বিয়াৰ সাজ-সজ্জাৰ লগতে মধুচন্দ্ৰিকাৰ নিশা গোলাপ ফুল ব্যৱহাৰ কৰাৰ আঁৰত আছে এক বিশেষ ৰহস্য

বিয়াৰ সাজ-সজ্জাৰ লগতে মধুচন্দ্ৰিকাৰ নিশা গোলাপ ফুল ব্যৱহাৰ কৰাৰ আঁৰত আছে এক বিশেষ ৰহস্য

ভাৰতবৰ্ষৰ বিয়াবোৰত মণ্ডপ সজ্জাৰ পৰা আদি কৰি বিভিন্ন ধৰণৰ কামত গোলাপ ব্যৱহাৰ হয়।আনকি মধুচন্দ্ৰিকাৰ নিশাও দম্পতীহালৰ কোঠাটো গোলাপেৰে সজাই পেলোৱা হয়।ইয়াৰ আঁৰত বহুতো কাৰণ আছে। সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, গোলাপৰ গোন্ধটো মানুহৰ মনোভাৱৰ সৈতে যথেষ্ট সম্পৰ্ক আছে। দৰাচলতে, গোলাপক সমগ্ৰ বিশ্বতে প্ৰেমৰ প্ৰতীক বুলি গণ্য কৰা হয়। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে গোলাপ হৈছে প্ৰাকৃতিক কামোদ্দীপক। ইয়াৰ গোন্ধে শৰীৰৰ অৱসাদ আঁতৰ কৰে আৰু শৰীৰক সক্ৰিয় অনুভৱ কৰে।আয়ুৰ্বেদ শাস্ত্ৰৰ মতে যৌন জীৱন উন্নত কৰাৰ বাবে গোলাপৰ পাত ধুই খোৱা উচিত। অৱশ্যে ইয়াৰ সতেজ গোন্ধে মানুহৰ মনৰ ওপৰতহে যথেষ্ট প্ৰভাৱ পেলায়। গোলাপে চাপ হ্ৰাস কৰে।সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, গোলাপৰ পানীক এণ্টি-ডিপ্ৰেচেণ্ট বুলি গণ্য কৰা হয়। ২০১১ চনৰ এটা অধ্যয়নত প্ৰকাশ পাইছিল যে গোলাপৰ পাতবোৰে কেন্দ্ৰীয় স্নায়ুতন্ত্ৰক শিথিল কৰে। ই চাপো হ্ৰাস কৰে। সেইবাবে গোলাপ হৈছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষৰ এবিধ জনপ্ৰিয় ফুল।

GTM Desk