30.2 C
Assam
Friday, June 9, 2023

Featured News

যমজ সন্তান কিয় হয় জানেনে….

কেতিয়াবা কিছুমান মহিলাই যমজ সন্তান প্ৰসৱ কৰে।...

মান্যতা অনুসাৰে এনে কৰিলে ঘৰত কোনোদিন ধনৰ অভাৱ নহয়….

Assamese Newsমান্যতা অনুসাৰে এনে কৰিলে ঘৰত কোনোদিন ধনৰ অভাৱ নহয়....

বাস্তু অনুসাৰে-এই ৫টা বস্তু ঘৰত থাকিলে-মা লক্ষ্মীৰ আৰ্শীবাদ সদায়ে থাকে।

*বাস্তু শাস্ত্ৰত-এনে কিছুমান উপায়ৰ কথা কোৱা হৈছে যে-এই উপায়সমূহ কৰিলে-ভাগ্য প্ৰৱল হয়।

*প্ৰতিজনে বিচাৰে যে-তেওঁৰ জীৱন সুখ-সমৃদ্ধিৰে পৰিপূৰ্ণ হৈ থকাটো।যাৰ বাবে-দিনে ৰাতিয়ে কষ্ট কৰে।কিন্তু বহু বাৰ-বহু প্ৰয়াস কৰাৰ পাছতো-যেতিয়া সফলতা প্ৰাপ্ত নহয়-তেতিয়া সেয়াক ভাগ্যৰ দোষ মনা হয়।কিন্তু বাস্তু শাস্ত্ৰত এনে-কিছুমান উপায়ৰ কথা কোৱা হয় যে-যাক মানিলে ভাগ্য প্ৰৱল হয়।যাক কৰিলে-উচিত ফল প্ৰাপ্তৰ সম্ভাৱনা বৃদ্ধি হয়।

*বাস্তু শাস্ত্ৰ অনুসাৰে-উত্তৰ দিশক-ধনৰ দেৱতাৰ দিশ মনা হয়।সেইবাবে-ঘৰৰ এই দিশত কুবেৰ দেৱতাৰ প্ৰতিমা ৰাখিব লাগে।লগতে এই কথা মন কৰিব লাগে যে-ঘৰৰ তিজৰিৰ মুখ-এই দিশতে খুল খাব লাগে।মান্যতা অনুসাৰে-এনে কৰিলে ঘৰত কোনোদিন ধনৰ অভাৱ নহয়।

*ইয়াৰ বাহিৰেও ধন-সম্পত্তিৰ বৃদ্ধিৰ বাবে ঘৰৰ উত্তৰ-পূৰ্ৱ দিশত ভগৱান শ্ৰী গণেশ আৰু মা লক্ষ্মীৰ প্ৰতিমা অৱশ্যে ৰাখিব।লগতে-পুৱা গধূলী সদায় বন্তি জ্বলাব লাগে।আৰু মা লক্ষ্মী আৰু ভগৱান গণেশৰ আৰতী কৰিব লাগে।মান্যতা-অনুসাৰে এনে কৰিলে-ধনৰ অভাৱৰ সন্মুখীন হবলগীয়া নহয়।

*ঘৰত সদায়ে-ধন-ধান থাকিবলৈ-কাচৰ এটা ডাঙৰ পাত্ৰত-পানী দি-ৰূপৰ মুদ্ৰা দি ৰাখিব লাগে।মান্যতা-অনুসাৰে এনে কৰিলে-মা লক্ষ্মীৰ বিশেষ কৃপা লাভ হয়।

*বাস্তু অনুসাৰে-ঘৰৰ উত্তৰ দিশত নীলা ৰংৰ পিৰামিড ৰাখিলে-ধনৰ ভণ্ডাৰ কেতিয়াও খালী নহয়।

*ঘৰত সুখ-সমৃদ্ধি বৰ্তি থাকিবলৈ-ঘৰত তুলসী আৰু আমলখি উদ্ভিদ ৰোপণ কৰিব লাগে।এনে কৰিলে-ধন-ধান বৃদ্ধি হয়।

*ঘৰত ধাতুৰ কাছ ৰখাটো-শুভ মনা হয়।ৰূপ-তাম বা কাচৰ ধাতুৰে নিৰ্মিত কাছ ঘৰত ৰাখিব পাৰে।ইয়াৰ দ্বাৰা উন্নতিৰ বাট মুকলি হয়।

*ঘৰত ৰূপৰ হাতী ৰখাটো-বহুত শুভ মনা হয়।ইয়াৰ দ্বাৰা ব্যপাৰ বাণিজ্যত-উন্নতি হয়।।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!