33.4 C
Assam
Sunday, May 29, 2022

Featured News

AHSEC releases reschedule dates for HS First-year students; to start from June 6

The Assam Higher Secondary Education Council (AHSEC)...

Centre releases Rs 324 crore advance from SDRF for flood-hit Assam

The Central government has released an advance...

কীৰ্তিকমল বৰা এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন সন্দৰ্ভত পৰিয়ালৰ প্ৰতিক্ৰিয়া

Assamese Newsকীৰ্তিকমল বৰা এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন সন্দৰ্ভত পৰিয়ালৰ প্ৰতিক্ৰিয়া

বিগত ২২ জানুৱাৰীত নগাঁও আৰক্ষীৰ গুলীত আহত হৈ গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন নগাঁৱৰ প্ৰাক্তন ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰৰ তদন্তৰ প্ৰতিবেদন ৰাজহুৱা হোৱাৰ পিছতেই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ছাত্ৰ নেতাজনৰ পৰিয়ালৰ লোকে। মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ নেতৃত্বত গঠিত এজনীয়া তদন্ত কমিটিয়ে প্ৰস্তুত কৰা প্ৰতিবেদন অৱশেষত মঙলবাৰে সন্ধিয়া ৰাজহুৱা কৰা হয়।

তদন্তৰ প্ৰতিবেদনত উল্লেখ কৰা মতে, নগাঁও আৰক্ষীয়ে গঠন কৰা এণ্টি নাৰ্কটিক স্কোৱাড ভংগ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে । লগতে এনকাউণ্টাৰৰ ঘটনাৰ মূল অভিযুক্ত নগাঁও আৰক্ষীৰ সশস্ত্ৰ শাখাৰ বিষয়া প্ৰদীপ বণিয়াক নিলম্বনৰ নিৰ্দেশ দিয়া হৈছে । অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰ তদন্তৰ প্ৰতিবেদনত বিভিন্নজনে সন্তুষ্ট প্ৰকাশ কৰাৰ বিপৰীতে অভিযুক্ত আৰক্ষী বিষয়াক শাস্তি বিহাক লৈ অসন্তুষ্টি প্ৰকাশ কৰে আহত ছাত্ৰ নেতা কীৰ্তিকমল বৰাৰ পৰিয়ালৰ লোকে । নিলম্বনৰ বিপৰীতে অভিযুক্ত আৰক্ষী বিষয়া প্ৰদীপ বণিয়াক গ্ৰেপ্তাৰৰ দাবী জনাইছে কীৰ্তিকমল বৰাৰ পৰিয়ালৰ লোকে ।

কীৰ্তিকমলৰ পৰিয়ালৰ লোকে লগতে বিনা দোষত গুলীয়াই ঘূণীয়া কৰা কীৰ্তিকমল বৰাক চৰকাৰী চাকৰি প্ৰদানৰ দাবী জনায় । ইফালে ৰাজ্য চৰকাৰৰ অতিৰিক্ত মুখ্য সচিব পৱন বৰঠাকুৰৰ প্ৰতিবেদনত সন্তুষ্টি প্ৰকাশ কৰে অসম যুৱ পৰিষদৰ নগাঁও জিলা সমিতিয়ে । উল্লেখ্য, ২২ জানুৱাৰীত সংঘটিত কীৰ্তিকমল বৰাৰ এনকাউণ্টাৰ ভুল আছিল বুলিও প্ৰকাশ পাইছে তদন্তৰ প্ৰতিবেদনত ।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!
eskort
%d bloggers like this: