ফে’চবুকত ধর্ম বিষয়ক কটুক্তিৰ বাবেই বাংলাদেশী ছাত্রীক পাঁচ বছৰৰ কাৰাদণ্ড

ফে’চবুকত ধর্ম বিষয়ক কটুক্তিৰ বাবেই বাংলাদেশী ছাত্রীক পাঁচ বছৰৰ কাৰাদণ্ড

ধৰ্মীয়ৰ কটুক্তিৰ পৰিপ্ৰেক্ষিতত কঠোৰ শাস্তি লাভ কৰিলে বাংলাদেশৰ এগৰাকী ছাত্ৰীয়ে। জগন্নাথ বিশ্ববিদ্যালয়ৰ ছাত্ৰীক তিথি সৰকাৰক ধৰ্মীয় কটুক্তিৰ অভিযোগত দোষী সাব্যস্ত কৰি ঢাকাৰ চাইবাৰ আদালতে পাঁচ বছৰৰ কাৰাদণ্ডৰ ৰায় দিলে।

অলপতে তিথিৰ বিৰুদ্ধে ফে’চবুকত ধর্মীয় অৱমাননামূলক মন্তব্য কৰাৰ অভিযোগ উঠিছিল। অৱশ্যে তিথিয়ে সেই সময়ত তেওঁৰ ফে’চবুক হেক হোৱা বুলি দাবী কৰিছিল। সেই সময়তে হঠাতে সন্ধানহীন হৈছিল ছাত্ৰীগৰাকী। পাছত চিআইডিৰ মালিবাগ কাৰ্যালয়ৰ পৰা হাত-ভৰি বান্ধি থোৱা অৱস্থাত তিথিক উদ্ধাৰ কৰা হৈছিল।

তিথিৰ বিৰুদ্ধে উত্থাপিত ধর্মীয় কটূক্তিৰ গোচৰত বিচাৰ চলাই ন্যায়াধীশ এ এম জুলফিকাৰ হায়াতে তেওঁক দোষী সাব্যস্ত কৰি পাঁচ বছৰৰ কাৰাদণ্ডৰ ৰায় দিলে। অৱশ্যে যদি তিথিয়ে নিজকে সংশোধনগাৰলৈ গৈ সংশোধন কৰে তেন্তে তেওঁ কাৰাদণ্ড ভুগিব নালাগিব বুলিও ৰায়ত ন্যায়াধীশজনে উল্লেখ কৰিছে।

Shahnawaz Hamza

Related