জিনজিয়া চাহ বাগিছাত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড…

জিনজিয়া চাহ বাগিছাত নিশা চাঞ্চল্যকৰ হত্যাকাণ্ড…

বিশ্বনাথৰ জিনজিয়া চাহ বাগিছাত নিশা সংঘটিত হয় এক চাঞ্চল্যকৰ হত্যাকাণ্ড । খুলশালীয়েকৰ হাতত প্ৰাণ গ’ল নিজা ভিনিহিক । জিনজিয়া চাহ বাগিছাৰ ফেক্টৰিৰ ভিতৰত সংঘটিত হ’ল এই হত্যাকাণ্ড । লব মুণ্ডা নামৰ খুলশালীয়েক জনে দাৰে পিছফালৰ পৰা আক্ৰমণ কৰি হত্যা কৰে লুকাছ তাঁতী নামৰ ভিনিয়েক গৰাকীক ।পাৰিবাৰিক কণ্ডলৰ বাবেই খুলশালীয়ে নিজ ভিনিয়েকক এই দৰে হত্যা কৰা বুলি সন্দেহ প্ৰকাশ কৰা হৈছে।ইতিমধ্যে জিনজিয়া আৰক্ষীয়ে হত্যাকাৰী খুলশালিক গ্ৰেপ্তাৰ কৰি সোধা-পোছা অব্যাহত ৰাখিছে।আৰক্ষীৰ তদন্তৰ পিছতহে এই হত্যাৰ প্ৰকৃত ৰহস্য ফাদিল হব।

বিহালীৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট !

Shahnawaz Hamza