উচ্চৰক্তচাপ বা হাই প্ৰেচাৰৰ সমস্যা আছে যদি এই কেইবিধ খাদ্য পৰিহাৰ কৰক

উচ্চৰক্তচাপ বা হাই প্ৰেচাৰৰ সমস্যা আছে যদি এই কেইবিধ খাদ্য পৰিহাৰ কৰক

নিমখঃ

হাইপ্ৰেচাৰৰ অন্যতম কাৰণ হৈছে শৰীৰত অত্যাধিক চডিয়াম জমা হোৱা। সেইবাবে যিসকলৰ এই সমস্যা আছে খুব কম পৰিমানে নিমখ দি প্ৰস্তুত কৰা খাদ্য হে গ্ৰহণ কৰিব লাগে।

ফাষ্টফুডঃ

ফাষ্টফুডত উচ্চ ৰক্তচাপ বৃদ্ধি কৰিব পৰা উপাদান থাকে। লগতে তেলত ভঁজা অধিক চৰ্বি যুক্ত মুখৰোচক খাদ্য খোৱাৰ পৰাও বিৰত থাকিব লাগে।

কফিঃ

উচ্চ ৰক্তচাপ থাকিলে অতিৰিক্ত চাহ আৰু কফি খোৱাটো অনুচিত। কাৰণ কেফেইনে ৰক্তনলীক উত্তেজিত কৰি ৰক্ত সঞ্চালন দ্ৰুত কৰে আৰু ৰক্তচাপ বৃদ্ধি কৰিব পাৰে।

ৰেড মিটঃ

ৰেড মিট যেনে ছাগলী, গাহৰী, গো মাংস, হাঁহৰ মাংস আদি বৰ্জন কৰাটো জৰুৰী।

কণীৰ কুহুমঃ

কণীৰ কুহুম হাই প্ৰেচাৰ থকা ৰোগীয়ে খাব নালাগে। কণীৰ কুহুমে ৰক্তচাপ বৃদ্ধি কৰে।

এলকহল আৰু চফট ড্ৰিংকছঃ

এলকহল আৰু চফট ড্ৰিংকছত প্ৰচুৰ কেলৰী থাকে। লগতে এই পনীয় খালে দ্ৰুতভাৱে ৰক্তচাপ বৃদ্ধি পায়।

GTM Desk

Related