাইন এম এম পিষ্টলৰ চাৰি জাঁই সক্ৰিয় গুলী আৰু ছয় হাজাৰ ৫০০টা নিচাযুক্ত টেবলেট উদ্ধাৰ কৰে৷

আৰক্ষী অধীক্ষকগৰাকীয়ে বটদ্ৰৱা থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াগৰাকীয়ে সময়মতে ঊধবৰ্তন মহলক তথ্য জনোৱা নাছিল বাবেই নিলম্বন কৰা হৈছে বুলি মন্তব্য কৰি কয়, ‘অ’ চিগৰাকীয়ে আচামীৰ গা বেয়া হোৱা আৰু চিকিৎসালয়ত ভৰ্তি কৰাৰ বিষয়ে ঊধবৰ্তন পক্ষক জনোৱা নাছিল৷’

ইপিনে, বটদ্ৰৱা-কাণ্ডৰ তদন্ত কৰোঁতে ন ন তথ্য পোহৰলৈ আহিছে বুলিও আৰক্ষী অধীক্ষকগৰাকীয়ে কয়৷ n বটদ্ৰৱা থানাত অগ্নিসংযোগ কৰিবলৈ উচটনি দিছিল ছাদ্দাম আলীয়ে, চিনাক্ত কৰিলে আৰক্ষীয়ে ঃ নগাঁও জিলাৰ বটদ্ৰৱা আৰক্ষী থানাত যোৱা শনিবাৰে সমৱেত হোৱা উন্মত্ত দুষ্কৃতিকাৰীক  অগ্নিসংযোগ কৰিবলৈ উচটনি দিয়া যুৱকজনক চিনাক্ত কৰিছে নগাঁও আৰক্ষীয়ে৷

এই যুৱকজনক পাছত নগাঁও আৰক্ষীয়ে ছাদ্দাম আলী বুলি চিনাক্ত কৰে৷ অভিযুক্ত ছাদ্দাম আলীৰ ঘৰ বটদ্ৰৱাৰ ছলনাবড়ীত৷ সম্প্ৰতি পলাতক দুৰ্ধৰ্ষ অপৰাধী ছাদ্দাম আলী৷

উল্লেখযোগ্য যে পূৰ্বে ভুৱা পৰিচয়েৰে সংখ্যালঘু ছাত্ৰবৃত্তিৰ ধন সৰকোৱাৰ বাবে ম’বাইলৰ ছিম কাৰ্ড যোগান ধৰা বুলি আৰক্ষীৰ হাতত তথ্য মজুত আছে৷ তদুপৰি, একেখিনি সময়তে বটদ্ৰৱা আৰক্ষী থানালৈ শিলগুটি নিক্ষেপ কৰি থানাৰ সন্মুখত সমৱেত উন্মাদপ্ৰায় জনতাক আক্ৰমণৰ উচটনি দিয়াৰ ভিডিঅ’ ফুটেজত থকা যুৱকজনক লালু বুলি আৰক্ষীয়ে চিনাক্ত কৰিছে৷

অৱশ্যে বাতৰি যুগুত কৰা পৰ্যন্ত অভিযুক্ত লালু পলাতক  যদিও আৰক্ষীয়ে উক্ত অপৰাধীটোক গ্ৰেপ্তাৰ কৰিবলৈ অভিযান অব্যাহত ৰাখিছে৷ উত্তেজনাৰ মাজতে আজি বটদ্ৰৱাত উপস্থিত হয় কংগ্ৰেছৰ সাতজনীয়া বিশেষ দল¸৷

বটদ্ৰৱা থানাৰ লংকা-কাণ্ড সন্দৰ্ভত চৰজমিন তদন্তৰ বাবে অসম প্ৰদেশ কংগ্ৰেছে গঠন কৰা কংগ্ৰেছৰ প্ৰতিনিধি দলত অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, বটদ্ৰৱাৰ বিধায়িকা শিৱামণি বৰা, বিধায়ক আব্দুল বাতিন, কংগ্ৰেছ নেতা সুৰেশ বৰা, আব্দুল কাদিৰকে ধৰি সমিতিয়ে জ্বলি ছাই হোৱা থানা পৰিদৰ্শন কৰাৰ পাছত ৰাণা গোস্বামীয়ে সাংবাদিকৰ আগত মন্তব্য প্ৰদান কৰি কয় যে সকলো পক্ষকে লগ কৰিব কংগ্ৰেছৰ এই কমিটীয়ে৷

তেওঁ কয়, ‘এই ঘটনা সকলো পক্ষৰ পৰাই দুৰ্ভাগ্যজনক৷ যিমান ডাঙৰ অপৰাধী নহওক, পুলিচৰ জিম্মাত মৰাটো সহজ কথা নহয়৷ এই ঘটনা গ্ৰহণযোগ্য নহয়৷’  আইনে যি ৰায় দিব আমি গ্ৰহণ কৰিম বুলি  মন্তব্য কৰাৰ লগতে কমিটীৰ সভাপতি ৰাণা গোস্বামীয়ে কয়, ‘পুলিচৰ জিম্মাত মৰা এয়াই শেষ ঘটনা হওক৷

যিকোনো চৰকাৰী সা-সম্পত্তি অনিষ্ট কৰাটো বেয়া, উচিত নহয়৷ চৰকাৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ এজন ন্যায়াধীশক তদন্তৰ দায়িত্ব দিয়ক৷ আৰক্ষীয়ে জেহাদী ধৰিছে, কিন্তু চোৰাংচোৱা ক’ত গ’ল?’– প্ৰশ্ন ৰাণা গোস্বামীৰ৷ তেওঁ কয়, ‘চোৰাংচোৱা বিফল হৈছে৷ চৰকাৰে উচ্ছেদ কৰিব পাৰে, কিন্তু উচ্ছতম ন্যায়ালয়ৰ নিৰ্দেশ মতে কৰিব লাগে৷

প্ৰথমে উচ্ছেদিত লোকৰ সংস্থাপনৰ ব্যৱস্থা কৰি, জাননী দি পাছত উচ্ছেদ কৰা নিয়ম৷’ ইফালে আৰক্ষীৰ ভূমিকা সম্পৰ্কে ক’বলৈ গৈ তেওঁ কয়, ‘যদি কোনোবাই মাটিৰ তলত অস্ত্ৰ লুৱাই থৈছে তেতিয়াহ’লে খান্দক৷ কিন্তু অসম চৰকাৰে উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ আৰ্হি লৈছে৷’ আনহাতে, এ আই ইউ ডি এফৰ হৈ ধিঙৰ বিধায়ক আমিনুল ইছলাম বটদ্ৰৱাত উপস্থিত হৈ বটদ্ৰৱা-কাণ্ডক ধিক্কাৰ দিয়া বুলি মন্তব্য কৰি সঠিক তদন্তৰ আহ্বান জনায়৷

বটদ্ৰৱা আৰক্ষী থানাৰ অগ্নিসংযোগক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিধায়ক আমিনুল ইছলামে কয়, ‘বিষয়টোক লৈ ৰাজনীতি কৰা হৈছে৷ বিশেষকৈ শাসকীয় দল বিজেপিয়ে৷ এ আই ইউ ডি এফৰ বিধায়কজনৰ মতে, সমগ্ৰ ঘটনাক লৈ আৰক্ষীৰ ভূমিকা ৰহস্যজনক৷’ আক্ৰমণকাৰীক প্ৰথমে আৰক্ষীয়ে কিয় বাধা নিদিলে আৰু সময়মতেই আৰক্ষীৰ উচ্ছপদস্থ বিষয়াক অৱগত কিয় নকৰিলে বুলি প্ৰশ্ন উত্থাপন কৰে বিধায়ক আমিনুল ইছলামে৷

ইফালে, বটদ্ৰৱা থানা জ্বলোৱা ঘটনাৰ তৃতীয় দিনা বটদ্ৰৱাত আছুৰ সংবাদমেল অনুষ্ঠিত হয়৷ সংবাদমেলত বটদ্ৰৱা আৰক্ষী থানা জ্বলোৱা ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাই৷

সুৰাপায়ী এজন যুৱকৰ মৃত্যুক কেন্দ্ৰ কৰি আৰক্ষী থানা আক্ৰমণৰ ঘটনা গৰিহণা যোগ্য৷ শালনাবড়িৰ পৰা আহি থানা জ্বলোৱা অপৰাধীক কঠোৰ হাতেৰে দমন কৰিব লাগে৷ গুৰুজনাৰ জন্মস্থানৰ আৰক্ষী থানা আক্ৰমণৰ ঘটনা অসমীয়াৰ জাতীয় জীৱনত আঘাত বুলি অভিহিত কৰে বটদ্ৰৱা আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকলে৷

আনহাতে, নগাঁৱত আজি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে এই ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘বটদ্ৰৱা থানাত সংঘটিত হোৱা হিংসাত্মক-কাণ্ড এখন সুস্থ সমাজৰ কাৰণে কেতিয়াও গ্ৰহণযোগ্য নহয়৷ চৰকাৰে নৈৰাজ্যবাদ সৃষ্টি কৰিছে৷ বটদ্ৰৱাৰ আৰক্ষীকো শাস্তিৰ আওতালৈ আনিব লাগে৷ জংঘলৰাজ চলিছে৷

এনকাউণ্টাৰ কৰা আৰক্ষীৰ গুলী সেই সময়ত কিয় নুফুটিল৷’ বটদ্ৰৱা-কাণ্ডৰ বাবে তেওঁ ৰাজ্য চৰকাৰৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জগৰীয়া কৰি গৃহ বিভাগৰ ব্যৰ্থতাৰ বাবেই এনে কাণ্ড সংঘটিত হৈছে বুলি মন্তব্য কৰি অজাপৰ সভাপতিগৰাকীয়ে সমস্ত ঘটনাৰ ন্যায়িক তদন্তৰ দাবী কৰে৷

You May Also Like

More From Author