উপ–নির্বাচনঃ গোসাঁইগাঁও, তামুলপুৰ ইউপিপিএলক দিব এৰি

0 min read

ৰাজ্যত আৰম্ভ হৈছে বিধানসভাৰ উপ–নির্বাচনকেন্দ্রিক্ তৎপৰতা৷ শাসক দল বিজেপি আৰু বিৰোধী দল কংগ্রেছে ইতিমধ্যে উপ–নির্বাচনক লৈ সাংগঠনিক তৎপৰতা আৰম্ভ কৰিছে৷ বিজেপিয়ে মিত্রদল ইউপিপিএলৰে আসন বুজাবুজিৰে উপ–নির্বাচনত অৱতীর্ণ হোৱাৰ পৰিকল্পনা কৰাৰ বিপৰীতে কংগ্রেছে এইবাৰ অকলে নির্বাচনত অৱতীর্ণ হোৱাৰ চিন্তা–চর্চা কৰিছে৷

বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক তথা সাংসদ দিলীপ শইকীয়াই সংবাদ মাধ্যমক জানিবলৈ দিয়া মতে, উপ–নির্বাচন হ’বলগীয়া সমষ্টিসমূহৰ ভিতৰত তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিত মিত্রদল ইউপিপিএলে নির্বাচন খেলিব৷ বাকী চাৰিটা সমষ্টিত বিজেপিৰ নিজা প্রার্থী থাকিব৷ উল্লেখ্য যে তামুলপুৰ আৰু গোসাঁইগাঁও সমষ্টিৰ বিধায়কৰ মৃত্যু, মৰিয়নিৰ বিধায়ক ৰূপজ্যোতি কুর্মী আৰু থাওৰাৰ বিধায়ক সুশান্ত বৰগোহাঁইৰ বিজেপিত যোগদান, মাজুলীৰ বিধায়ক তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত হোৱাৰ পৰিপ্রেক্ষিতত উক্ত ৫টা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হ’ব৷

তদুপৰি এই মাহৰে শেষভাগত ভৱানীপুৰৰ এআইইউডিএফৰ বিধায়ক ফণীধৰ তালুকদাৰেও বিজেপিত যোগদান কৰিব৷ ইয়াৰ বাবে ভৱানীপুৰ সমষ্টিটোত উপ–নির্বাচন অনুষ্ঠিত হোৱাটো অৱধাৰিত হৈ পৰিছে৷

ইপিনে, বিৰোধী দল কংগ্রেছে উপ–নির্বাচনত অকলে অৱতীর্ণ হোৱাৰ চিন্তা–চর্চা কৰিছে৷ উপ–নির্বাচন হ’বলগীয়া সমষ্টিকেইটাৰ বাবে দলে গঠন কৰি দিয়া কমিটীয়ে সমষ্টিৰ তৃণমূল পর্যায়ৰ দলীয় কর্মীসকলে দলে নির্বাচনত অৱতীর্ণ হোৱাটো বিচাৰিছে বুলি প্রাৰম্ভিক প্রতিবেদন দাখিল কৰিছে৷ এই উপ–নির্বাচনৰ ফলাফলে চৰকাৰৰ স্থায়িত্বত যিহেতু কোনো প্রভাৱ নেপেলায়, সেয়ে সংগঠন শক্তিশালী কৰা আৰু তৃণমূল পর্যায়ৰ কর্মীৰ মনোবল বৃদ্ধিৰ বাবেই দলে অকলে নির্বাচনত অৱতীর্ণ হোৱাৰ পোষকতা কৰিছে বুলি প্রদেশ কংগ্রেছৰ সভাপতি ভূপেন বৰাই প্রকাশ কৰে৷

শেহতীয়াকৈ সভাপতি বৰাই নিজাববীয়াকৈ উপ–নির্বাচন হ’বলগীয়া সমষ্টিকেইটা ভ্রমণ কৰি দলীয় নেতা–কর্মীৰ মনোভাব বুজ লোৱাৰ কার্যসূচী গ্রহণ কৰিছে৷ সেই অনুসৰি ১৯ আগষ্টত মাজুলী, ২৩ আগষ্টত থাওৰা, ২৫ আগষ্টত মৰিয়নি, ২৮ আগষ্টত তামুলপুৰ আৰু ২৯ আগষ্টত গোসাঁইগাঁও সমষ্টিলৈ যাব৷

You May Also Like

More From Author