33.4 C
Assam
Sunday, May 29, 2022

Featured News

AHSEC releases reschedule dates for HS First-year students; to start from June 6

The Assam Higher Secondary Education Council (AHSEC)...

Centre releases Rs 324 crore advance from SDRF for flood-hit Assam

The Central government has released an advance...

আটাছু কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ; জনজাতিকৰণৰ দাবীত ২৩মাৰ্চত দিল্লীত আন্দোলন

Assamese Newsআটাছু কেন্দ্ৰীয় সমিতিৰ শপত গ্ৰহণ; জনজাতিকৰণৰ দাবীত ২৩মাৰ্চত দিল্লীত আন্দোলন

টাই আহোম ছাত্ৰ সন্থা চমুকৈ আটাছুৰ নৱনিৰ্বাচিত কেন্দ্ৰীয় সমিতিয়ে মঙলবাৰে আনুষ্ঠানিক শপত গ্ৰহণ কৰে।যোৰহাট হোলোঙাপাৰা জাতীয় বীৰ লাচিত বৰফুকন মৈদামৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়  শপতগ্ৰহণ অনুষ্ঠান।শপত গ্ৰহণৰ পূৰ্বে জাতীয় বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় নেতৃত্বই।উল্লেখ্য যে গাম্ভীৰ্যপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানত শপত বাক্য পাঠ কৰোৱাই আটাছুৰ প্ৰাক্তন কেন্দ্ৰীয় সম্পাদক জীৱনজিৎ সিংহই।

ইফালে নতুন কেন্দ্ৰীয় সমিতিখনে দায়িত্বভাৰ গ্ৰহণ কৰি জনজাতিকৰণৰ প্ৰসংগত চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে।জনজাতিকৰণৰ দাবীত প্ৰথমখন সংবাদমেলতেই সংগঠনটোৱে ঘোষণা কৰে আন্দোলনৰ কাৰ্যসূচী।সেই মৰ্মে ২৩মাৰ্চত দিল্লীত ৰূপায়ণ কৰিব অৱস্থান ধৰ্মঘট।চলিত বৰ্ষৰ এপ্ৰিলৰ পৰা জিলা জিলাই জনজাতিকৰণৰ দাবীত কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা সংবাদমেলত জনায়  সভাপতি লিটুল বুঢ়াগোহাঁয়ে ৷ফেব্ৰুৱাৰী মাহৰ পৰাই টাই আহোম জনগোষ্ঠীৰ বিভিন্ন দল সংগঠন,শিক্ষাবিদ তথা বুদ্ধিজীৱী সৈতে জনজাতিকৰণৰ ওপৰত জিলাই জিলাই আলোচনা চক্ৰ আৰু মত বিনিময়ৰ জৰিয়তে জনমত গঠন কৰা হ’ব-সংবাদমেলত এই কথা জানিবলৈ দিয়ে বুঢ়াগোহাঁয়ে ৷

গুৰুত্বপূৰ্ণ কথা এই যে ,ছয় জনগোষ্ঠীক জনজাতিকৰণ কৰিলে  অসম ৰক্তাক্ত হ’ব বুলিও মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কিছুদিন পূৰ্বে মন্তৱ্য কৰিছিল।মুখ্যমন্ত্ৰীৰ সেই মন্তব্যকো সমালোচনা কৰে নতুন কেন্দ্ৰীয় সমিতিখনে।

মঙলবাৰে শপত গ্ৰহণ কৰা কেন্দ্ৰীয় সমিতিৰ অন্য সদস্যসকল ক্ৰমে  উপ-সভাপতি হৰেকৃষ্ণ ফুকন, কুমুদ গগৈ, ৰিংকু বৰগোঁহাই, দেৱজিৎ গগৈ, ভাস্কৰ বৰগোঁহাই, অচ্যুত বৰগোঁহাই, কাৰ্যকৰী সভাপতি বসন্ত গগৈ, যুটীয়া সম্পাদক মনোজ গগৈ আৰু মিলন বুঢ়াগোহাঁই, সহকাৰী সাধাৰণ সম্পাদক ধৰ্মেন গগৈ, ধ্ৰুৱ শইকীয়া, সাংগঠনিক সম্পাদক উত্তম বৰুৱা, প্ৰচাৰ সম্পাদক দিগন্ত চাংমা প্ৰমুখ্যে কেন্দ্ৰীয় সদস্যসকলে শপত লয়।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: