”বিহু”ক পাঠ্যক্ৰমৰ পৰা আঁতৰোৱাৰ বিষয়ক লৈ ৰাজ্যজুৰি হৈছে প্ৰতিক্ৰিয়া, এই বিষয়ত কি কয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?

”বিহু”ক পাঠ্যক্ৰমৰ পৰা আঁতৰোৱাৰ বিষয়ক লৈ ৰাজ্যজুৰি হৈছে প্ৰতিক্ৰিয়া, এই বিষয়ত কি কয় শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে?

‘বিহু’ বিষয়টোক পাঠ্যক্ৰমৰ পৰা শিক্ষা সংসদে কৰ্তন কৰিবলৈ লোৱাক লৈ ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে আজি শিৱসাগৰ আৱৰ্ত ভৱনত এই সন্দৰ্ভত মুখ খুলিলে শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ।

বিহু বিষয়টো এতিয়ালৈকে বাদ দিয়া হোৱা নাই বা এই বিষয়ে কোনো নিৰ্দেশনা ওলোৱা নাই বুলি সদৰী কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে

তেওঁ কয় ” বিহু বিষয়টোক অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদত (Assam Higher Secondary Education Council) আলোচনাহে  হৈছে। কাৰণ বিহু বিষয়টো ঐচ্ছিক বিষয় হিচাপে লোৱাত ছাত্ৰ-ছাত্ৰীসকলৰ বিশেষ আগ্ৰহ দেখা নাই। সেয়ে এই বিষয়টো ন-ৰূপত সজাব পাৰি নেকি তাক লৈ এটা প্ৰস্তাৱ অসম চৰকাৰলৈ (Assam Government ) প্ৰেৰণহে কৰিছে,  এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই।”

ইয়াৰ উপৰি ”যি সিদ্ধান্তৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলক আমাৰ  জাতি,  সংস্কৃতি, বুৰঞ্জী, ভূগোলৰ সম্যক জ্ঞান দিব পৰা হ’ব তেনে সিদ্ধান্ত অচিৰেই লোৱা হ’ব” বুলি উল্লেখ কৰে শিক্ষামন্ত্ৰীগৰাকীয়ে।

 

GTM Desk

Related