আৰ্টিষ্ট গীল্ডৰ বেণু মিশ্ৰ সোঁৱৰণী NRL বঁটা প্ৰদান শিল্পী ৰবিৰাম ব্ৰহ্ম, মন্টু দাসলৈ

1 min read

গুৱাহাটী আৰ্টিষ্ট গীল্ডে নুমলীগড় শোধানাগাৰ চমুকৈ এন আৰ এলৰ সহযোগত আগবঢ়াই অহা শিল্পী বেণু মিশ্ৰ সোঁৱৰণী বঁটা-২০২২লৈ নিৰ্বাচিত কৰিছে দুগৰাকী শিল্পীক।জ্যেষ্ঠ শিল্পী ৰবিৰাম ব্ৰহ্ম আৰু উদীয়মান শিল্পী মন্টু দাসক প্ৰদান কৰিব এইবাৰ এই বঁটা।মঙলবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰে গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ সাধাৰণ সম্পাদক  কিশোৰ কুমাৰ দাসে।উল্লেখ্য যে ,শিল্পী ৰবিৰাম ব্ৰহ্ম হৈছে ওদালগুৰি শিল্প গ্ৰামৰ প্ৰধান উদ্যোক্তা।একেদৰে চিত্ৰ কলাত ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত সুনাম কঢ়িয়াই অনা মন্টু দাসক বঁটাৰ বাবে নিৰ্বাচিত কৰিছে।
গুৰুত্বপূৰ্ণ কথা এই যে , অহা ৬মাৰ্চত গুৱাহাটী বিবেকানন্দ কেন্দ্ৰত প্ৰদান কৰিব এই বঁটা।বঁটাত থাকিব ক্ৰমে এক লাখ আৰু ডেৰ লাখ টকা।ইয়াৰ লগতে আছে মানপত্ৰ আৰু স্মাৰক।উল্লেখ্য যে ,জ্যেষ্ঠ আৰু কনিষ্ঠ দুটা শাখাত এই বঁটা প্ৰদান কৰিব বুলিও সংবাদমেলত জানিব দিয়ে।

You May Also Like

More From Author