ঔ টেঙাৰ ঔষধিগুণ সম্পৰ্কে জানো আহক

1 min read

অসমৰ গাঁৱে-ভূঞে অতি সহজলভ্য ঔ টেঙা অতি ঔষধি গুণসম্পন্ন। বিভিন্ন অসমীয়া খাদ্যত ঔটেঙাৰ ব্যৱহাৰ অপৰিহাৰ্য। সহজলভ্য ঢেকীয়া শাকৰ লগত ঔটেঙাৰ জুতি সকলোৱে হয়তু পাইছে। কিন্তু ঔ টেঙাৰ ঔষধিগুণৰ বিষয়ে আপুনি হয়তু বহু কথাই নাজানে। বৰ্তমান ঔ টেঙাৰ চাহিদা বৃদ্ধি হৈছে। পেটৰ বাবে বহু উপকাৰী ঔটেঙাই কোষ্ঠকাঠিন্যতা দূৰ কৰে। নিম্ন ৰক্তচাপৰ বাবে অতি উপকাৰী। ঔ টেঙাত যিহেতু ভিটামিন এ প্ৰচুৰ পৰিমাণে পোৱা যায় গতিকে ই চকুৰ বাবে অতি উপকাৰী। ভিটামিন চি থকাৰ বাবে ৰোগ প্ৰতিৰোধৰ ক্ষমতা বৃদ্ধি পায়।

ঔটেঙাৰ ভিতৰৰ জিমটো চুলিৰ বাবে উপকাৰী। মূৰৰ উফি দূৰ কৰে। বহু দিনীয়া বিষৰ উপশমৰ বাবে ঔ টেঙা অতি উপকাৰী। শৰীৰ উত্তাপ বৃদ্ধি পালে অথবা পেটত গৰম সোমালে ঔ টেঙা খালে ভাল।

গতিকে ঔটেঙা শৰীৰৰ বাবে অতি উপকাৰী। গৰমত ঔ টেঙা খালে পেট ঠাণ্ডা হয় বুলি কোৱা হয়।

You May Also Like

More From Author