22.1 C
Assam
Wednesday, March 29, 2023

Featured News

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা ৰাইজৰ ওপৰত স্প্ৰে!

গাহৰি ফাৰ্মৰ দুৰ্গন্ধৰ বাবে প্ৰতিবাদ কৰিবলৈ অহা...

চাপৰত বৃহৎ পৰিমাণৰ ড্ৰাগছ জব্দ, গ্ৰেপ্তাৰ এজন

চাপৰৰ হাতীপোতাত আৰক্ষীৰ অভিযান। অভিযানত জব্দ বৃহৎ পৰিমাণৰ...

ঘোচ লৈ হাত দাঙিলে চৰকাৰী বিষয়া মিচবাহ উদ্দিন লস্কৰে।

▶️ পুনৰ হাত দাঙিলে লাট মণ্ডলে। শিলচৰত...

বঙাইগাঁৱৰ এই ঐতিহাসিক দৌলোৎসৱৰ বিষয়ে আপুনি জানেনে?

Assamese Newsবঙাইগাঁৱৰ এই ঐতিহাসিক দৌলোৎসৱৰ বিষয়ে আপুনি জানেনে?

প্ৰদূষণ, কোলাহল আদিৰে ভৰা অস্থিৰ পৃথিৱীৰ ‌পৰা আঁতৰি শান্ত আৰু নিৰ্মল পৰিবেশত বঙাইগাঁও জিলাৰ সৃজনগ্ৰামৰ সস্তৰত আই নৈৰ পাৰত নীৰৱে ভক্তসকলৰ মনোবাঞ্ছা পূৰ্ণ কৰিবলৈ বহি আছে পালনকৰ্তা ভগৱান বিষ্ণুৰ অৱতাৰ শ্ৰীশ্ৰী ৰামচন্দ্ৰ, শেষ নাগ অৱতাৰ শ্ৰী লক্ষ্মণ আৰু দেৱী লক্ষ্মীৰ অৱতাৰ মাতা সীতা দেৱী।

লোক কথা অনুসৰি, স্থানীয় আশ্ৰম এখনৰ পূজাৰীজনে সপোনত প্ৰভু শ্ৰীৰাম, লক্ষ্মণ আৰু সীতা মাতা আইনৈৰ ঘাটত আহি উপস্থিত হোৱা কথা স্থানীয় ৰাইজৰ আগত অৱগত কৰে আৰু তেতিয়া ৰাইজে নৈৰ পাৰলৈ উদ্ধাৰৰ বাবে যায় যদিও তাৰ পিছৰ দিনাহে তিনিওটা বিগ্ৰহ কঢ়িয়াই লৈ আহিবলৈ সক্ষম হৈছিল।
কঢ়িয়াই আহি থাকোতে যি ঠাইত মানুহবোৰে ভাগৰুৱা অনুভৱ কৰি জিৰণি লৈছিল , পিছত সেই জিৰণি লোৱা ঠাইৰ পৰা প্ৰতিমা তিনিটা লৰচৰ কৰিবলৈ ‌সক্ষম হোৱা নাছিল ফলস্বৰূপে সেই ঠাইতেই খেৰ, বাঁহেৰে মন্দিৰ এটা সাজি পূজা ‌অৰ্চনাৰ স্থাপন কৰিছিল ।

ড০ কেশৱানন্দ গোস্বামীৰ ” অসমৰ‌ সত্ৰ সংস্কৃতিৰ ৰূপৰেখা” , ড০ মহেশ্বৰ নেওগৰ “পবিত্ৰ অসম” , অম্বিকাচৰণ চৌধুৰীৰ “ৰত্নপীঠত এভূমুকি” পুথিকেইখনত এই সত্ৰখনৰ বিষয়ে পোৱা যায় ।
এই সত্ৰখনত উদযাপন হোৱা মূল উৎসৱটো ‌হল – ৰাজ দৌল আৰু পঞ্চমী দৌল । ইয়াৰ উপৰিও আন সত্ৰ বা নামঘৰত উদযাপিত হোৱা উৎসৱসমূহো পালন কৰা হয়।
চাৰিদিনীয়া কাৰ্যসূচীৰে ধূম ধামেৰে দৌল উৎসৱ পালন কৰা হয়। চতুৰ্থ দিনৰ দিনা পূব খামাৰপাৰা গাঁৱৰ ‌পথাৰলৈ সুৱেৰী অনুষ্ঠানৰ বাবে গোসাঁইক লৈ যোৱা হয় ।বছৰ বছৰ ধৰি একেডোখৰ ঠাইতেই গোসাঁইক আনি বহুওৱা হয় ।

গোসাঁইৰ ‌কঢ়িওয়াৰ কামটোও বছৰ বছৰ ধৰি একেটা ‌বংশৰে মানুহে পুৰুষ অনুসৰি কৰি আহিছে ।
দৌলৰ সময়ত ‌অগনন ভক্তই আশিষ বিচাৰি প্ৰায় পাঁচশ বছৰ পুৰণি শ্ৰীশ্ৰী ৰঘুনাথ বিগ্ৰহ মন্দিৰ সত্ৰলৈ ধাপলি মেলি আহে ।

হাতত ধেনু কাঁড়লৈ বহি থকা অৱস্থাত বিৰাজমান সেউজীয়া ৰঙৰ ৰামৰ বিগ্ৰহ । ৰামৰ সোঁফালে জনক নন্দিনী দেৱী সীতা বহি সোঁহাতেৰে আশীৰ্বাদ‌ প্ৰদানৰত অৱস্থাত দৃশ্যমান।
ৰামৰ বাঁওফালে শেষনাগৰ অৱতাৰ ভ্ৰাতা লক্ষ্মণ থিয়হৈ থকা অৱস্থাত বিৰাজমান।

বিগ্ৰহ কেইটাৰ বয়সটো কিমান সেয়া জানিবলৈ পোৱা নাযায় , কিন্তু পোৰামাটিৰ ভাস্কৰ্যৰ উন্নত নিদৰ্শন দেখিবলৈ পোৱা যায় আৰু ‌সেই অনুসৰি পাঁচশৰ পৰা এহেজাৰ বছৰ পুৰণি বুলি অনুমান কৰিব পাৰি ।
এই সত্ৰত পঞ্চাশৰো অধিক সাঁচিপাতৰ পৃষ্ঠা পোৱা যায়।

পৰম্পৰাগত পূজা আৰু নামধৰ্মৰ সমান ব্যৱহাৰ হোৱা ৰঘুনাথ বিগ্ৰহ মন্দিৰৰ দৌল স্থানীয় লোকৰ মাজত ৰাম প্ৰভুৰ দৌল আৰু বৰগোহাঁইৰ দৌল বুলি পৰিচিত। ইয়াৰ উপৰিও বিজনী ৰাজ্যৰ ৰজা তথা গৌৰীপুৰ আৰু বিজনীৰ জমিদাৰৰ দিনত তেওঁলোকে দৌলত সহায় সহযোগিতা আগবঢ়াইছিল ‌বাবে ৰজাৰ দৌল বুলিও কোৱা হয় ।

হৃষীকেশ ৰায়

Check out our other content

Check out other tags:

Most Popular Articles

error: Content is protected !!