বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ চেনীখোৱাত কুজিয়া নৈত গা ধুৱলৈ গৈ সন্ধানহীন এজন ছাত্র…

বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ চেনীখোৱাত কুজিয়া নৈত গা ধুৱলৈ গৈ সন্ধানহীন এজন ছাত্র…

সন্ধানহীন ছাত্ৰজন অভয়াপুৰী দেওহাটীৰ ৰিদিপ ৰায়।

সপ্তম শ্ৰেণীৰ ছাত্র জনে দিনত এজন বন্ধুৰ সৈতে গা ধুৱলৈ গৈছিল কুজিয়া নৈত।

গা ধুই থকা অৱস্থাত নৈৰ সোতত দুয়ো ডুব যায় ।

নৈৰ পাৰত থকা স্থানীয় লগে লগে বন্ধু জনক উদ্ধাৰ কৰে যদিও ৰিদিপ ৰায়ক পানীৰ সোতে উটুৱাই লৈ যায়।

ইতিমধ্যে সন্ধানহীন ছাত্ৰ জনৰ উদ্ধাৰৰ বাবে SDRF বাহিনীয়ে অভিযান অব্যাহত ৰাখিছে।

এতিয়ালৈকে ছাত্ৰজনৰ সন্ধান উলিয়াব পৰা নাই অভিযানকাৰী দলটোৱে।

তপন ৰাজবংশী, অভয়াপুৰী

GTM Desk