আলফা স্বাধীনত যোগদানৰ বাবে যোৱা ৪ যুৱকক আটক

1 min read

উজনি অসমৰ বহু যুৱক-যুৱতী শেহতীয়াকৈ বিদ্ৰোহী সংগঠনৰ আলফা স্বাধীনৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছে । ইতিমধ্যে বিভিন্ন জিলাৰ যুৱক-যুৱতীয়ে আলফা স্বাধীনত যোগদান দিছে । পুনৰ তিনিচুকীয়াৰ পৰা চাৰিজন যুৱক আলফা স্বাধীনলৈ বুলি যাত্ৰা কৰে । অৱশ্যে যাত্ৰা পথতে ভাৰতীয় সেনাই আটক কৰে যুৱককেইজনক।

বিশেষ খবৰৰ ভিত্তিত মাকুমৰ পৰা সেনাই আটক কৰে যুৱককেইজনক । যুৱক কেইজন গুইজান নতুন গাঁৱৰ ক্ৰমে নন্দেশ্বৰ গগৈ, থমাছ বৰগোহাঁই, খনজিৎ গোহাঁই আৰু হিৰণ্য ঘৰফলীয়া বুলি জানিব পৰা গৈছে ৷ ইফালে সেনাই যুৱককেইজনক আটক কৰাৰ পাছত মাকুম আৰক্ষীক গতাই দিয়ে ।

যুৱককেইজনৰ পৰিয়ালৰ সৈতে যোগাযোগ স্থাপন কৰি আৰক্ষীয়ে তেওঁলোকক ঘৰলৈ পঠিওৱাৰ ব্যৱস্থা কৰিছে । সেনা আৰু আৰক্ষীৰ এই পদক্ষেপৰ শলাগ লৈছে যুৱককেইজনৰ পৰিয়ালে ।

You May Also Like

More From Author