বিজনীত বনৰীয়া হাতীৰ উপদ্ৰৱ

বিজনীত বনৰীয়া হাতীৰ উপদ্ৰৱ

চিৰাং জিলাৰ বিজনী মহকুমাৰ অন্তৰ্গত অক্সিগুৰীৰ ওৰাং পাৰা, উত্তৰ বল্লামগুৰী, ফৰমাইশালীত বনৰীয়া হাতীৰ উপদ্ৰৱ। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই অহা হাতীৰ জাকে পূৱতি নিশা অক্সিগুৰীৰ ওৰাং পাৰাত তাণ্ডব চলাই বিদ্যা ৰঞ্জন মল্লিকৰ প্ৰায় ২ বিঘা ধানৰ খেতি বিনষ্ট কৰাৰ লগতে অঞ্চলটোৰ কেইবাজনো কৃষকৰ ধানৰ খেতি খাই বিনষ্ট কৰে। একে ৰাতিতে উত্তৰ বল্লামগুৰীৰ সঞ্জিৱ ৰাভাৰ এটি পাক ঘৰৰ লগতে থকা ঘৰ ভাঙি ভৰালৰ ধান খাই তহিলং কৰে বনৰীয়া হাতী । উক্ত অঞ্চলত ৬ টা কৈ পৰিয়ালৰ ঘৰ ভাঙি তহিলং কৰাৰ লগতে ভৰালৰ ধান , চাউল খাই তহিলং কৰে হাতীৰ জাকে। ইফালে ফৰমাইশালীত চাহেৰা খাতুন নামৰ ৭০ বছৰীয়া এগৰাকী বৃদ্ধাৰ PMAYৰ পকি ঘৰৰ বেৰ ভাঙি থৈ যায় বনৰীয়া হাতীয়ে ।

GTM Desk