বিশ্বনাথত শ্ৰীমন্তশংকৰদেৱ সংঘৰ শংকৰী সংগীতৰ কেন্দ্ৰীয় শংকৰী কলা কৃষ্টিৰ প্ৰশিক্ষণ শিবিৰ অনুষ্ঠিত…
শ্ৰীমন্তশঙ্কৰদেৱ সংঘৰ সংস্কৃতি শাখাৰ উদ্যোগত আৰু বিশ্বনাথ জিলা শাখা ব্যৱস্থাপনাৰ সহযোগত বিশ্বনাথ জিলা কাৰ্যালয় আৰু বিশ্বনাথ চাৰিআলি আঞ্চলিক নামঘৰ প্ৰাংগনত আজিৰে পৰা৭ দিন শংকৰী সংগীতৰ কেন্দ্ৰীয় সত্ৰ অনুষ্ঠিত হয়৷পুৱা উপ পদাধিকাৰে পতাকা উত্তোলন কৰাৰ লগতে প্ৰাতঃপ্ৰসংগ কৰা হয় ৷গছপুলি ৰোপণ কৰে পূৱ সংমণ্ডলৰ প্ৰাধিকাৰী তথা প্ৰকৃতি প্ৰেমী কুমুদ বৰুৱাই৷সমগ্ৰ অসমৰ শাখা জিলাৰ পৰা আজি অনুষ্ঠিত শংকৰী সংগীতৰ প্ৰশিক্ষণ শিবিৰত সমগ্ৰ শাখা জিলাৰ পৰা অংশগ্ৰহণ কৰে ৷উক্ত শিবিৰত শংকৰী নৃত্য ,অংকীয়া নাট ,খোল বাদন শংকৰী কলা কৃষ্টিৰ প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষণ দিয়া হয়৷উক্ত অনুষ্ঠানত শংকৰ সংঘৰ বিশ্বনাথ জিলাৰ বিষয়ববীয়া আইমাতৃ বাপ সকল উপস্থিত থাকে৷
বিশ্বনাথৰ পৰা কৰণ শইকীয়া ৰিপৰ্ট