সুপ্রাচীন আৰু বৰ্ণাঢ্য লোক সংস্কৃতিৰে সমৃদ্ধ বড়োসকল অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি আৰু ভাষা সাহিত্যৰ অমূল্য ৰত্নঃ মুখ্যমন্ত্ৰী

সুপ্রাচীন আৰু বৰ্ণাঢ্য লোক সংস্কৃতিৰে সমৃদ্ধ বড়োসকল অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি আৰু ভাষা সাহিত্যৰ অমূল্য ৰত্নঃ মুখ্যমন্ত্ৰী
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কৈছে যে সুপ্রাচীন প্রজ্ঞা আৰু বৰ্ণাঢ্য লোক সংস্কৃতিৰে সমৃদ্ধ বড়োসকল অসমৰ বাৰেৰহনীয়া কৃষ্টি-সংস্কৃতি আৰু ভাষা সাহিত্যৰ অমূল্য ৰত্ন। কোকৰাঝাৰ জিলাৰ পাটগাওঁত ৰাণী খালাইশ্রী ফৌথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬২ সংখ্যক কেন্দ্ৰীয় অধিবেশনৰ মুকলি সভাত অংশগ্রহণ কৰি তেওঁ এই কথা প্ৰকাশ কৰে।
তেওঁ কয় যে, বিগত দশকসমূহত বড়ো জনগোষ্ঠীক অধিক গতিশীল আৰু প্রানৱন্ত কৰাত বড়ো সাহিত্য সভাই বৃহৎ ভূমিকা গ্ৰহণ কৰি আহিছে। তেওঁ কয় যে, বড়ো সাহিত্য সভাই জনগোষ্ঠীটোৰ ভাষা, লোকসংস্কৃতি আৰু ঐতিহাসিক পৰম্পৰা সমৃদ্ধিশালী কৰিছে। মুখ্যমন্ত্ৰীগৰাকীয়ে বড়ো সাহিত্য সভাৰ বিশেষ ভূমিকা গ্ৰহণ কৰা উল্লেখযোগ্য ব্যক্তিসকলৰ প্ৰতি অনুষ্ঠানত শ্ৰদ্ধা জ্ঞাপন কৰে। বড়োসকলৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰত বদৌফা উপেন্দ্ৰ নাথ ব্ৰহ্মই লোৱা ভূমিকাৰ কথা উল্লেখ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই অহা ৩১ মাৰ্চত সমগ্ৰ ৰাজ্যতে ছাত্ৰ দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হৈছে বুলি প্ৰকাশ কৰে।
অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° শৰ্মাই অহা বছৰৰ পৰা দ্বাদশ শ্ৰেণীলৈকে বড়ো মাধ্যমত শিক্ষা প্রদান কৰা হ’ব বুলি ঘোষণা কৰে। তেওঁ বিটিআৰৰ আৰু ১০ খন মহাবিদ্যালয় প্ৰাদেশিকীকৰণ কৰা হ’ব বুলি ঘোষণা কৰে। ড° শৰ্মাই বড়োলেণ্ড প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত ইউ পি এছ ছি আৰু এ পি এছ ছিৰ বিষয়াসকলৰ বাবে বাধ্যতামূলকভাৱে বড়ো ভাষাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব বুলি উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে বড়ো সাহিত্য সভা, নিখিল বড়ো ছাত্ৰ সন্থা আৰু বিটিআৰ প্ৰশাসনে শৈক্ষিক দিশৰ উন্নয়ন সাধনৰ বাবে সুক্ষ্মভাৱে বিশ্লেষণ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।
এইক্ষেত্ৰত ৰাজ্যৰ জনগোষ্ঠীসমূহৰ নৱপ্ৰজন্মই প্রতিযোগিতামূলক মানসিকতাৰে আগুৱাই যোৱাৰ ক্ষেত্ৰত ঐকান্তিকতাৰে কাম কৰিব বুলি তেওঁ মত প্রকাশ কৰে। বড়ো সাহিত্য সভাক এখন উন্নত বড়ো অভিধান প্ৰস্তুত কৰিবলৈ আহ্বান জনাই তেওঁ ইয়াৰ বাবে ৰাজ্য চৰকাৰে আৰ্থিক সাহায্য আগবঢ়াব বুলি মন্তব্য কৰে। অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰী, বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো, হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ মন্ত্ৰী ইউ জি ব্ৰহ্ম, কাৰ্বি আংলং স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি ভালেমান ব্যক্তি উপস্থিত থাকে।

GTM Desk