পছন্দৰ জীৱন যাপন কৰিবলৈ কেনেকৈ শাৰীৰিক আৰু মানসিক উন্নতি সাধন কৰিব
ডঃ ৰাণী পাঠক দাস
এটি ভাল জীৱনৰ সংজ্ঞা কি ? সেই কথা আমি এশ জন লোকক সুধিলে এশটা ভিন্ন উত্তৰ পাম। তথাপি ভাল জীৱন বুলি কলে এটা সৰ্বসন্মত ধাৰণা আছে- সুস্বাস্থ্য আৰু আনন্দ। স্বাস্থ্যৰ নামত বহু লোকে বছৰি হাজাৰ হাজাৰ টকা খৰছ কৰা দেখা যায়। স্বাস্থ্য যে পৰম ধন সেযা সৰ্বজনবিদিত। মাহাত্মা গান্ধীয়ে কৈছিল, “স্বাস্থ্যহে আচল সম্পত্তি, সোণ আৰু ৰূপৰ টুকুৰা নহয়”।
স্বাস্থ্য বুলিলে অকল শাৰীৰিক স্বাস্থ্যকে নুবুজায়।মানসিক স্বাস্থ্য দৈহিক স্বাস্থ্যতকৈ বেচি গুৰুত্বপূৰ্ণ । যিকোনো এজন মানুহ সহজে আহত বা অসুস্থ হব পাৰে। কিন্তূ যি মুহুৰ্তত মানুহৰ মগজুৱে কাম কৰা বন্ধ কৰি দিয়ে সেই মুহুৰ্তত তেওঁ নিজৰ জীৱনৰ ওপৰত নিযন্ত্ৰণ হেৰুৱাই পেলায়।
অপুনি যদি শক্তিশালী আৰু সুস্বাস্থ্যৰ গৰাকী হৈ নিজৰ ৰুচি মতে জীৱন যাপন কৰিব বিচাৰে তেনেহ’লে সেই যাত্ৰাৰ আৰম্ভণি হব অপোনাৰ মনৰ পৰা। বাকীবোৰ কথাই আপোনা আপুনি অনুসৰণ কৰে।
প্ৰথমতে নিজৰ মানসিকতাৰ উন্নতি সাধন কৰিব লাগিব। এফালৰ পৰা চাবলৈ গ’লে পৃথিৱীত দুই ধৰণৰ লোক আছে – স্ৰষ্টা আৰু ভোক্তা। স্ৰষ্টা সকল ভোক্তাও হয়, কিন্তু ভোক্তা সকল কেতিযাও স্ৰষ্টা নহয়।
সহজ কথাটো হ’ল,নিজে কি হ’ব সেযা নিজেই নিৰ্ধাৰণ কৰিব লাগে — স্ৰষ্টা, নে ভোক্তা। ইযাৰ পিছত সিদ্ধান্ত অনুসৰি কাম কৰি গলেই হ’ল। মানুহ কেনেকৈ সুখী হব পাৰে বা মানসিকতাৰ উত্কৰ্ষ সাধনৰ ওপৰত কোনোৱে শ শ পৃষ্ঠাৰ কিতাপ লিখিব পাৰে। কিন্তূ তাক পঢ়িলে বা গ্ৰাস কৰিলেই অপোনাৰ কামত নাহে। অপুনি সৃষ্টি কৰিব লাগিব, তেহে অপোনাৰ উত্কৰ্ষ সাধন হ’ব।
দ্বিতীয়তে আহো শাৰীৰিক উত্কৰ্ষ সাধনৰ কথালৈ। এই ক্ষেত্ৰত অনুশীলন বন্ধ কৰি প্ৰশিক্ষণ আৰম্ভ কৰক। বেচিভাগ লোকৰে সমস্যা জিমলৈ যোৱা বা অনুশীল কৰা নহয়। আচল সমস্যা হ’ল– কি ধৰনে অনুশীলন কৰিব? যদি অপুনি অৰ্ধ মন প্ৰণেৰে অনুশীল কৰে, সপ্তাহত চাৰি দিন জিমলৈ গলেও আপোনাৰ কামত নাহে। সেযেহে অনুশীলন কৰা বন্ধ কৰি প্ৰশিক্ষণ দিয়া আৰম্ভ কৰি দিয়ক। অনুশীল বুলিলে অপুনি কাম এটা কৰি থকা বুজায়। আনহাতে, প্ৰশিক্ষন হ’ল অপুনি পৰিকল্পনা কৰি লৈ কৰা কাম।
লক্ষ্য অপোনাৰ কি? শৰীৰটোক লৈ কি অৰ্জন কৰিব বিচাৰে? বৰ্তমানতকৈ শক্তিশালী হব বিচাৰে? ওজন কমাব বিচাৰে? কিমান ওজন কমাব বিচাৰে? কেনেকৈ? অপোনাৰ যেতিয়া এটা লক্ষ্য থকিব, অপুনি নিজকে প্ৰশিক্ষন দিব। যেতিয়া অপোনাৰ লক্ষ্য নাথাকে, তেতিযা মাথো অপুনি কেৱল কাম কৰিব লাগে বুলি কাম কৰি যায়।
সেযেহে আগতে এটা লক্ষ্য স্থিৰ কৰি লোৱা ভাল। যদি আপুনি ওজন কমাব বিচাৰে তেন্তে অপোনাৰ টাৰ্গেট হব পাৰে এক মাহত পাচ কিলো হ্ৰাস কৰা, অথবা নিজকে এনেদৰে প্ৰশিক্ষণ দিয়ক যে এক শক্তিশালী হৃদযন্ত্ৰৰ অধিকাৰী হ’ব পাৰে যাৰ নেকি সাত আঠ মহলা বিল্ডিংৰ চিৰি বগাই উঠাৰ পিচতো ফোপনী নুঠে, অলপ দৌৰা দৌৰি কৰিলেই ভাগৰ নালাগে। এনেদৰে এটা লক্ষ্য আগত ৰাখি নিজৰ দেহটোক প্ৰশিক্ষন দিলে চকুত লগা ফলফল লাভ কৰিব পাৰে।
উদাহৰণ স্বৰূপে এজন খেলুৱৈয়ে যি খেল খেলে তাৰ প্ৰশিক্ষন দিব পাৰে, সেই খেলৰ বাবে যি অনুশীল কৰিব লাগে- কেনেকৈ কিমান দৌৰিব লাগে, কি দায়েট খাব লাগে ইত্যাদি কথাবোৰ কৈ বা দেখুবাই সৰু সৰু ভিডিও বনাই ইউটুবত আপলোড কৰিব পাৰে। ইযাকে আৰম্ভ কৰিবলৈ তেওক নালাগে কোনো ফলোৱাৰ বা লাইক, লাগে মাথো ক্যামেৰা যুক্ত এটা স্মাৰ্ট ফোন। এজন সঙ্গীতজ্ঞ বা যিকোনো কলাকাৰৰ ক্ষেত্ৰতো এই কথা প্ৰযোজ্য। এজন শিক্ষকে বহুটো ছাত্ৰ ছাত্ৰীৰ সুবিধাৰ বাবে এই কাম কৰিব পাৰে। এইয়া এক উদাহৰণ মাত্ৰ। যেতিয়া লাহে-লাহে মানুহৰ মাজত অপোনাৰ কামৰ কাৰনে এটা দিমান্ড সৃস্টি হব তেতিয়া আপোনা-আপুনি ফলৱাৰ বাঢ়িব আৰু সমাজত নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হব।
তৃতীয়তে, মনে ভাল পোৱা কাম কৰি জীবিকা আৰ্জন কৰক। আৰম্ভ কৰি দিয়ক, আজিয়েই। পছন্দৰ এই কাম কৰিবলৈ আপুনি নিখুট হোৱাৰ প্ৰয়োজন নাই, আৱশ্যক নাই বহু টকা পইচা বা মানুহৰ সমৰ্থনৰ। অপোনাৰ মাত্ৰ প্ৰয়োজন কামটো আৰম্ভ কৰাৰ। যদি আপুনি দিনত চাকৰি কৰে তেনেহ’লে সন্ধিয়া এই পছন্দৰ কাম কৰক। যদি ঘৰত সৰু সৰু ল’ৰা ছোৱালী অছে সিহতবোৰ বিচনাৰ পৰা শুই উঠাৰ আগতেই নিজৰ কাম কৰক। বিষয়টো জটিল কৰাৰ প্ৰযোজন নাই।
কাম আৰম্ভ কৰাৰ গুৰূত্ত্বৰ ওপৰত বহু কথাই কব পাৰি। অপুনি হয়তো ভাবিব, ” মই জানো মই আৰম্ভ কৰা উচিত। কিন্তু কেনেকৈ?” অজুহাত দেখুৱা সহজ। ” মোৰ সময় নাই, টকাৰ অভাৱ, শক্তি সমৰ্থ নাই “– অন্ত নাথাকে অজুহাতৰ। কথা হল, আৰম্ভ কৰা টান। আৰু এটা কথা হ’ল, তাতেনো কি? যদি অপুনি নিজে ভাল পোৱা কিবা কাম কৰি জীবিকা আৰ্জন কৰিব বিচাৰে, তেনেহলে তাৰ ওপৰত কাম কৰা আৰম্ভ কৰি দিয়ক। কাইলৈ নতুবা এবছৰ পিছত নহয়, আজিয়েই। এয়া হ’ল স্পষ্ট, সহজ আৰু কামত অহা কথা।
