বিহুৰ চান্দা বন্ধ কৰাটো মানি লোৱা নহ’ব; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে চান্দা বীৰ- অখিল গগৈ

বিহুৰ চান্দা বন্ধ কৰাটো মানি লোৱা নহ’ব; মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নিজে চান্দা বীৰ- অখিল গগৈ

বিহুৰ চান্দা (Bihu Donation)ক লৈ চৰকাৰৰ ঘোষণাক কেন্দ্ৰ কৰি সৰৱ হৈ পৰিছে শিৱসাগৰৰ বিধায়ক অখিল গগৈ (Akhil Gogoi)। বলপূৰ্বক চান্দাৰ সকলো বিৰোধী, কিন্তু অসমীয়াৰ হিয়াৰ আমঠু বিহুক লৈ ৰজাঘৰীয়া নিৰ্দেশনা কোনোপধ্যে মানি লোৱা নহ’ব বুলি বিধায়ক গৰাকীয়ে স্পষ্ট কৰি দিয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma)ক চান্দা বীৰ বুলি অভিহিত কৰি অখিল গগৈয়ে কয়, যিজন লোক ছাত্ৰ স‌ংগঠনত থকাৰ পৰা মুখ্যমন্ত্ৰী হৈ থকালৈকে চান্দা উঠাই অহিছে সেইজনে এতিয়া বিহুক লৈ চান্দাৰ বিৰোধীতা কৰিছে। ছাত্ৰ সন্থাত থকাৰ দিনত চান্দা তোলা, আলফাৰ দিনত চান্দা তুলি আইনৰ ৰোষত পৰা, কংগ্ৰেছৰ দিনত চান্দা সংস্কৃতিক মান্যতা দিয়া, বিজেপিলৈ আহি স্বাস্থ্য মন্ত্ৰী হৈ থকাৰ পৰা মুখ্যমন্ত্ৰী হোৱালৈকে চান্দা উঠোৱা এইজন হিমন্ত বিশ্ব শৰ্মাই বিহুক লৈ চান্দা বন্ধ কৰাৰ নিৰ্দেশনা কোনো কাৰণত গ্ৰহণযোগ্য নহয়।

আজি শিৱসাগৰৰ আৱৰ্ত ভৱনত অনুস্থিত সংবাদ মেলত বিধায়ক অখিল গগৈয়ে চৰকাৰৰ ৰঙা চকুলৈ ভয় নকৰি ৰাইজৰ বৰঙণিৰ দ্বাৰা বিহু অনুষ্ঠিত কৰিব বুলি ঘোষণা কৰাৰ লগতে অসমীয়া ৰাইজক চৰকাৰে বিহুৰ ওপৰত লগোৱা লেকাম মানি নল’বলৈ আহবান জনায়।

GTM Desk