34.6 C
Assam
Sunday, May 28, 2023

Featured News

25 Candidates to Contest For 10 Posts in Gauhati Press Club election

Altogether 25 candidates are in the fray...

ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক

- ডিগবৈত এগৰাকী ৰহস্যময়ী যুৱতীক আটক- ডিগবৈ...

টাইমছ ফেশ্বন সপ্তাহত কেট-ৱক গুৱাহাটীৰ বিপাশাৰ

-অসম তথা উত্তৰ পূবৰ পৰা শ্ব’ ষ্টপাৰলৈ-টাইমছ...

কোন হ’ব মাজুলী উপ নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ প্ৰাৰ্থী?

Assamese Newsকোন হ'ব মাজুলী উপ নিৰ্বাচনৰ বাবে শাসক-বিৰোধীৰ প্ৰাৰ্থী?

বহু জল্পনা কল্পনাৰ পিছত দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে মাজুলী বিধানসভা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন ৷ মাজুলীৰ দিন ঘোষণাৰ পিছতে এতিয়া শাসক-বিৰোধীয়ে আৰম্ভ কৰিছে মাজুলীৰ প্ৰাৰ্থীত্ব প্ৰদানৰ অংক ৷

৭ মাৰ্চত মাজুলী সমষ্টিৰ উপ-নিৰ্বাচন ৷ কোন হ’ব সৰ্বানন্দ সোণোৱালৰ উত্তৰসুৰী? এতিয়া এয়াই চৰ্চা সৰ্বত্ৰ ৷ শনিবাৰে দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰিলে মাজুলী বিধানসভা সমষ্টিৰ নিৰ্বাচনৰ সূচী ৷ এই হিচাপত ১৭ ফেব্ৰুৱাৰীত মনোনয়ন দাখিলৰ শেষ দিন ৷ ৭ মাৰ্চত হ’ব বহু প্ৰত্যাশিত ভোটগ্ৰহণ ৷ আৰু ১০মাৰ্চত হ’ব ভোট গণনা ৷

এই সময়সূচী ঘোষণাৰ পিছতে শাসকীয় মিত্ৰজোঁটে আৰু বিৰোধীয়ে কাক মাজুলীৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিব, তাকলৈ আৰম্ভ কৰিছে অংক ৷ ২০২১ৰ বিধানসভাৰ নিৰ্বাচনত জয়ী হোৱা সৰ্বানন্দ সোণোৱাল ৰাজ্যসভালৈ নিৰ্বাচিত হৈ কেন্দ্ৰীয় মন্ত্ৰীৰ দায়িত্ব লোৱাৰে পৰা খালী হৈ আছে মাজুলীৰ আসনখন ৷

এতিয়া শাসকীয় মিত্ৰজোঁটৰ পৰা BJPয়ে ইতিমধ্যে প্ৰাৰ্থীৰ প্ৰাৰ্থীৰ নাম ঠিক কৰিছে যদিও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই নাম ৷ BJPৰ প্ৰাৰ্থীত্বৰ দাবীদাৰ বহু যদিও প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, BJPৰ ৰাজ্যিক সভাপতি ভৱেশ কলিতা আৰু  সাংগঠনিক সম্পাদক ফণী শৰ্মাৰে ঘনিষ্ঠতা থকাৰ দোহাই দি ভূৱন গামে প্ৰাৰ্থীত্ব পোৱাতো প্ৰায় নিশ্চিত বুলি BJPৰ দলীয় শীৰ্ষ সুত্ৰই দাবী কৰে ৷

ইপিনে বিগত উপ নিৰ্বাচনত অসম জাতীয় পৰিষদৰে বুজা-বুজিৰ ভিত্তিত কংগ্ৰেছে মাজুলীৰ আসনখন এৰি থৈ দিছিল অসম জাতীয় পৰিষদলৈ৷ দেওবাৰে আবেলি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পিছত নিশাৰ ভাগত কংগ্ৰেছৰ সভাপতি ভূপেন বৰা আৰু অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যোতি গগৈৰ মাজত হয় এক আলোচনা ৷ এই আলোচনাৰ ভিত্তিত আজি বা কাইলৈৰ ভিতৰত জাতীয় পৰিষদে দলীয় সিদ্ধান্ত কংগ্ৰেছক জনাব বুলি দেওবাৰে ৰাজীৱ ভৱনত সদৰি কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাই ৷

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!