বিলাসীপাৰাত বিশ্ব পৰিবেশ দিৱস পালন

1 min read

সমগ্ৰ বিশ্বৰ লগতে অসমৰ বিভিন্ন প্ৰান্তৰ সমান্তৰাল ভাৱে আজি বিলাসীপাৰাতো  বিশ্ব পৰিবেশ দিৱস পালন কৰা হয়। বিলাসীপাৰা মহকুমাৰ বিভিন্ন চৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান,  স্বাস্থ্য আৰু উপ স্বাস্থ্য কেন্দ্ৰ আদিত বৃক্ষৰোপণ কৰে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক ছামছুল হুদাই।

বিধায়ক হুদাই ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু মাছানেৰ আলগা হাইস্কুল চৌহদত বৃক্ষৰোপণ কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীৰ মাজত গছ পুলি বিতৰণ কৰে। সমান্তৰাল ভাৱে  হাকামা, চিৰাকুটা, টিলাপাৰা, মাছানেৰ আলগা আদি গাঁও পঞ্চায়তৰ কাৰ্যালয় সমূহতো বিশ্ব পৰিৱেশ দিৱস উপলক্ষে গছ পুলি ৰোপণ কৰে বিধায়ক গৰাকীয়ে। বৃক্ষৰোপণ কৰি বিধায়ক গৰাকীয়ে কয় যে, গছ-গছনি জীয়াই থাকিলেহে মানুহ জীয়াই থাকিব আৰু গছ-গছনি জীয়াই ৰখা আমাৰ সকলোৰে দায়িত্ব আৰু কৰ্তব্য।

বিধায়ক হুদাই আৰু লগতে কয় যে- বিশ্ব পৰিবেশ দিৱসত ফটো উঠি সামাজিক মাধ্যমত  প্ৰচাৰ কৰাৰ বাবে গছ পুলি ৰোপণ নকৰিব।  গছৰ পুলি ৰোপণ কৰি  সেই গছ ডালৰ যতনো ল’ব লাগিব। উল্লেখ্য যে বিশ্ব পৰিৱেশ দিৱস ২০২২-ৰ বিষয়বস্তু হৈছে ” বহনক্ষমভাৱে প্ৰকৃতিৰ স’তে মিলিজুলি সহবাস”।

 

You May Also Like

More From Author