বিশ্বৰ বৃহত্তম নীলা হীৰা নিলাম হ’ল ৪৩৬ কোটি টকাত

0 min read

অভিলেখ সৃষ্টিৰে হংকঙত নিলাম হ’ল আটাইতকৈ বৃহৎ হীৰাৰ টুকুৰা৷ ইয়াৰ মূল্য উঠিল ৫৭.৫ নিযুত মার্কিন ডলাৰ৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত ৪৩৬ কোটি টকাৰো বেছি৷ এই সুদৃশ্য নীলাভ হীৰাটুকুৰাৰ নাম ‘দ্য ডি বিয়ার্ছ কুল্লিনান ব্লু’৷ ১৫.১০ কেৰেটৰ হীৰাখণ্ডৰ আনুমানিক মূল্য ধৰা হৈছিল প্রায় ৩৬৪ কোটি টকা৷ কিন্তু নিলামত এই হীৰাটুকুৰাক লৈ গ্রাহকৰ তীব্র টনা–আঁজোৰা আৰম্ভ হয়৷ ৮ মিনিট ধৰি নিলাম প্রক্রিয়া চলাৰ পিছত অজ্ঞাত পৰিচয়ৰ ব্যক্তি এগৰাকীয়ে টেলিফোনৰ জৰিয়তে সর্বোচ্চ দাম দি হীৰাটুকুৰা ক্রয় কৰে৷ ২০২১ চনত আফ্রিকাৰ কুল্লিনান খনিত পোৱা গৈছিল এই হীৰাটুকুৰা৷ হীৰাৰ গুণমান নিৰূপণকাৰী সংস্থা জেম’ল’জিকেল ইনষ্টিটিউট অৱ আমেৰিকাই ৰং আৰু গঠনৰ ওপৰত ভিত্তি কৰি এই হীৰাবিধ অতি বিৰল ‘ফ্রাঞ্চি ভিভিড ব্লু’ বুলি চিহ্ণিত কৰে৷ নিলামকাৰী সংস্থাই দাবী কৰা অনুসৰি, এতিয়ালৈকে সংস্থাটোৱে যিমান হীৰা নিলাম কৰিছে, তাৰ ভিতৰত মাত্র ৫ টুকুৰাৰ ওজন ১০ কেৰেটৰ বেছি আছিল৷ ১৫ কেৰেটৰ বেছি ওজনৰ এইটুকুৰাই আছিল প্রথম নীল বৰণীয়া হীৰা

You May Also Like

More From Author