বিজেপিক আঁকোৱালি ল’লে সলনি হৈ যাব বিটিএডিৰ উন্নয়নৰ ৰূপৰেখা

0 min read

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বি টি আৰ চুক্তিৰ জৰিয়তে বি টি এ ডি অঞ্চলৰ ক্ষিপ্র উন্নয়নৰ বাবে উল্লেখযোগ্য পদক্ষেপ গ্রহণ কৰিছে৷ বি টি আৰবাসীয়ে বিজেপিক আন্তৰিকতাৰে আঁকোৱালি ল’লে অনাগত সময়ত বি টি আৰৰ উন্নয়নৰ ৰূপৰেখা সলনি হৈ যাব৷ –এই মন্তব্য কৰিছে অসমৰ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷ কোকৰাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয় খেলপথাৰত ১৩ আৰু ১৪ অক্টোবৰত দুদিনীয়াকৈ অনুষ্ঠিত বিজেপিৰ ৰাজ্যিক জনজাতি মর্চাৰ কার্যনির্বাহক সভাৰ বুধবাৰে অন্তিম দিনৰ কার্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকি দলীয় কর্মকর্তাসকলক উদ্দেশ্যি দিয়া ভাষণত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে লগতে কয় যে প্রধানমন্ত্রী মোদীয়ে সবকা সাথ সবকা বিকাশৰ মন্ত্রৰে দেশৰ প্রতিটো সৰু–বৰ জাতি, জনগোষ্ঠীক আগুৱাই নিব বিচাৰিছে৷ অসমত বসবাস কৰা জনজাতি লোকসকলৰ বিকাশৰ বাবেও দল আৰু চৰকাৰে সমানেই দায়বদ্ধ৷ আর্থ–সামাজিক, শৈক্ষিক, ৰাজনৈতিক আদি দিশত অন্যান্য জনগোষ্ঠীসমূহৰ তুলনাত জনজাতীয় লোকসকলেও যাতে সমানে আগুৱাই যাব পাৰে, তাৰ প্রতি লক্ষ্য ৰাখি চৰকাৰে তেওঁলোকৰ উন্নয়নক গুৰুত্ব সহকাৰে গ্রহণ কৰি বিভিন্ন ধৰণৰ উন্নয়নমূলক আঁচনি গ্রহণ কৰিছে৷ এই আঁচনিসমূহৰ জৰিয়তে জনজাতি যুৱক–যুৱতীসকলক্ আত্মনির্ভৰশীল গঢ়ি তুলিব বিচৰা হৈছে৷ প্রধানমন্ত্রী মোদীৰ ছবছৰীযা শাসনকাল আৰু ৰাজ্যৰ শাসন ক্ষমতাত থকা বিজেপি চৰকাৰৰ চাৰে চাৰি বছৰীয়া শাসনকালছোৱাত জনজাতি লোকসকল বহুখিনি আগুৱাই যাবলৈ সক্ষম হৈছে৷ চৰকাৰে গ্রহণ কৰা উন্নয়নমূলক আঁচনিসমূহৰ সুফল যাতে জনজাতি লোকসকলে ভোগ কৰিব পাৰে, তাৰ বাবে চৰকাৰ, প্রশাসনৰ লগতে বিজেপিৰ জনজাতি মর্চাৰ কর্মকর্তাসকলেও সমানে কাম কৰিব লাগিব৷ ৰাজ্যখনৰ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ ৩৯খন জিলাত সিঁচৰতি হৈ থকা ৭০ লাখ জনজাতি পৰিয়ালৰ ঘৰে ঘৰে গৈ জনজাতি মর্চাৰ কর্মকর্তাসকল চৰকাৰী আঁচনিসমূহৰ বিষয়ে অৱগত কৰিব লাগিব৷ মুখ্যমন্ত্রী সোণোৱালে আৰু কয় যে প্রধানমন্ত্রীয়ে আত্মনির্ভৰ ভাৰত গঢ়াৰ বাবে ২০ লাখ কোটি টকাৰ আঁচনি ঘোষণা কৰিছে৷ তদুপৰি জনজাতি সমাজৰ পৰা অন্ধবিশ্বাস, কুসংস্কাৰ আদি নিমূল কৰাৰ বাবেও জনজাতি মর্চাই আগভাগ ল’ব লাগিব৷ গাঁও হওক বা চহৰে হওক, প্রতিটো অঞ্চলত বসবাস কৰা জনজাতি লোকসকলক আধুনিক ধ্যান–ধাৰণাৰ সৈতে পৰিচয় কৰি দিব লাগিব৷ এটা জনগোষ্ঠী এককভাৱে আগুৱাই যাব নোৱাৰে৷ সমন্বয়ৰ দ্বাৰাহে বিকাশ সম্ভৱ হ’ব৷ অসমত থকা প্রতিটো জাতি, জনগোষ্ঠীয়ে পৰস্পৰক আন্তৰিকতাৰে গ্রহণ কৰিব পাৰিব লাগিব বুলি কয় মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে৷

ইপিনে দেশৰ প্রধানমন্ত্রী মোদীয়ে বি টি আৰ চুক্তিৰ প্রতিটো দফাৰ সফল ৰূপায়ণ কৰাৰ প্রতিশ্রুতি দিছে আৰু সেই প্রতিশ্রুতিৰ অংশ হিচাপে ইতিমধ্যে বি টি আৰ চুক্তিৰ কেইবাটাও দফা ক্ষিপ্রতাৰে ৰূপায়ণ কৰি থকা হৈছে বুলিও ভাষণত কয় মুখ্যমন্ত্রীগৰাকীয়ে৷ তদুপৰি চুক্তিৰ বাকী থকা আন দফাসমূহ বি টি আৰবাসী ৰাইজৰ উন্নয়নৰ বাবে ক্ষিপ্রতাৰে ৰূপায়ণ কৰা হ’ব৷ লগতে অহা ডিচেম্বৰ মাহত বি টি আৰৰ নির্বাচন অনুষ্ঠিত হ’ব আৰু উক্ত নির্বাচনত যদি বিজেপিক বি টি আৰবাসী সকলো জাতি, জনগোষ্ঠীৰ ৰাইজে আস্থা আৰু বিশ্বাসত লৈ হূদয়ৰ পৰা গ্রহণ কৰে, তেন্তে বি টি আৰ অঞ্চলতো বিজেপি চৰকাৰ গঠন হোৱাটো নিশ্চিত৷ বিজেপিয়ে বি টি আৰত চৰকাৰ গঠন কৰিলে অঞ্চলটোৰ আটাইবোৰ জাতি–জনগোষ্ঠীৰ ভাষা–ভাষী, ধর্মাৱলম্বী লোকক একেলগে লৈ এখন সর্বাংগসুন্দৰ বি টি আৰ গঠনৰ প্রচেষ্টা চলোৱাৰ আশ্বাস দিয়ে সোণোৱালে৷ অকল শৈক্ষিক ক্ষেত্রখনতেই নহয়, উদ্যোগ, যাতায়াত, পর্যটন, ভাষা, সংস্কৃতি প্রতিটো ক্ষেত্রৰ উন্নয়নৰ বাবে গুৰুত্ব প্রদান কৰা হ’ব বুলিও মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে সদৰী কৰিছে৷ অসমৰ ৩৯খন জিলাৰ পৰা অহা ৩২৯গৰাকী জনজাতি মর্চাৰ কর্মকর্তাক নিজ নিজ জিলাত সমন্বয়ৰ বতৰা কঢ়িয়াই নি জনজাতি সমাজৰ লগতে অসমৰ সামগ্রিক উন্নয়নৰ হকে কাম কৰি যাবলৈকো আহ্বান জনাইছে মুখ্যমন্ত্রী সোণোৱালে৷ উল্লেখ্য যে বিজেপিৰ ৰাজ্যিক জনজাতি মর্চাৰ সভাপতি হৰেন দেউৰীৰ সভাপতিত্ব অনুষ্ঠিত আজিৰ সভাত মঙলদৈৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, ডিব্রুগডৰ সাংসদ তথা কেন্দ্রীয় মন্ত্রী ৰামেশ্বৰ তেলী, ডিমা হাছাওৰ মুখ্য কার্যবাহী দেবুলাল গার্লোচা, মৰিগাঁৱৰ বিজেপি বিধায়ক ৰমাকান্ত দেউৰী, মন্ত্রী চুম ৰংহাং, সোণোৱাল কছাৰী স্বায়ত্ত পৰিষদৰ মুখ্য কার্যবাহী দিপুৰঞ্জন মাক্রাৰীৰ লগতে কেইবাগৰাকীও শীর্ষ বিজেপি নেতাই অংশগ্রহণ কৰে৷ ইপিনে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক আৱর্ত ভৱনত উপস্থিত হোৱাাত বি পি এফৰ সভাপতি হাগ্রামা মহিলাৰী, সাধাৰণ সম্পাদক প্রবীণ বডো, এবছুৰ সাধাৰণ সম্পাদক লৰেন্স ইছলাৰী আৰু বডোলেণ্ড জনজাতি সুৰক্ষা মঞ্চৰ নেতাসকলে সাক্ষাৎ কৰি স্মাৰক–পত্র প্রদান কৰে৷

You May Also Like

More From Author