27.6 C
Assam
Tuesday, May 30, 2023

Featured News

প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ!

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিলে উত্তৰ-পূবৰপ্ৰথমখন বন্দে...

জালুকবাৰীৰ দুৰ্ঘটনাই প্ৰাণ কাঢ়িলে AECৰ ৭ ছাত্ৰৰ।

মহানগৰীৰ জালুকবাৰীত নিশা সংঘটিত হ’ল এক...

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে ৭৫ টকাৰ মুদ্ৰা।

নতুন সংসদ ভৱনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি...

দুদিনীয়া ভ্ৰমনসূচীৰে কাৰ্বি আংলঙত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সহ বিধানসভাৰ জনগোষ্ঠীয় এটা বৃহৎ প্ৰতিনিধিৰ দ’ল।

Assamese Newsদুদিনীয়া ভ্ৰমনসূচীৰে কাৰ্বি আংলঙত উপস্থিত বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী সহ বিধানসভাৰ জনগোষ্ঠীয় এটা বৃহৎ প্ৰতিনিধিৰ দ'ল।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই “জনজাতীয় বিশ্বাস আৰু সংস্কৃতি” শীৰ্ষক এটা নতুন বিভাগৰ জৰিয়তে জনজাতীয় লোকসকলৰ ভাষা-সংস্কৃতি, পৰম্পৰাগত খাদ্য, সাজ-পোছাক, আদিৰ সংৰক্ষণ তথা সম্প্ৰসাৰণৰ বাবে লোৱা পদক্ষেপক অনুসৰি অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত সমগ্ৰ অসমতে সিচৰিত হৈ থকা ক্ষুদ্ৰ ক্ষুদ্ৰ জনগোষ্ঠীয় নেতা তথা বয়োজেষ্ঠ ব্যক্তি সকলক সাক্ষাৎ কৰি কলা- সংস্কৃতি সংৰক্ষণৰ বাবে পৰামৰ্শ বিচাৰি সমগ্ৰ অসম পৰিভ্ৰমণ ৰ কাৰ্যসূচী হিচাপে আজি বোকাজানত উপস্থিত হয়।

 

আজি উক্ত কাৰ্যসূচীত উপস্থিত হোৱাৰ পূৰ্বে শক্তিপৃথ দেউপানী দুৰ্গা মন্দিৰত পূজা-অৰ্চনা কৰি সমগ্ৰ অসমবাসীৰ মঙ্গল কামনা কৰে উধ্যক্ষ বিশ্বজিৎ দৈমাৰী সহ উপাধ্যক্ষ ডা: নোমল মমিন আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে।

আজিৰ ভাষণ প্ৰসংগত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু জোনাই সমষ্টিৰ বিধায়ক ভূৱন পেগুৱে, প্ৰাচীন কলীয়া জনগোষ্ঠীয় খাদ্য, সাজ-পোছাক, কলা-সংস্কৃতিৰ অস্তিত্ব বজায় ৰখাৰ বিষয়ে আলোচনা কৰা ৰ উপৰিও জনগোষ্ঠীয় সুৰা প্ৰচলনৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে আৰু পশ্চিমীয়া দেশৰ পৰা আমদানি কৰা সুৰায় জনগোষ্ঠীয় ৰাইজৰ মাজত আৰ্থিকভাৱে আঘাত দিয়াৰ উপৰিও স্বাস্থ্যৰ বাবে যে ক্ষতিকাৰক বুলি মন্তব্য প্ৰকাশ কৰে।

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!