টালি টোপোলা মাৰি চলিছে শক্তি বিভাগঃ বাহঁৰ খুটাৰে বিদ্যুৎ সেৱা
মূল্যবৃদ্ধি ৰোধৰ শ্ল’গানেৰে গাদী দখল কৰা বিজেপি চৰকাৰৰ কাৰ্যকালত নিত্য প্রয়োজনীয় সামগ্ৰীৰ অনিয়ন্ত্রণহীন মূল্যবৃদ্ধিয়ে ৰাজ্যবাসীক জুৰুলা কৰিছে। সমান্তৰালকৈ ভূতৰ ওপৰত দানহ পৰাদি পৰিছে বৰ্ধিত বিদ্যুত মাচুল। যেন নিয়ন্ত্রণহীন হৈ পৰিছে বিদ্যুত মাচুল। শক্তি বিভাগ আছে কিন্তু ৰাইজৰ দুখ-দুৰ্দশা শুনিবলৈ আহৰি নাই। শক্তিমন্ত্ৰী নন্দিতা গাৰ্লোচাও এই ক্ষেত্ৰত নিমাত। চকুমুদা কুলিৰ ভাৱত শক্তি বিভাগ। কি হব, কোনে শুনিব এক অবৰ্ননীয় অৱস্থা। মাহেকৰ মূৰকত অহা কাৰেণ্টৰ বিলে শৰগ ভাঙি পৰাদি পৰিছে সাধাৰণ জনতাৰ মূৰত।
বৰ্ধিত বিদ্যুত মাচুলেৰে জ্বলা কলা খুৱাই ৰাজ্যবাসীক অতিষ্ঠ কৰি তোলা বিদ্যুত বিভাগৰ কাণ্ডজ্ঞানহীনতা এতিয়াও শেষ হোৱা নাই।
এইবাৰ বঙাইগাঁও জিলাৰ বিজনী উপসংমণ্ডলৰ ঝাউবাৰী নোৱাগাঁৱত বিপদসংকুলভাৱে বাঁহৰ খুঁটাত সংযোগ কৰা হৈছে উচ্চ ক্ষমতাসম্পন্ন বিদ্যুত পৰিবাহী তাঁৰ। যাৰ ফলত যিকোনো মূহূৰ্ততে সংঘটিত হব পাৰে ভয়ংকৰ দুৰ্ঘটনা। ঠায়ে ঠায়ে হাতে চুব পৰা অৱস্থাত আছে তাঁৰসমূহ। ৰাইজে অভিযোগ কৰা অনুসৰি, চৰকাৰ সলনি হলেও আজিও সলনি নহল ৫০-৬০ বছৰে এনেদৰে থকা বিদ্যুতৰ বাহৰ খুঁটাসমূহ। যাৰ বাবে এই খুটাসমূহ পৰিৱৰ্তনৰ বাবে দাবী জনাইছে স্থানীয় ৰাইজে।


